লখিমপুৰ, 21 এপ্রিল: লোকসভা নির্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে সমাপ্ত হ’ল । ফলাফল ওলাবলৈ এতিয়াও প্ৰায় ডেৰ মাহ বাকী । প্রথম পৰ্যায়ৰ ভোটগ্রহণ সমাপ্ত হোৱা সমষ্টি পাঁচটাৰ অন্যতম হ’ল লখিমপুৰ লোকসভা সমষ্টি ৷ সমষ্টিটোত এইবাৰ মূল যুঁজখন বিজেপি আৰু কংগ্রেছ দলৰ মাজতে আৱদ্ধ থকা পৰিলক্ষিত হ’ল ।
ভোটাৰ/ভোটদানৰ হাৰ
প্ৰথম পৰ্যায়ত ভোটগ্রহণ সম্পন্ন হোৱা পাঁচটা সমষ্টিৰ অন্যতম লখিমপুৰ লোকসভা সমষ্টিটোত এইবাৰ মহিলা ভোটাৰৰ সংখ্যা অধিক আছিল । পুৰুষ ভোটাৰতকৈ দুই সহস্রাধিক বেছি আছিল মহিলা ভোটাৰ । 12 নং লখিমপুৰ সংসদীয় সমষ্টিত এইবাৰ মূল ভোটাৰৰ সংখ্যা আছিল 15,69,531 জন । ইয়াৰে পুৰুষ ভোটাৰ 7,81,794 জন আৰু মহিলা ভোটাৰ হ’ল 7,84,432 জন । পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰ 2,638 গৰাকী বেছি ।
শুকুৰবাৰে হোৱা ভোটগ্রহণত সমষ্টিটোত 76.42 শতাংশ ভোটাৰে ভোটদান কৰে । সংখ্যাৰ জোখেৰে ভোটদান কৰে প্ৰায় 12 লাখ 5 হেজাৰৰো অধিক ভোটাৰে । লক্ষণীয় কথাটো হ’ল বিজেপি চৰকাৰখনে মহিলাসকলক লক্ষ্য কৰি বহু আঁচনি প্ৰৱৰ্তন কৰিছে । তাৰ দ্বাৰা পৰিয়ালসমূহ উপকৃত হোৱাৰ লগতে মহিলাসকল বিজেপিৰ প্ৰতি অথবা চৰকাৰখনৰ প্ৰতি আকৰ্ষিত কৰাৰো উদেশ্য নিহিত আছে বুলি সততে ৰাইজৰ মাজত চৰ্চা চলিছে ।
চৰকাৰখনে যদিহে এনে আঁচনিসমূহৰ জৰিয়তে মহিলাসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে তেন্তে মহিলা ভোটাৰৰ সংখ্যাধিক থকা লখিমপুৰ লোকসভা সমষ্টিত শাসকীয় দলৰ সপক্ষে জনমত যাব পাৰে নেকি ? এয়াও এতিয়া আন এক চৰ্চাৰ বিষয় হৈ পৰিছে ।
উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম সময়লৈকে বিজেপি দলে নিজৰ উন্নয়নী কাম কাজ, বিভিন্ন জনহিতকৰ আঁচনি আদিৰ সুফল সগৌৰৱে ঘোষণা কৰাৰ লগতে প্ৰধান বিৰোধী দল কংগ্রেছক সমালোচনা কৰি জনমত আদায়ৰ চেষ্টা কৰিছিল । বিপৰীতে কংগ্রেছ দলে নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি দলৰ দুৰ্নীতি, উন্নয়নৰ নামত জনগণক কেঁকোৰা চেপা দিয়া আদি কথাৰে আক্রমণ কৰাৰ লগতে ক্ষমতালৈ আহিলে কি কৰিব তাৰ কেতবোৰ প্ৰতিশ্ৰুতি দি জনমত আদায়ৰ চেষ্টা কৰিছিল । মূল প্ৰতিদ্বন্দ্বী এই দুই দলৰ এনে প্ৰচাৰ অভিযানত জনমত কোন ফালে ঢাল খালে সেয়া ভোট গণনাৰ দিনাহে স্পষ্ট হ’ব ।
লখিমপুৰ লোকসভা সমষ্টিৰ ইতিহাস
