গুৱাহাটী, ২৭ এপ্ৰিল: ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া । কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱনে উল্লেখ কৰা মতে, ১২(ডি) প্ৰ-পত্ৰৰ জৰিয়তে আবেদন কৰা আবেদনকাৰী সকলৰ মাজৰ পৰা যোগ্যতা ভিত্তিত বাছি উলিওৱা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ উৰ্ধৰ ভোটাৰৰ আবাসহত উপস্থিত হৈ তেওঁলোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য় যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৫৪৫ গৰাকী ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত এই সংখ্যা ১২২৪ গৰাকী । একেদৰে লোকসভা সমষ্টিটোত মুঠ ৫৯৫ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে আৰু মহানগৰ জিলাখনত এই ভোটাৰৰ সংখ্যা ৮৯ গৰাকী । আনহাতে, অহা ২ মে'ৰ পৰা আৰম্ভ হ'ব নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী তথা অন্যান্য ব্যক্তিসকলৰ পোষ্টেল বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া ।
উল্লেখযোগ্য যে এইবেলি ভাৰতৰ নিৰ্বাচন আয়োগে ১১টা বিভাগৰ কৰ্মচাৰীৰ বাবে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ পোষ্টেল বেলট কোষৰ ন'ডেল বিষয়া ড৹ জীৱন কৃষ্ণ গোস্বামীয়ে সদৰী কৰা মতে,অহা ২ আৰু ৩ মে'ত প'লিং বিষয়াসকলে গুৱাহাটী কমাৰ্চ কলেজ, দিছপুৰ কলেজ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব । তেনেদৰে নিৰ্বাচনী কাম-কাজত নিয়োজিত আন বিষয়া-কৰ্মচাৰী সকলে ২ ৰ পৰা ৫ মে'ৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা পোষ্টেল ভোটিং চেণ্টাৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব ।
তদুপৰি নিৰ্বাচনত নিয়োজিত আৰক্ষীৰ লোকসকলে ২ আৰু ৩ মে'ত মহানগৰীৰ ৰূপনগৰস্থিত পুলিচ ৰিজাৰ্ভত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব । একেদৰে অত্যাৱশ্যকীয় সেৱাত নিয়োজিত ভোটাৰসকলে ১ মে'ৰ পৰা ৩ মে'ৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা পোষ্টেল ভোটিং চেণ্টাৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব ।
অনুৰূপ ধৰণে নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত ড্ৰাইভাৰ, কণ্ডাক্টৰ আদিয়ে ৬ মে'ত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত থকা পোষ্টেল ভোটিং চেণ্টাৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব । পোষ্টেল বেলটৰ প্ৰক্ৰিয়াটোত জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা মুঠ ৩৫ টা দলত ৩৫ গৰাকী মাইক্ৰ' অৱজাৰভাৰ, ৩৫ গৰাকী প্ৰথম প'লিং বিষয়া, ৩৫ গৰাকী দ্বিতীয় প'লিং বিষয়া, ৩৫ গৰাকী ভিডিঅ'গ্ৰাফাৰ, ৩৫ গৰাকী সুৰক্ষা কৰ্মী আৰু ৩৫ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ২১০ গৰাকী লোক কৰ্তব্যৰত হৈ আছে । অহা ৬ মে'ৰ ভিতৰত পোষ্টেল বেলটৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব । উল্লেখযোগ্য যে পোষ্টেল বেলট ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাৰ বাবে পোষ্টেল বেলট কোষত ন'ডেল বিষয়াকে ধৰি মুঠ ৫০ গৰাকী বিষয়া-কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে ।