ETV Bharat / politics

কংগ্ৰেছে দেশখনক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে; আকৌ ৰাহুললৈ হিমন্ত বিশ্বৰ এপাত শৰ - CM Himanta countered Rahul

author img

By ANI

Published : Sep 12, 2024, 11:08 AM IST

Assam CM slams Rahul Gandhi: আমেৰিকাত ভাৰতৰ সংৰক্ষণ নীতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ চলি থকাৰ মাজতে এই বিতৰ্কত অংশ লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামজিক মাধ্যমযোগে কংগ্ৰেছ সাংসদ তথা গান্ধী পৰিয়ালক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ ৷ পঢ়ক সম্পূৰ্ণ বাতৰি...

CM HIMANTA COUNTERED RAHUL
Assam CM slams Rahul Gandhi (X handle)

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ: পুনৰ ৰাহুল গান্ধীক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সংৰক্ষণ সন্দৰ্ভত ৱাশ্বিংটন ডিচিত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দিয়া মন্তব্যক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে কংগ্ৰেছ সাংসদ তথা গান্ধী পৰিয়ালক লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণ মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ "সংৰক্ষণ দূৰ কৰাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ স্থিতি নতুন নহয়; ই গান্ধী পৰিয়ালৰ দীৰ্ঘদিনীয়া দৃষ্টিভংগী প্ৰতিফলিত কৰে । তেওঁ কেৱল এসময়ত যিটো বিষয়ক লৈ পণ্ডিত নেহৰু আৰু ৰাজীৱ গান্ধীয়ে ওকালতি কৰিও কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছিল তাৰ পুনৰাবৃত্তি কৰিব খুজিছে ”- ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীৰ মন্তব্য ।

তাৰোপৰি তেওঁ কয়, "কঠোৰ বাস্তৱটো হ'ল যে একেৰাহে তিনিটা লোকসভাৰ পৰাজয়ে কংগ্ৰেছ দলক ইছলামবাদী আৰু ভাৰত বিৰোধী শক্তিৰ হাতলৈ ঠেলি দিছে। মোদীজীক নিৰ্বাচনী যুঁজত পৰাজিত কৰিব নোৱাৰে বুলি বুজি উঠি, তেওঁলোকে দেশক অস্থিৰ কৰিব বিচৰা সত্তাবোৰৰ সৈতে সম্পৰ্ক ৰাখিছে ৷ ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে বাৰে বাৰে ভাৰতৰ ৰাষ্ট্ৰীয় ঐক্য আৰু নিৰীক্ষণক লঘু কৰাৰ এক বিপদজনক পন্থা দেখুৱাই আহিছে ।"

ভাৰতবাসীক এই প্ৰসংগত উক্ত পোষ্টযোগে মুখ্যমন্ত্ৰীৰ আহ্বান- "ভাৰতে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ এনে স্পষ্ট প্ৰচেষ্টাক দৃঢ়তাৰে গৰিহণা দিব লাগে আৰু আমাৰ মূল মূল্যবোধৰ সুৰক্ষাত দৃঢ় থাকিব লাগে ৷ "

উল্লেখ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে কংগ্ৰেছে "ভাৰত এখন ন্যায্য স্থান" হ'লে সংৰক্ষণ বাতিল কৰাৰ কথা ভাবিব, যিটো পৰিস্থিত দেশত বৰ্তমানে নাই বুলি তেওঁ ভাবে । কংগ্ৰেছ সাংসদজনৰ এই মন্তব্যৰ পিছতেই তেওঁক উভতি ধৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই সন্দৰ্ভত ৰাহুল গান্ধীক সমালোচনা কৰি ক, “দেশক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰা শক্তিৰ সৈতে থিয় হৈ দেশবিৰোধী মন্তব্য দিয়াটো ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অভ্যাস হৈ পৰিছে ।’’ গৃহমন্ত্ৰীয়ে লগতে কয়, “ৰাহুল গান্ধীৰ এই বক্তব্যই কংগ্ৰেছৰ আঞ্চলিকতাবাদ, ধৰ্ম আৰু ভাষিক পাৰ্থক্যৰ আৰ্হিত বিভেদ সৃষ্টি কৰাৰ ৰাজনীতি প্ৰতিফলিত কৰে ।”

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে দেশবিৰোধী মন্তব্যৰে ভাৰতক বিভাজন কৰা শক্তিৰ সৈতে থিয় দিছে : অমিত শ্বাহ - Rahul Gandhi controversial remarks

ঝাৰখণ্ডৰ বি জে পি কৰ্মীয়ে লাঠী লৈ খেদিব বুলি কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই - Jharkhand assembly poll

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.