সমষ্টিটোৰ ইতিহাস খুচৰি চালে দেখা যায় কংগ্রেছ দলে সৰহভাগ সময় এই সমষ্টিটো দখল কৰি আছিল । স্বাধীনতাৰ পাচত সৰহভাগ সময় কংগ্রেছৰ দখলত থকা এই সমষ্টিটো অগপ দলেও দখল কৰিছিল । পিছে 2014 চনৰ পৰা পট পৰিবৰ্তন ঘটিল সমষ্টিটোৰ ৰাজনৈতিক আবহাৱাৰ । এই গুৰুত্বপূৰ্ণ সমষ্টিটোত সৰহভাগ সময় কংগ্ৰেছ দলে প্ৰভাৱ বিস্তাৰ কৰি আহিলেও অগপয়ো একাধিকবাৰ দখল সাব্যস্ত কৰিছিল ।
উল্লেখ্য যে, 1952 চনত প্রথমবাৰ হোৱা নিৰ্বাচনত সমষ্টিটোত বিজয় সাব্যস্ত কৰিছিল কংগ্রেছৰ প্ৰাৰ্থী বি.জে. নাথে । পৰৱৰ্তী সময়ত 1957 চনত কংগ্রেছৰ প্ৰফুল্ল বৰুৱা বিজয়ী হয় । তেওঁ পৰৱৰ্তী 1962 চনৰ নিৰ্বাচনতো বিজয়ী হৈ একেৰাহে দুটাকৈ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে । তেনেদৰে 1967 আৰু 1972 চনত একেৰাহে দুটা কৈ নিৰ্বাচনত বিজয়ী হয় সাহিত্য, শিক্ষা জগতৰ অন্যতম পুৰোধা ব্যক্তি কংগ্রেছৰ বিশ্ব নাৰায়ণ শাস্ত্ৰী ।
1977 ত পুনৰ কংগ্রেছ প্ৰাৰ্থী ললিত দলে সমষ্টিটোৰ পৰা বিজয়ী হয় । পৰৱৰ্তী সময়ত ৰাজনৈতিক সংকটৰ ফলত 1985 চনতহে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় । 1985 ত প্ৰথমবাৰৰ বাবে সমষ্টিটোত কংগ্রেছৰ দখল পিচলি পৰে । সেই নিৰ্বাচনত বিজয়ী হয় অগপৰ প্ৰাৰ্থী গকুল শইকীয়া । পিছে পৰৱৰ্তী 1991 ৰ নিৰ্বাচনত পুনৰ কংগ্রেছে সমষ্টিটো দখল কৰে । সেইবাৰ বিজয়ী হয় কংগ্রেছৰ প্ৰাৰ্থী বলীন কুলি ।
পৰৱৰ্তী 1996 ৰ নিৰ্বাচনত পুনৰ অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মা বিজয়ী হয় । কেন্দ্রত চৰকাৰ ভঙাপতাৰ বাবে 1998, 1999 ত হোৱা দুটাকৈ নিৰ্বাচনত কংগ্রেছৰ প্ৰাৰ্থী ৰাণী নৰহ বিজয়ী হয় । 2004 চনত পুনৰ সমষ্টিটো দখল কৰে অগপৰ প্ৰাৰ্থী অৰুণ শৰ্মাই । 2009 চনৰ নিৰ্বাচনত পুনৰ ৰাণী নৰহে অগপৰ পৰা সমষ্টিটো কাঢ়ি ল’বলৈ সক্ষম হয় । ইয়াৰ পাচতে সমষ্টিটোত কংগ্রেছ-অগপৰ দীৰ্ঘদিনীয়া দখল উফৰি পৰে ।
পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত 2014 চনত প্রথমবাৰৰ বাবে সমষ্টিটো দখল কৰে বিজেপিয়ে । বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল 2014 চনৰ নিৰ্বাচনত বিপুল ভোটত বিজয়ী হয় । পৰৱৰ্তী 2016 ৰ বিধানসভাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা নিৰ্বাচনত অৱতীর্ণ হৈ মুখ্যমন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰাত 2016 ত হোৱা লোকসভাৰ এই সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱা বিজয়ী হয় । 2019 ৰ নিৰ্বাচনতো প্ৰদান বৰুৱাই বিজয়মাল্য ধাৰণ কৰি সদ্য সমাপ্ত নিৰ্বাচন পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি আছে ।
