গুৱাহাটী, 6 মে' : মঙলবাৰে অসমৰ 4 টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে তৃতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ দেওবাৰে সমাপ্ত হৈছে ৷ 7 মে'ৰ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে অনুষ্ঠিত হ'ব তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া 4 টা সমষ্টি হৈছে বৰপেটা, গুৱাহাটী, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টি ৷ সোমবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এক সংবাদমেল সম্বোধন কৰে ৷
4 টা সমষ্টিৰ কিমান ভোটাৰে কৰিব ভোটদান : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 4টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 81,49,091 গৰাকী ৷ ইয়াৰে 41,0054 গৰাকী পুৰুষ ভোটাৰ আৰু 40,48,436 গৰাকী মহিলা ভোটাৰ ৷ 111 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷
ভোটগ্ৰহণ কেন্দ্ৰ : তৃতীয় পৰ্যায়ত মুঠ 9,516 টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ ৷ ইয়াৰ ভিতৰত আছে 84 টা আদর্শ ভোটকেন্দ্ৰ ৷ তৃতীয় পৰ্যায়ৰ 4 টা সমষ্টিৰ ভোটগ্ৰহণত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 326 টা ৷ মুঠ 9,516 টা ভি ভি পেট, 9,516 টা বেলট ইউনিট, 9,516 টা কণ্ট্ৰ'ল ইউনিট ব্যৱহাৰ কৰা হ'ব ৷
নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি, গুৱাহাটীত 2,175 টা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে 20,36,846 গৰাকী ; ধুবুৰীত 3,024 টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 26,60,827 জন ভোটাৰ; বৰপেটাত 2,175 টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 19,66,847 জন ভোটাৰ; কোকৰাঝাৰত 1,862 টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 14,84,571 জন ভোটাৰ আছে ৷
লক্ষণীয় যে বিভিন্ন সমষ্টিৰ দুৰ্গম আৰু আওঁহতীয়া বিশেষকৈ চৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰবোৰৰ বাবে বুধবাৰেই নিৰ্বাচনী বিষয়া-কৰ্মচাৰী ৰাওনা হয় ৷ সৰহভাগ কেন্দ্ৰৰ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে সোমবাৰৰ পুৱাৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে যাত্ৰা কৰে ৷ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া 4 টা সমষ্টি- গুৱাহাটী, ধুবুৰী , কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিত মুঠ 47 জন প্ৰার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
ইয়াৰে পুৰুষ প্ৰাৰ্থী 41 জন আৰু মহিলা প্ৰাৰ্থী 6 গৰাকী ৷ তৃতীয় পৰ্যায়ৰ বাবে থকা মুঠ 9,516 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 300 টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ যাৰ বাবে এই ভোটগ্ৰহণ কেন্দ্ৰবোৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনায় ৷
মুঠ 9,516 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 1,474 টা নগৰীয়া আৰু 8,042 টা গ্ৰাম্য ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ মুঠ 45,000 পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে ৷ 143 টা নিৰাপত্তা বাহিনীৰ কোম্পানী নিয়োগ কৰা হৈছে ৷ ইতিমধ্যে প্ৰত্যকটো লোকসভা সমষ্টিতে ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা কেন্দ্ৰীয় পর্যবেক্ষক (সাধাৰণ আৰু ব্যয়)ৰ উপৰিও অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই নিয়োগ কৰা মাইক্ৰ' অৱজাৰভাৰৰ দ্বাৰা নিৰ্বাচন সম্পর্কীয় সকলো বিষয় সুক্ষ্মভাৱে পর্যবেক্ষণ কৰি থকা হৈছে বুলি অনুৰাগ গোৱেলে জনাইছে ৷
ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগৰ নিৰ্দেশমতে সফল আৰু শান্তিপূর্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভোটকেন্দ্ৰত লাইভ মণিটৰিং, বেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাজ্যৰ অন্তিম পর্যায়ৰ নিৰ্বাচনত মুঠ 5,266 টা ভোটকেন্দ্ৰত এই ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া - LOK SABHA ELECTION 2024