ETV Bharat / politics

উপ-নিৰ্বাচনত নিজাববীয়া প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে : স্পষ্ট কৰিলে অখিল গগৈয়ে - BYE ELECTION IN ASSAM

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 8:58 PM IST

Raijor Dal : কোন সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন খেলিব, তাৰ জৰীপ চলাইছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ কিয়নো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ৷

BYE ELECTION IN ASSAM
সোণাৰিত বিধায়ক অখিল গগৈ (Etv Bharat)

মৰাণ, 24 জুন: ৰাজ্যৰ পাঁচগৰাকীকৈ বিধায়ক লোকসভালৈ সংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাটাং হৈ পৰিছে ৷ সেই অনুসৰি, অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপৰিও দুখন ৰাজ্যসভাৰ আসনৰ বাবে শীঘ্ৰে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । যাক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷

ৰাইজৰ দলৰ সাংগঠনিক আৰু যোগদান কাৰ্যসূচী (ETV Bharat Assam)

কোনটো দলে কোন সমষ্টিত কাক নিৰ্বাচনী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, তাক লৈও আৰম্ভ হৈছে জল্পনা-কল্পনা ৷ লোকসভা নিৰ্বাচনত জয়লাভ কৰি দিল্লীমুখী হোৱা সাংসদসকলৰ ভিতৰত আছে ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ৷

লগতে পঢ়ক: বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

বিজেপিৰ সমান্তৰালকৈ বিৰোধীৰ ভূমিকা পালন কৰা ৰাইজৰ দলেও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ উঠিছে ৷ সোণাৰিৰ গ্ৰীণ ভিউ হোটেলত অনুষ্ঠিত ৰাইজৰ দলৰ সাংগঠনিক সভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে উপ-নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ? - BYE ELECTION IN ASSAM

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্য মঞ্চৰ সৈতে জড়িত হৈ থকা বাবে দলটোৱে ঘোষণা কৰা নাছিল নিজাববীয়া প্ৰাৰ্থীৰ নাম ৷ কিন্তু বিৰোধী ঐক্য মঞ্চত জড়িত হৈ থকাৰ পিচতো দলটোৱে উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷ ইতিমধ্যে দলটোৱে সমষ্টি পৰ্যবেক্ষণৰ কাম আৰম্ভ কৰা বুলিও অখিল গগৈয়ে প্ৰকাশ কৰে ৷

2024 চনৰ শেষৰফালে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে কেইটা সমষ্টিত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, সেয়া আজিৰ সভাত স্পষ্ট নকৰিলে অখিল গগৈয়ে ৷

লগতে পঢ়ক: পুত্ৰ বা কন্যাক উপ-নিৰ্বাচন খেলাব নেকি পৰিমল শুক্লবৈদ্যই ? ধলাইত কোন হ’ব শুক্লবৈদ্যৰ উত্তৰসূৰী ? - ASSAM BYE POLL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.