ETV Bharat / politics

অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Rana Goswami joins BJP: বিগত প্ৰায় আঠমাহ ধৰি মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগত থকা ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ পৰিকল্পনা পূৰ্বতেই কৰিছিল ৷

rana-goswami-joins-bjp
ৰাণা গোস্বামীৰ বিজেপিত যোগদান
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:03 PM IST

Updated : Feb 29, 2024, 8:26 PM IST

অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে

গুৱাহাটী, 29 ফেব্ৰুৱাৰী : অৱশেষত গেৰুৱা টুপী পিন্ধি বিজেপিৰ সদস্য হ’ল সদ্য কংগ্ৰেছ ত্যাগী ৰাণা গোস্বামী । গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে বিজেপিৰ গলবস্ত্ৰ পৰিধান কৰি গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাণা গোস্বামীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰৰ দুপৰীয়াই মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী । উজনি অসমৰ শক্তিশালী নেতাৰূপে পৰিচিত ৰাণা গোস্বামীয়ে বিজেপি দলত যোগদান কৰি একপ্ৰকাৰ উজনি অসমত কংগ্ৰেছৰ যে যথেষ্ট আঘাত হানিলে সেয়া নিশ্চিত ৷

বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ৰাণা গোস্বামীয়ে ৷ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷ ইপিনে ৰাণা গোস্বামীক আজি গেৰুৱা দলটোলৈ আদৰণি জনোৱাৰ পিচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অগপৰ সভাপতি অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰীকাক লগত লৈ এখন সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতেই মুখ্যমন্ত্ৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে বিগত প্ৰায় আঠ মাহ ধৰি তেওঁ ৰাণা গোস্বামীৰ লগত যোগাযোগত আছিল আৰু গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি যে বিজেপিত যোগদান কৰিব সেয়া বহু পূৰ্বেৰে পৰাই নিশ্চিত আছিল ৷

মন কৰিবলগীয়া যে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থয়ো আজি বিজেপিত যোগদান কৰাৰ কথা আছিল কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে আজি যোগদান নকৰিলে ৷

লগতে পঢ়ক : অচিৰেই কংগ্ৰেছৰ সভাপতি, উপ-সভাপতিও আহিব বিজেপিলৈ: মুখ্যমন্ত্ৰী

Last Updated : Feb 29, 2024, 8:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.