ETV Bharat / politics

ন্যায় যাত্ৰাত কোন আছিল ৰাহুল গান্ধীৰ বডী ডাবল ? নাম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 3:44 PM IST

Rahul Gandhi Dody double: অৱশেষত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰকাশ কৰিলে ৰাহুল গান্ধীৰ বডী ডাবলৰ নাম ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৫ জানুৱাৰীত অভিযোগ কৰিছিল যে ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধীয়ে ‘বডী ডাবল’ ব্যৱহাৰ কৰিছিল ।

Rahul Gandhi Body double
ৰাহুল গান্ধীৰ বডী ডাবলৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৪ মাৰ্চ: আকৌ শিৰোনামলৈ আহিছে অসমত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাত ‘বডী ডাবল’ ব্যৱহাৰ কৰা অভিযোগৰ প্ৰসংগ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৫ জানুৱাৰীত অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত ‘বডী ডাবল’ ব্যৱহাৰ কৰিছিল ।

সেই অভিযোগৰ আধাৰতে ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ যাত্ৰাৰ সময়ছোৱাত দেখা পোৱা বুলি দাবী কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘বডী ডাবল’ৰ নাম প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত এখন সংবাদমেলত আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ‘বডী ডাবল’জনৰ নাম কুৰুক্ষেত্ৰ বুলি দাবী কৰে । বডী ডাবলজন মধ্যপ্ৰদেশৰ বুলি লগতে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বডী ডাবল প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ দাবী কৰে যে ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ পৰা অসমৰ নগাঁৱলৈকে মধ্যপ্ৰদেশৰ বডী ডাবলজনে যাত্ৰা কৰিছিল । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মতে, কুৰুক্ষেত্ৰ নামৰ বডী ডাবলজনক এটা সংবাদ প্ৰতিষ্ঠানে উদঙাই দিছিল ৷

তাৰ পিচতেই কুৰুক্ষেত্ৰ নামৰ লোকজনে অসম এৰি দিল্লী আৰু তাৰ পিচত মধ্যপ্ৰদেশলৈ গৈছিল । এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে প্ৰশ্ন উত্থাপন কৰে যে মানুহজন যদি কেৱল ৰাহুল গান্ধীৰ সাইলাখ বা অবিকলহে আছিল, যদিহে বডী ডাবল নাছিল তেন্তে অভিযোগ উঠাৰ পিচতো সংবাদ মাধ্যমৰ সৈতে কিয় মুখামুখি কৰোৱা নহ’ল তেওঁক ?

বডী ডাবলৰ প্ৰশ্ন উঠাৰ পিচতো কোনোধৰণৰ সংবাদ মাধ্যমৰ কভাৰেজ নোহোৱাকৈ লোকজনক কিয় অসম এৰি যাবলৈ দিয়া হ’ল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে তেওঁৰ হাতত সবিশেষ তথ্য আছে । তথ্য নোহোৱাকৈ তেওঁ কোনো কথা নকয় । সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আজি সন্ধিয়া বিজেপিৰ কাৰ্যালয়ত তেওঁ কুৰুক্ষেত্ৰ নামৰ লোকজনৰ ফোন ৰেকৰ্ডকে ধৰি সবিশেষ সদৰী কৰিব ।

উল্লেখযোগ্য যে যোৱা ২৫ জানুৱাৰীত গুৱাহাটীত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মাধ্যমৰ উদ্ধৃতি দি গুৰুতৰ অভিযোগ আনিছিল- “কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত বডী ডাবল ব্যৱহাৰ কৰা বুলি প্ৰশ্ন উঠিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন মতে, বাছৰ খিৰিকিমুখত যিজন ৰাহুল গান্ধীক দেখা পোৱা হয়, সেইজন আচল ৰাহুল গান্ধী নহয় । তেওঁ দেখাত ৰাহুল গান্ধীৰ দৰেই যদিও বডী ডাবলহে । দূৰৈৰ পৰা বগা ছাৰ্ট পৰিহিত সেই ব্যক্তিজনকে ৰাহুল গান্ধী যেনেই লাগে । আনকি বাহিৰত ৰাহুলৰ বেশ ধৰি বডী ডাবল নকল ৰাহুলে ফটোও তোলে ।’’

লগতে পঢ়ক: 'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.