ETV Bharat / politics

চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ - ASSAM BYE ELECTIONS 2024

চামগুৰি উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ হিংসাত্মক ঘটনা । মঙলবাৰে নিশা দুৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ বিধায়ক-নেতাৰ বাহন ।

Poll violence in Samguri
চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 3:41 PM IST

চামগুৰি : ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যই তীব্ৰ গতি লাভ কৰিছে । এই পাঁচটা সমষ্টিৰ ভিতৰত চামগুৰি আৰু বিহালী সমষ্টি দুটা আটাইতকৈ চৰ্চাত আছে । কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ হৈছে চামগুৰি সমষ্টিটোৰ উপ-নিৰ্বাচন । শাসকীয় পক্ষৰ নেতা-মন্ত্ৰী সকলোৱে উবুৰি খাই পৰিছে চামগুৰিত । উদ্দেশ্য এটাই যিকোনো প্ৰকাৰে সমষ্টিটো বিজেপিৰ দখললৈ নিয়া । আনহাতে, কংগ্ৰেছেও ৰকিবুলৰ দুৰ্গ হিচাপে সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ।

ইয়াৰ মাজতে চামগুৰি সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক হিংসাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে । শাসক-বিৰোধী উভয়ে ইটোৱে সিটোৰ ওপৰত এই হিংসাৰ বাবে অভিযোগ-প্ৰত্যাভিযোগ কৰিছে । তাৰ মাজতে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত অব্যাহত আছে হিংসাত্মক ঘটনা । মঙলবাৰে নিশাও সমষ্টিটোৰ পুঠিখাইটিত সংঘটিত এক হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা (ETV Bharat Assam)

চামগুৰিৰ পুঠিখাইটিত কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিবলৈ যোৱাৰ সময়তেই কংগ্ৰেছৰ বিধায়কসহ নেতাৰ তিনিখনকৈ বাহনত আক্ৰমণ কৰি চূড়মাৰ কৰে তিনিখন বাহন । কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভাষণ দি থকাৰ সময়তে হঠাৎ ছয়-সাতজনীয়া এটি দল উপস্থিত হৈ তিনিখনকৈ গাড়ী ভাঙি চূড়মাৰ কৰি পলায়ন কৰাৰ অভিযোগ কংগ্ৰেছ সাংসদ-বিধায়কৰ।

উল্লেখ্য যে বিধায়ক আব্দুৰ ৰহিম আৰু আব্দুৰ চুবান সৰকাৰৰ লগতে কেইবাজনো কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল পুথিখাইটিৰ এই নিৰ্বাচনী সভাত । বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীৰ বাহনত আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চামগুৰিৰ পুঠিখাইটিত ।

অৱশ্যে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ইপিনে কংগ্ৰেছৰ নেতাৰ বাহনত আক্ৰমণৰ ঘটনাত বিজেপিকৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সাংসদ ৰকিবুল হুছেইন, বিধায়ক আব্দুৰ ৰহিম তথা কংগ্ৰেছৰ নেতাসকলে ।

লগতে পঢ়ক :তাঞ্জিল মাৰ্বল খেলা বয়সৰ এটা ল'ৰা: কাৰ কটাক্ষ এয়া ?
লগতে পঢ়ক :ৰকিবুলক সতৰ্কবাণী অতুল বৰাৰ, কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ কিয় প্ৰচাৰ দিপ্লুৰঞ্জন শৰ্মাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.