ETV Bharat / politics

গণতন্ত্ৰ ৰক্ষাৰ আহ্বানেৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ ব্যতিক্ৰমী সজাগতা অভিযান - Lok Sabha election awareness

Pradesh Mohila Congress : মহানগৰীৰ বাটে-ঘাটে তথা চিটি বাছত উঠি প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃত্বৰ সজাগতা অভিযান । প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী আৰু দলৰ ৰাজ্যিক উপ-সভানেত্ৰী প্ৰণতি ফুকনৰ নেতৃত্বত চলিল এই অভিযান ।

Lok Sabha election 2024
প্ৰদেশ মহিলা কংগ্ৰেছ
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:03 PM IST

প্ৰদেশ মহিলা কংগ্ৰেছ

গুৱাহাটী, ৫ মাৰ্চ: গুৱাহাটী মহানগৰীত প্ৰদেশ মহিলা কংগ্ৰেছৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সজাগতামূলক অভিযান । মঙলবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে ৰাইজক গণতন্ত্ৰৰ স্বাৰ্থত, সংবিধান ৰক্ষাৰ স্বাৰ্থত বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰে । মহানগৰীৰ বাটে-ঘাটে তথা চিটি বাছত উঠি প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃত্বই ৰাইজক সাম্প্ৰতিক প্ৰেক্ষাপটৰ বিষয়ে সদৰী কৰি বিবেক ভোট দিয়াৰ বাবে আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই কাৰ্যসূচীত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী আৰু প্ৰাক্তন মন্ত্ৰী তথা দলৰ ৰাজ্যিক উপ-সভানেত্ৰী প্ৰনতি ফুকনকে ধৰি মহিলা কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে । ৰাইজৰ মাজত প্ৰচাৰ পত্রিকা বিতৰণ কৰাৰ লগতে প্ৰদেশ মহিলা কংগ্ৰেছৰ নেত্রীসকলে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিবেক ভোট দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । লগতে তেওঁলোকে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কেও জনতাক অৱগত কৰে ।

অৱশ্যে তেওঁলোকে বিজেপি চৰকাৰৰ দিনত নিবনুৱা সমস্যা বৃদ্ধি পোৱা তথা মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাৰ প্ৰসংগ উল্লেখ কৰে । সকলোকে বিবেক ভোট দিয়াৰ আহ্বান জনাই গণতন্ত্ৰ-সংবিধান ৰক্ষাৰ বাবে আহ্বান জনায় । সংবাদ মাধ্যমৰ আগত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে সংবিধানখন হেঁচাত আছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে মূল্যবৃদ্ধি আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই স্বৈৰাচাৰী চৰকাৰখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি ভোট প্ৰদানৰ বাবে আহ্বান জনোৱা হৈছে । ৰাইজক বিবেক ভোট দিয়াৰ বাবে আহ্বান জনোৱা হৈছে ।

আনহাতে, প্ৰাক্তন মন্ত্রী প্ৰণতি ফুকনে কয় যে চৰকাৰখনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু অন্যায়ৰ বিৰুদ্ধে সজাগতা আৰম্ভ কৰা হৈছে । ভোটৰ জৰিয়তে অমানিশা নমাই অনা এই চৰকাৰখনক আঁতৰ কৰাৰ বাবে ৰাইজক বিবেক ভোট দিয়াৰ বাবে আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক:৮ মাৰ্চত কংগ্ৰেছে ঘোষণা কৰিব ১৪টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.