ETV Bharat / politics

ককাকৰ বিৰুদ্ধে নাতি, ককায়েকৰ বিৰুদ্ধে ভনীয়েক : পৰিয়ালে পৰিয়ালে নিৰ্বাচনী যুঁজ - Political Family War In Haryana

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 4:29 PM IST

Haryana Election 2024: এইবাৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত দেখা গৈছে পৰিয়ালৰ মাজত ৰাজনৈতিক যুদ্ধ । ডাবৱলী, ৰণিয়া আৰু তোছাম বিধানসভাৰ আসনত একেটা পৰিয়ালৰ সদস্য মুখামুখি হৈছে ।

Haryana Election 2024
হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন (ETV Bharat)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত আছে । বিজেপিৰ লগতে কংগ্ৰেছ, আই এন এল ডি আৰু জে জে পিৰ নেতাসকলেও মনোনয়ন দাখিল কৰিছে । এইবাৰ হাৰিয়ানা নিৰ্বাচনত এনে কিছুমান আসন আছে, যাৰ ওপৰত সকলো বিশ্লেষকে চকু ৰাখিব । সেইসমূহ আসন, য'ত পৰিয়ালৰ সদস্য মুখামুখি হ’ব নিৰ্বাচনী যুঁজত । যাৰ বাবে সকলোৰে দৃষ্টি এইবাৰ এই আসনৰ ওপৰত থাকিব ।

হট ছিট হৈ পৰিছে ডবৱলী: এইবাৰ হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত যদিও টাউ দেৱীলাল পৰিয়ালৰ বহু মুখ নিৰ্বাচনী খেলপথাৰত আছে, কিন্তু ডাবৱালীৰ আসনখন এনেকুৱা য'ত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য মুখামুখি হৈছে । এই আসনত জননায়ক জনতা পাৰ্টিৰ পৰা দিগ্বিজয় চৌটালা, ভাৰতীয় জাতীয় লোকদলৰ পৰা দিগ্বিজয় চৌটালাৰ খুড়াক আদিত্য চৌটালা আৰু কংগ্ৰেছৰ পৰা দিগ্বিজয় চৌটালাৰ ভাতৃ অমিত সিহাগ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । অৰ্থাৎ এই আসনখনত চৌটালা পৰিয়ালৰ তিনিজন লোকৰ (খুড়া, ভতিজা আৰু ভাতৃ) ভাগ্য নিৰ্ণয় হ’ব । বৰ্তমান কংগ্ৰেছৰ অমিত সিহাগ এই আসনৰ বিধায়ক হৈ আছে ।

ৰণিয়াতো চৌটালা পৰিয়ালৰ প্ৰতিদ্বন্দ্বিতা: কেৱল ডাবৱলীতে প্ৰতিযোগিতাৰ সন্মুখীন হোৱা নাই চৌটালা পৰিয়াল । আন এখন আসনতো পাৰিবাৰিক ৰাজনৈতিক যুদ্ধ হ’বলৈ গৈ আছে । এই আসনখন ৰণিয়া বিধানসভাৰ আসন । ওম প্ৰকাশ চৌটালাৰ ভাতৃ ৰঞ্জিত চৌটালা এই আসনত বৰ্তমানৰ বিধায়ক । যি বি জে পি চৰকাৰত কেবিনেট মন্ত্ৰী আছিল, কিন্তু বি জে পিৰ পৰা টিকট নোপোৱাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে । আনহাতে আই এন এল ডিয়ে এই আসনত অভয় চৌটালাৰ পুত্ৰ অৰ্জুন চৌটালাক থিয় কৰাইছে । অৰ্থাৎ এই আসনত ককাক ৰঞ্জিত চৌটালাৰ সন্মুখত নাতি অৰ্জুন চৌটালা থাকিব । ২০১৯ চনত নিৰ্দলীয় হিচাপে এই আসন লাভ কৰিছিল ৰঞ্জিত চৌটালাই ।

বংশীলাল পৰিয়ালতো বঙহৰ যুঁজ: এনে নহয় যে এই বিধানসভা নিৰ্বাচনত কেৱল চৌটালা পৰিয়ালৰ সদস্যই ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে । প্রাক্তন মুখ্যমন্ত্রী বংশীলালৰ পৰিয়ালটোও এইবাৰ প্রতিযোগিতাৰ সন্মুখীন হ’বলৈ গৈ আছে ৷ তোছাম আসনৰ পৰা বি জে পিয়ে ৰাজ্যসভাৰ সাংসদ কিৰণ চৌধুৰীৰ কন্যা শ্ৰুতি চৌধুৰীক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে । ইফালে বৰদেউতাকৰ পুত্ৰ অৰ্থাৎ শ্ৰুতি চৌধুৰীৰ ভাতৃ অনিৰুদ্ধ চৌধুৰী কংগ্ৰেছৰ টিকটত তেওঁৰ সন্মুখত নিৰ্বাচনী খেলপথাৰত নামিছে । ২০১৯ চনত এই আসনৰ পৰা কংগ্ৰেছৰ বিধায়ক হৈছিল কিৰণ চৌধুৰী ।

উচানা আসনত দুটা পৰিয়ালৰ মাজত যুদ্ধ: এই বিধানসভা নিৰ্বাচনত আন এখন আসন গুৰুত্বপূৰ্ণ হৈ পৰিছে উচানা । এই আসনখন যোৱা কেইটামান নিৰ্বাচনৰ পৰা হাৰিয়ানাৰ হট ছিট হৈ আহিছে । উচানা আসনত পুনৰ ৰাজনৈতিক যুঁজ দেখা যাব ছাৰ চটু ৰামৰ নাতি বীৰেন্দ্ৰ সিঙৰ পৰিয়াল আৰু বৰদেউতাক দেৱী লালৰ পৰিয়ালৰ মাজত । এইবাৰ জে জে পিৰ প্রার্থী হিচাপে প্রাক্তন উপ-মুখ্যমন্ত্রী দুষ্যন্ত চৌটালাই মুখামুখি হ’ব প্রাক্তন কেন্দ্রীয় মন্ত্রী চৌধুৰী বীৰেন্দ্র সিঙৰ পুত্র কংগ্রেছ প্রার্থী ব্রিজেন্দ্র সিঙৰ ৷ ২০১৯ চনত এই আসনত ব্রিজেন্দ্র সিঙৰ মাতৃ তথা বিজেপিৰ প্ৰাৰ্থী প্ৰেম লতাক পৰাস্ত কৰিছিল দুষ্যন্ত চৌটালাই ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰ নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা - JK Assembly polls 2024

জম্মু-কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সংগঠনৰ - JK Election 2024

ঝাৰখণ্ডৰ বি জে পি কৰ্মীয়ে লাঠী লৈ খেদিব বুলি কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই - Jharkhand assembly poll

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.