ETV Bharat / politics

এইবাৰ ইণ্ডি এলায়েঞ্চে দখল কৰিব সংসদ : নুৰুল হুদা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:14 AM IST

MLA Nurul Huda : সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে কলিয়াবৰৰ বৰঘূলীত উপস্থিত বিধায়ক নুৰুল হুদা ৷ বিধায়কগৰাকীয়ে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ লগতে লোকসভা নিৰ্বাচনৰ প্ৰসংগতো কেইবাটাও মন্তব্য আগবঢ়ায় ৷ লোকসভা নিৰ্বাচনৰ প্ৰসংগত বিধায়কগৰাকীয়ে কি ক’লে, সেয়া চাওক এই প্ৰতিবেদনত ৷

LOK SABHA ELECTION 2024
বৰঘূলীত বিধায়ক নুৰুল হুদা (Source : Etv Bharat Assam)

কলিয়াবৰ, 21 মে’ : লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বিধায়ক নুৰুল হুদাৰ ভৱিষ্যতবাণী ৷ অত্যুৎসাহী বিধায়কগৰাকীয়ে এইবেলি ইণ্ডি এলায়েঞ্চে 350 খন আসনৰে দিল্লীৰ মছনদ দখল কৰিব বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ নতুনকৈ সমষ্টিৰ নিৰ্ধাৰণৰ পাচত ৰূপহীহাট সমষ্টিত অন্তৰ্ভুক্ত হোৱা কলিয়াবৰ মহকুমাৰ বৰঘূলীত সোমবাৰে নিশা উপস্থিত হয় বিধায়কগৰাকী ।

বিধায়কগৰাকীয়ে সংবাদ মাধ্য়মৰ আগত কেতবোৰ নিৰ্বাচনকেন্দ্ৰিক মন্তব্য প্ৰকাশ কৰে ৷ হুদাই কয় যে এইবাৰ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাৰ ফলাফল হাতে হাতে লাভ কৰিব ৷ যেতিয়া দিল্লীত ইণ্ডি এলায়েঞ্চে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিব ৷ কংগ্ৰেছৰ নেতৃত্বত ইণ্ডি এলায়েঞ্চে অসমত 8 খন আসন পোৱাটো নিশ্চিত । অপেক্ষা মাথোঁ 4 জুনলৈহে ৷

উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ ফলাফলৰ ক্ষেত্ৰতো মত প্ৰকাশ কৰে বিধায়ক হুদাই ৷ প্ৰায় ডেৰ লক্ষাধিক ভোটত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে জয় লাভ কৰাৰো দাবী কৰে বিধায়কগৰাকীয়ে ৷ তদুপৰি গেৰুৱা দল বিজেপিক তুলাধূনা দি তেওঁ কয় যে দক্ষিণ ভাৰতত বিজেপিয়ে লাভ নকৰে এখনো আসন ৷ বিপৰীতে উত্তৰ ভাৰতত কিছুসংখ্য়ক আসন লাভ কৰিব যদিও সেয়া কংগ্ৰেছে লাভ কৰা আসনৰ তুলনাত তেনেই নগণ্য হ’ব ৷

সংবাদ মাধ্যমৰ কথা উনুকিয়াই তেওঁ কয় যে উত্তৰ ভাৰতত পূৰ্বৰ তুলনাত বিজেপিৰ আধিপত্য হ্ৰাস পাইছে ৷ বিজেপি চৰকাৰৰ দিনতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহৃত সামগ্ৰীৰ লগতে ঔষধৰ মূল্য, বিজেপিৰ দিনতে লাগু কৰা হৈছে জি এছ টি, সাম্প্ৰদায়িকতাৰ লগতে বিজেপিৰ দুখীয়াৰ প্ৰতি থকা মনোভাৱ প্ৰকাশ পাইছে ৷ এনে কেতবোৰ কাৰণতে এইবাৰ অহংকাৰী দল বিজেপিক ভোট দি জয়ী কৰাৰ সলনি সাধাৰণ জনতাই কংগ্ৰেছক ভোট দিছে ৷ যাতে শান্তিপূৰ্ণ মনোভাৱেৰে ভাতৃত্ববোধ অটুট ৰাখি এখন সুস্থিৰ চৰকাৰ জনতাই লাভ কৰিব পাৰে ৷

উল্লেখ্য যে, বিধায়ক নুৰুল হুদাই কলিয়াবৰৰ বৰঘুলী বজাৰত কংগ্ৰেছ দলৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে ৷

লগতে পঢ়ক :

নৰেন্দ্ৰ মোদীৰ দৃষ্টিত পাপ কৰিছে ইণ্ডি মিত্ৰজোঁটে; কি এই পাপ ? - Lok Sabha Election 2024

লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাচতে আৰম্ভ হ'ব নতুন আঁচনিৰ কাম: হিমন্ত বিশ্ব শৰ্মা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.