ETV Bharat / politics

ম্যাদ উকলিছে নেকি হিমন্ত বিশ্ব শৰ্মাই কৰা ৰাজনীতিৰ ? ড৹ শৰ্মা থাকিলে বিজেপি নাথাকিব বুলি কোনে ক’লে ? - Assam politics

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 10:48 PM IST

Statement against Himanta Biswa Sarma: হিমন্ত বিশ্ব শৰ্মাই কৰি অহা ৰাজনীতিৰ ম্যাদ উকলিব কেতিয়া ? ক’লে প্ৰদ্যুৎ বৰদলৈয়ে ৷ মুখ্যমন্ত্ৰীগৰাকী বুকু-পিঠি নাই বুলি কিয় ক’লে ৰকিবুল হুছেইনে ?

Statement against Himanta Biswa Sarma
সাংসদ প্ৰদ্যুৎ বৰদলৈ-ৰকিবুল হুছেইন (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুন : ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৩৫ শতাংশ মুছলমান আৰু বাকী অনা-মুছলমানৰ মাজত ঘৃণা-বিদ্বেষ আৰু হিংসাৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰাৰ পিচতো সফল হ’ব নোৱাৰিলে । লোকসভা নিৰ্বাচনত ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিক ওফৰাই দিলে ।’’ - এই মন্তব্য নগাঁও সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সম্বৰ্ধনা গ্ৰহণ কৰি নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে এইদৰে কয় । অনুষ্ঠানত ধুবুৰীৰ নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ লগতে বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত তিনিগৰাকী প্ৰাৰ্থীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মুছলমানসকলক পাঞ্চিং বেগ হিচাপে ব্যৱহাৰ কৰি আহিছে । সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে এ আই ইউ ডি এফক বাচি ল’লে । এইবাৰৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে ৰাইজে জনাদেশ দিছে । নগাঁৱত সংখ্যালঘু থকা বাবে মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক ৰাজনীতি কৰিলে ।

লগতে পঢ়ক: একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা

উৎকট সাম্প্ৰদায়িক প্ৰচাৰৰ মাজতো দুয়োটা শক্তিক ৰাইজে প্ৰত্যাখ্যান কৰিলে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয় যে এইক্ষেত্ৰত ডাঙৰ ভূমিকা ল’লে সংখ্যালঘু ভোটাৰে। নগাঁৱৰ সংখ্যালঘুৱে দিয়া বাৰ্তাই ধুবুৰীত অভিলেখ সৃষ্টি কৰিলে ।

এই নিৰ্বাচনে ইতিবাচক দিশ দেখুৱাই দিলে বুলি সদৰী কৰি তেওঁ ইয়াক শক্তিশালী কৰিব লাগিব বুলি মতপোষণ কৰে । ২০১৬ চনৰ পৰা চলা হিমন্ত বিশ্ব শৰ্মাৰ বিভাজনৰ ৰাজনীতি বেছিদিন টিকি নাথাকে বুলি মন্তব্য কৰি তেওঁ সমভাৱাপন্ন বিৰোধী ৰাজনৈতিক দল সকলো মিলি শক্তিশালী ৰূপত ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে ।

ঐক্যবদ্ধ হ’লে হিমন্ত বিশ্ব শৰ্মাৰ বিভাজনৰ ৰাজনীতিক ওফৰাই পেলাব পৰা যাব বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে । আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি ধুবুৰীৰ পৰা অভিলেখ ভোটৰ ব্যৱধানত জয়ী হোৱা নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে কয় যে হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে বাতাবৰণ সলনি হৈছে বুলি তেওঁ গভীৰভাৱে বিশ্বাস কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো অসাংবিধানিক বুলি সকলোৱে কৈছিল । তেতিয়াই কোৱা সেই কথা এতিয়া মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন হ’বনে নাই নাজানো বুলি কোৱাৰ কথাও সাংসদগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: আসুৰিক স্বৈৰতন্ত্র দূৰ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব লাগিব: ড৹ হীৰেন গোহাঁই

সকলোৱে কোৱাৰ পিচতো নিৰ্বাচন আয়োগে এটা ভুল সিদ্ধান্ত ল’লে বুলি কয় ৰকিবুল হুছেইনে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই নিৰ্বাচন আয়োগ বুলি মন্তব্য কৰি তেওঁ প্ৰশ্ন কৰে যে উপ-নিৰ্বাচন হ’বনে নাই ক’বলৈ মুখ্যমন্ত্ৰী কোন ? ভয় খোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনত দলীয়ভাৱে অৱতীৰ্ণ নোহোৱাৰ কথা কৈছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সকলো জাতি-জনগোষ্ঠী ক্ষোভিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ জনগোষ্ঠীসমূহে মুখ্যমন্ত্ৰীক ৰিজেক্ট কৰিলে । যোৰহাটত মুখ্যমন্ত্ৰীক ৰিজেক্ট কৰা হ’ল বুলি কৈ ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মা থাকিলে ২০২৬ত একেবাৰে বিজেপি নাথাকে ।

তেওঁ লগতে কয়, ‘‘আমি ঐক্যবদ্ধ হৈ থাকিলে ২০২৬ত বিজেপি নাথাকে । মুখ্যমন্ত্ৰীৰ বুকু-পিঠি নাই ৷ গৌৰৱ গগৈ জয়ী হোৱাটো আৰু বদৰুদ্দিন আজমল হৰাটো মুখ্যমন্ত্ৰীৰ বাবে অশনি সংকেত ৷’’

লগতে পঢ়ক: '২৬ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি গৌৰৱ গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.