ETV Bharat / politics

নগাঁৱৰ মুখ্যমন্ত্ৰীৰ অনুষ্ঠান : কংগ্ৰেছ নেতাক আটক কৰা কাৰ্যক গৰিহণা জিলা কংগ্ৰেছৰ - কংগ্ৰেছ নেতা

Nagaon District Congress : মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতাক আটক কৰি ৰখাৰ অভিযোগ ৷ এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে নগাঁও জিলা কংগ্ৰেছে ৷

Nagaon District Congress
নগাঁও জিলা কংগ্ৰেছৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:16 PM IST

কংগ্ৰেছ নেতা আটকক লৈ নগাঁও জিলা কংগ্ৰেছৰ সংবাদ মেল

নগাঁও, 26 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ সময়ত নগাঁৱৰ এগৰাকী কংগ্ৰেছ নেতাৰ লগতে নাগৰিক সভাৰ দুগৰাকীকৈ নেতাকো আটক কৰাৰ অভিযোগ ৷ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ লগতে বঢ়মপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ সময়ত এগৰাকী কংগ্ৰেছ নেতাৰ লগতে নাগৰিক সভাৰ দুগৰাকীকৈ নেতাক আটক কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে নগাঁও ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ নেতাক আটক কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সভাপতিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ লগতে বঢ়মপুৰ ভ্ৰমণৰ দিনা বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাক দিনৰ এক বজাৰ পৰা সন্ধিয়া 7 বজালৈকে পাৰঘাট আৰক্ষী চকীত আটক কৰি ৰাখে বুলি জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই অভিযোগ কৰে ৷ মুখ্যমন্ত্ৰীৰ সভালৈ ৰাইজ অহাত বাধা দিয়াৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীক আৰক্ষীয়ে আটক কৰে বুলি উল্লেখ কৰে জিলা সভাপতিয়ে ৷ সংবাদমেলত নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই কয় যে, মিছা অভিযোগত ব্লক কংগ্ৰেছৰ সভাপতিক আটক কৰাটো গৰিহণাযোগ্য ৷ মুখ্যমন্ত্ৰীৰ সভাত ৰাইজৰ উপস্থিতি সেৰেঙা হোৱা বুলিও উল্লেখ কৰি বিজেপি হতাশগ্ৰস্ত হৈছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷ যাৰ বাবেই কংগ্ৰেছৰ নেতা-কৰ্মী সকলক মানসিক হেঁচা প্ৰয়োগৰ বাবে আৰক্ষী নিয়োগ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ভ্ৰমণৰ পূৰ্বেই নিশা নগাঁৱৰ বিৰিঞ্চি বৰাক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ নিশাৰ ভাগত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী আৰু ননৈ পহৰা চকীৰ পৰা যোৱা আৰক্ষীয়ে বিৰিঞ্চি বৰাক ঘৰৰ পৰা আটক কৰি ৰহা আৰক্ষী থানালৈ লৈ যায় ৷ পিচত সুদীৰ্ঘ 22 ঘন্টাৰ পিচত তেওঁক মুকলি কৰা বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰে বিৰিঞ্চি বৰাই ৷ নগাঁও নাগৰিক সভাৰ উপ-সভাপতি দুলাল বৰাকো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ দিনা বিয়লি প্ৰায় 5 বজা পৰ্যন্ত গৃহবন্দী কৰি ৰাখে বুলিও অভিযোগ উত্থাপন হৈছে ৷ মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ কালছোৱাত তেওঁলোকে কোনো প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আশংকা কৰি এনেকৈ আটক কৰি ৰখাৰ সন্দেহ কৰিছে বিৰিঞ্চি বৰা আৰু দুলাল বৰাই ৷

লগতে পঢ়ক : কংগ্ৰেছ শূন্য জয়পুৰ চাহ বাগিচা, ৫ শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.