হেভীৱেট প্ৰাৰ্থীয়ে চলালে প্ৰচাৰ
এইবাৰৰ নিৰ্বাচনত যদি সমষ্টিটোৰ পৰা বিজেপি দল পিচলি পৰে আৰু কংগ্রেছ দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় তেন্তে সেয়া হ’ব ৰাজনৈতিক প্ৰেক্ষাপটত এক চমকপ্ৰদ ঘটনা । কিয়নো সাম্প্রতিক সময়ত বিজেপিৰ জয়জয় ময়ময় অৱস্থান । বিৰোধী দলক চল চাই শ’লঠেকত পেলাবলৈ দলটোৰ সামৰ্থ যথেষ্ট ।
লখিমপুৰ লোকসভা নিৰ্বাচনত দিল্লী-দিছপুৰ উবুৰি খাই পৰি দলীয় প্রার্থী উদ্ধাৰৰ যুঁজত ব্ৰতী হ’ল । গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি বহুবাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও নামিল প্ৰচাৰ অভিযানত । তাৰোপৰি মন্ত্রী ৰণোজ পেগু, জয়ন্তমল্ল বৰুৱা, অতুল বৰা আদিয়েও চলালে প্ৰচাৰ অভিযান । নিজে প্ৰাৰ্থী হৈও লখিমপুৰ সমষ্টিৰ দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে ।
লোকসভা সমষ্টিটোৰ অন্তৰ্গত পাঁচটাকৈ বিধানসভা সমষ্টিত থকা দলৰ বিধায়ক কেইজনেও নিজা সমষ্টিসমূহত দিন নিশা একাকাৰ কৰি দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে । দুটাকৈ নিৰ্বাচন খেলি অভিজ্ঞতাৰে পুষ্ট হৈ থকা প্রার্থী প্ৰদান বৰুৱায়ো সমষ্টিটোত পানী ঘোলা কৰিলে । শাসকীয় দলৰ এনে সৰ্বশক্তি প্ৰয়োগ কৰা যুঁজখনৰ বিপৰীতে কংগ্রেছ দলৰ প্ৰাৰ্থীজনে কেৱল একাংশ দলীয় কৰ্মীক লগত লৈ প্ৰচাৰ চলালে ।
সভাপতি ভূপেন বৰাই কিছু সংগ দিয়াৰ বিপৰীতে দলৰ কোনো ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিবলৈ নাহিল । আনহাতে, সঁচাই হওক বা মিছাই হওক কংগ্রেছৰ প্ৰাৰ্থীগৰাকীৰ নাম ভাইৰেল ভিডিঅ’ কাণ্ড বিতৰ্কৰ সৈতেও সাঙোৰ খায় । প্ৰচাৰ অভিযান অন্ত পৰা প্ৰাকমুহূর্তত এই বিতৰ্কই তেওঁৰ অগ্ৰগতিত গতিৰোধক আনি দিয়া পৰিলক্ষিত হয় ।
অৱশ্যে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ৰাইজৰ সঁহাৰিও আছিল আশাব্যঞ্জক । এনে প্ৰেক্ষাপটত বিজেপিৰ উন্নয়ন আঁচনিৰ চমক, প্ৰচাৰৰ ধুমুহাক কংগ্রেছে ওফৰাই জনমত নিজৰ অনুকুলে আনিবলৈ সক্ষম হয় তেন্তে সেয়া লখিমপুৰ লোকসভা সমষ্টিত এক চমকপ্রদ ৰাজনৈতিক ঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব ।
অৱশ্যে বিজেপি দলৰ বিজয় হ’লে তাত নাথাকিব কোনোধৰণৰ চমকপ্ৰদতা । সাম্প্রতিক বিজেপিৰ অনুকূলে থকা ৰাজনৈতিক আৱহাৱাৰ বাবে সেয়া হ’ব এক সাধাৰণ বিজয় উৎসৱ ।
লগতে পঢ়ক: জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা - Lok Sabha election 2024