ETV Bharat / politics

কমি আহিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যা - Tea Tribe Community - TEA TRIBE COMMUNITY

Representative from tea tribe community: সংসদ আৰু বিধানসভা উভয়তে পূৰ্বৰ তুলনাত কমিছে চাহ জনগোষ্ঠীৰ প্ৰতিনিধি । বিধানসভাত সংখ্যা ১২ৰ পৰা হ্ৰাস পালে ৫ লৈ । সংসদতো তিনিজনৰ পৰা নামিল দুজনলৈ ।

Representative from tea tribe community
কমি আহিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 6:50 PM IST

গুৱাহাটী, ১৫ জুন : বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত গঢ় লৈ উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে । এই ঐতিহ্যই প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক সমন্বয়ৰ জাতি । এই সমন্বয়ত চাহ জনগোষ্ঠীও অন্যতম । অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ । অসমৰ মুঠ জনসংখ্যাৰ ১৮ শতাংশ চাহ জনগোষ্ঠীৰ । অসমৰ এই বৃহৎ জনগোষ্ঠীটো কিন্তু সময়ৰ সৈতে সমানে আগুৱাই যাবলৈ সক্ষম হোৱা নাই । বিভিন্ন কাৰণত এই জনগোষ্ঠীটো বিভিন্ন দিশত শোষিত-বঞ্চিত হৈ পিচপৰি আছে । প্ৰায় ৬৫ লাখ জনসংখ্যাৰ চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যাও লাহে লাহে কমি আহিছে ।

লোকসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি :

বৃহত্তৰ অসমীয়া জাতিৰ অংগ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে পূৰ্বৰে পৰা সংসদত জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আহিছে ৷ ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ লোকসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীৰ তিনিজন প্ৰতিনিধি আছিল ৷ তেওঁলোক আছিল ক্ৰমে হৰেন ভূমিজ, ভদ্ৰেশ্বৰ তাঁতী আৰু পৃথ্বী মাঝি ।

২০০৯ চনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত জনগোষ্ঠীটোৰ তিনি প্ৰতিনিধি আছিল পৱন সিং ঘাটোৱাৰ, যোচেফ টপ্প আৰু চিলভিয়াছ কন্দপান । ২০১৪ৰ সময়ছোৱাত সংসদৰ দুয়োখন সদনত প্ৰতিনিধিত্ব কৰিছিল ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা আৰু শান্তিয়াছ কুজুৰে । অৱশ্যে কেবাটাও কাৰ্যকালত সংসদত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি এজন-দুজনো আছিল ।

লগতে পঢ়ক: চাহ বাগিচাৰ ৰাস্তাৰ বাবে কেবিনেটৰ ৮০০ কোটি টকাৰ অনুমোদন

লক্ষ্যণীয় বিষয় যে ৰাজ্যৰ অন্যতম বৃহৎ চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে যদিও জনপ্ৰতিনিধিৰ সংখ্যা বৃদ্ধি পোৱা নাই । বৰং হ্ৰাসহে হৈছে ।

বিধানসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি :

সংসদৰ দৰে অসম বিধানসভাৰো পূৰ্বৰে পৰা শোভা বৃদ্ধি কৰি আহিছে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ৷ ১৯৮৫ চনত অসম বিধানসভাত চাহ জনগোষ্ঠীটোৰ বিধায়কৰ সংখ্যা আছিল ১১ গৰাকী ৷ সেইদৰে ১৯৯১ আৰু ২০০৬ চনৰ বিধানসভাৰ নিৰ্বাচনত ১০ গৰাকীকৈ চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচিত হৈছিল ৷

আনহাতে ১৯৯৬, ২০০১ আৰু ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ আহিছিল জনগোষ্ঠীটোৰ ১২ গৰাকীকৈ প্ৰতিনিধি । কিন্তু ২০১৬ চনৰ নিৰ্বাচনত বিধানসভাত জনগোষ্ঠীটোৰ বিধায়কৰ সংখ্যা আঠগৰাকীলৈ হ্ৰাস পায় । বিধায়ককেইগৰাকী হৈছে পল্লৱ লোচন দাস, দুর্গা ভূমিজ, কৃপানাথ মাল্লা, ৰাজদীপ গোৱালা, ৰ’জলিনা তিৰ্কী, ৰূপজ্যোতি কুৰ্মী, সঞ্জয় কিষাণ আৰু তেৰছ গোৱালা ।

লগতে পঢ়ক: চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ

আনহাতে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত চাহ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বিধায়কৰ সংখ্যা পাঁচগৰাকীলৈ হ্ৰাস পায় । তেওঁলোক হৈছে ক্ৰমে সঞ্জয় কিষাণ, তেৰছ গোৱালা, ৰূপজ্যোতি কুৰ্মী, কৃষ্ণ কমল তাঁতী আৰু ৰূপেশ গোৱালা ।

উপেক্ষিত হৈছে নেকি জনগোষ্ঠীটো :

অসমৰ বৃহৎ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সংখ্যা বিধানসভা আৰু সংসদত কমি আহিছে । ইয়াৰ মূলতে ৰাজনৈতিক দলসমূহে নেতৃত্ব দিব পৰা জনগোষ্ঠীটোৰ প্ৰতিনিধিসকলক আগুৱাই দিয়া নাই । নিৰ্বাচনত যিদৰে প্ৰতিনিধিত্বৰ সুযোগ দিব লাগে সেইদৰে দিয়া নাই । যাৰ ফলত কমি আহিছে সংখ্যা ।

লক্ষ্যণীয় বিষয় যে ভোটৰ সময়ত সকলো ৰাজনৈতিক দলৰে চাহ জনগোষ্ঠীটোৰ কথা মনলৈ আহে । ভোটৰ অংকত জনগোষ্ঠীটোৰ সুখ-দুখৰ সকলো সমভাগী হয় ৷ প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় । কিন্তু ভোট গ'লে সকলো পাহৰি যায় । জনগোষ্ঠীটোৰ হকে সংসদ নাইবা বিধানসভাত সজোৰে মাত মতাৰ বাবে প্ৰতিনিধি প্ৰেৰণৰ ক্ষেত্ৰত কোনো দলে উদ্যোগ লোৱা পৰিলক্ষিত নহয় ।

আনহাতে জনগোষ্ঠীটোৰ একাংশ নেতাই বৃহত্তৰ জনগোষ্ঠীৰ বিপৰীতে নিজৰ স্বাৰ্থ পূৰণতহে অধিক মনোনিৱেশ কৰে ।

লগতে পঢ়ক: ভূমি পট্টা লাগে : পাঁচ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদে কঁপালে কলিয়াবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.