ETV Bharat / politics

আসন্ন ফলাফলক লৈ আত্মবিশ্বাসী ভূপেন বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 4:04 PM IST

Bhupen Bora visits Sonari : প্ৰাক নিৰ্বাচনী সমীক্ষা অথবা এগজিট প’লৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দেশৰ বিজেপি নেতাসকলে কৈ থকা কথাবোৰহে সমীক্ষাত প্ৰকাশ পোৱা বুলি মন্তব্য কৰে বৰাই ৷ নেতাগৰাকীয়ে আৰু কি কি ক’লে চাওক এই প্ৰতিবেদনত ৷

LOK SABHA ELECTION 2024
4 জুনৰ দিনটোত ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল (Etv Bharat Assam)

মৰাণ, 3 জুন : সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই 4 জুনৰ দিনটোত ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ যি ফলাফলক লৈ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে জল্পনা-কল্পনা ৷

নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য ভূপেন বৰাৰ (Etv Bharat Assam)

ইতিমধ্যে গেৰুৱা দল বিজেপিয়ে ৰাজ্যৰ 14 খন আসনৰ 12 খনতে জয় লাভ কৰাৰ দাবী উত্থাপন কৰিছে ৷ বিপৰীতে পূৰ্বতকৈ এইবাৰ কংগ্ৰেছৰ আসন বৃদ্ধিৰ লগতে ভোট বৃদ্ধি হ’ব বুলি দলটোৰ শীৰ্ষ নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ গঠন কৰো: পীযুষ হাজৰীকা - Lok Sabha Election 2024

ভোট গণনাৰ প্ৰাকমুহূৰ্তত চৰাইদেউৰ সোণাৰিত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ সোণাৰিত উপস্থিত হৈয়ে কংগ্ৰেছৰ নেতাগৰাকীয়ে যোৰহাটত তপন কুমাৰ গগৈ পৰাজিত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ অসমত বিৰোধী ঐক্য মঞ্চৰ আসন বঢ়াৰ সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে, প্ৰাক নিৰ্বাচনী সমীক্ষা অথবা এগজিট প’লৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দেশৰ বিজেপি নেতাসকলে কৈ থকা কথাবোৰহে সমীক্ষাত প্ৰকাশ পোৱা বুলি বৰাই মন্তব্য কৰে ৷ লগতে কয় যে, কাৰ প্ৰভাৱত এনেধৰণে সমীক্ষা প্ৰকাশ পাইছে, সেয়া সকলোৱে জানে ৷

লগতে পঢ়ক: এগজিট প’লৰ সমীক্ষাক অস্বীকাৰ বিধায়ক অখিল গগৈৰ - Lok Sabha Election 2024

সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ বাসগৃহত দলীয় নেতা-কৰ্মীৰ সৈতে বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ উৎসাহ দেখি আনন্দ অনুভৱ কৰে সভাপতি বৰাই ৷

তেওঁ কয় যে, যোৰহটীয়া ৰাইজৰ সপোনক প্ৰাধান্য দি দলটোৱে যোৰহাটত এইবেলি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ ৰাইজৰ দাবী অনুসৰি গৌৰৱ গগৈক দিয়া প্ৰাৰ্থিত্বই উচিত ফলাফলকে প্ৰকাশ কৰিব বুলি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Exit Poll ৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ভৱিষ্যদ্বাণী, বিজেপিৰ আসন লাভ সন্দৰ্ভত কি ক’লে পি কেই ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.