ETV Bharat / politics

বিশাল সমাবেশেৰে ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰাহুল গান্ধীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 6:03 PM IST

LS polls 2024: লোকসভা নিৰ্বাচনৰ বাবে কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন দাখিল ৰাহুল গান্ধীৰ । সমৰ্থকৰ ব্যাপক সঁহাৰি লাভ নেতাগৰাকীৰ।

LS polls 2024
RAHUL GANDHI

নিউজ ডেস্ক, 3 এপ্ৰিল: ইউডিএফৰ নেতা আৰু কৰ্মীসহ হাজাৰ হাজাৰ লোক বুধবাৰে কালপেট্টাত উপস্থিত হৈ ৱায়ানাড সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীক আদৰণি জনায় । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্থিত হয় ৰাহুল গান্ধী । ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুলে পুৱা প্ৰায় ১০.৪৫ বজাত কান্নুৰৰ পৰা হেলিকপ্টাৰত অৱতৰণ কৰে । তেওঁলোকক শ শ দলীয় কৰ্মী আৰু সমৰ্থকে মুপ্পাইনাদৰ হেলিপেডত আদৰণি জনায় ।

তাৰ পৰা তেওঁ পথেৰে কালপেট্টাৰ নতুন বাছ ষ্টেণ্ডলৈ যাত্ৰা কৰে । ইয়াৰ পৰাই ৰোড শ্ব'ৰ আৰম্ভণি হয় 11.30 বজাত । ইউডিএফৰ শ শ কৰ্মীয়ে ৰোড শ্ব'ৰ বাবে শাৰী পাতি থকাৰ সময়ত, কেইবাজনো লোকে দলৰ পতাকা আৰু প্লেকাৰ্ড লৈ কংগ্ৰেছ সাংসদৰ ফটো আৰু বেলুন প্ৰদৰ্শন কৰে আৰু তেওঁক আদৰণি জনোৱাৰ বাবে ৰাস্তাৰ কাষত সমবেত হয় । এখন খোলা ট্ৰাকৰ ওপৰত থিয় হৈ ৰাহুলক প্ৰিয়ংকা আৰু কেৰালাৰ দলৰ জ্যেষ্ঠ নেতাসকলে কাষত ৰাখি চিভিল ষ্টেচন এলেকাৰ ফালে আগবাঢ়ি গৈছিল ।

তেওঁৰ বাহনৰ পৰা কংগ্ৰেছ সাংসদজনে ৰাস্তাৰ দুয়োফালে ভিৰ কৰা হাজাৰ হাজাৰ লোকলৈ হাত জোকাৰি সম্ভাষণ জনায় । লোকসকলে 'জয় ৰাহুল গান্ধী' আৰু 'নৰেন্দ্ৰ মোডীক গ' ডাউন' বুলি শ্ল'গান দিয়ে ।

শ শ দলীয় কৰ্মী আৰু সমৰ্থকে বাহনখনৰ কাষৰে আৰু পিছে পিছে খোজ কাঢ়ি যাত্ৰা কৰে । প্ৰিয়ংকাৰ উপৰিও ৰাহুলৰ সৈতে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু দীপা দাস, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া কানহাইয়া কুমাৰ, ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সতীচন আৰু কেপিচিচিৰ কাৰ্যকৰী সভাপতি এম এম হাছান উপস্থিত আছিল।

ৰাহুলে ৱায়ানাড এলএছ সমষ্টিৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰন আৰু চিপিআই নেতা এনি ৰাজাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব । তেওঁ ২০১৯ চনত একেখন আসনৰ পৰা চাৰি লাখতকৈও অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈছিল । ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৭,০৬,৩৬৭ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী চিপিআইৰ পি পি চুনিয়েৰে মাত্ৰ ২,৭৪,৫৯৭ টা ভোট লাভ কৰিছিল ।

2019 ৰ লোকসভা নিৰ্বাচনত, ৰাহুলে ৱায়ানাডৰ পৰা 4.31 লাখতকৈও অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈছিল । কেৰালাত ২০১৯ ৰ লোকসভা নিৰ্বাচনত এয়া সৰ্বাধিক ব্যৱধান আছিল । তেওঁ পিপি চুনিৰক পৰাস্ত কৰি ৬৪.৯৪ শতাংশ ভোট লাভ কৰিছিল । এন ডি এয়ে বিডিজে(এছ)ৰ নেতা তুষাৰ ভেল্লাপল্লীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যিয়ে মাত্ৰ ৭৮,০০০ ভোট লাভ কৰিছিল যি মাত্ৰ ৭.২৫ শতাংশ আছিল । কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে (ইউডিএফ) ২০১৯ ৰ লোকসভা নিৰ্বাচনত ২০ খন আসনৰ ভিতৰত ১৯ খন আসন লাভ কৰিছিল ।

কংগ্ৰেছে ১৫ খন আসন লাভ কৰাৰ বিপৰীতে ইয়াৰ সহযোগী ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে দুখন আসন, বিপ্লৱী সমাজতান্ত্ৰিক দলে এখন আৰু কেৰালা কংগ্ৰেছে (এম) এখন আসন লাভ কৰে । ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে আলাপুঝাত এখন আসন জিকিছিল ।

লগতে পঢ়ক: কোন দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু প্ৰদ্যুৎ বৰদলৈ ? - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.