ETV Bharat / politics

ফলাফল ভাল হ’লেও অসমত কংগ্ৰেছতকৈ ভোটৰ হাৰ কমিল বিজেপিৰ - Lok Sabha Election results 2024 - LOK SABHA ELECTION RESULTS 2024

LS Polls 2024 results: ৪ জুনত ঘোষণা হ’ল দেশৰ অষ্টদশ লোকসভা নিৰ্বাচনৰ ফলাফল ৷ অসমত এই ফলাফলত ভোটৰ ব্যাপক তাৰতম্য দেখা গ’ল ৷ ভাল ফলাফল দেখুৱালেও কিন্তু কংগ্ৰেছতকৈ ভোটৰ হাৰ কমিল বিজেপিৰ ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

LS Polls 2024 results
Lok Sabha Election results 2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:46 PM IST

তেজপুৰ, ৫ জুন: ঘোষণা হ’ল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৷ এই ফলাফল মতে শাসকীয় এন ডি এই ২৯৩ খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী ইণ্ডি মিত্ৰজোঁটে লাভ কৰিলে ২৩২ খন আসন ৷ এতিয়া শাসনৰ বাঘজৰী কোনে ল’ব ইয়াকে লৈ দুয়োটা শিবিৰত ব্যাপক চৰ্চা আৰম্ভ হৈছে । অসমত ১৪ টা সংসদীয় সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে তেওঁলোকৰ দুই মিত্ৰশক্তি অগপ আৰু ইউপিপিএল উভয়েই ১ খনকৈ আসন লাভ কৰিছে ৷ কংগ্ৰেছে ৰাজ্যখনত লাভ কৰিছে তিনিখনকৈ আসন ৷

লগতে পঢ়ক: অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

বিজেপিয়ে যদিও অসমত এক ভাল ফল দেখুৱাইছে, কিন্তু ৰাজ্যখনৰ ভোটাৰ ৰাইজে এইবাৰ সমষ্টি অনুযায়ী চিন্তা চৰ্চা কৰিহে যে ভোট দিছে সেয়া স্পষ্ট হৈ পৰিছে ৷ কাৰণ বিজেপিয়ে যি ধৰণে লোকসভা নিৰ্বাচনত ভোট লাভ কৰিব বুলি দাবী কৰিছিল, সেয়া যেন হৈ নুঠিল । প্ৰায়কেইটা সমষ্টিত বিজেপিৰ ভোট বিভাজন হৈছে । গেৰুৱা দলটোৱে যদিও ৯ খন আসন লাভ কৰিছে, তেওঁলোকৰ ভোটাৰ হাৰ ৩৭.৪৩ % শতাংশ আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভোটৰ হাৰ হৈছে ৩৭.৪৮% শতাংশ । এই স্খলন বিজেপিৰ বাবে পৰৱৰ্তী পৰ্যায়ত ক্ষতিৰ কাৰণ হ’ব পাৰে ।

লগতে পঢ়ক: বহুদিনীয়া আশা পূৰণ: ১৫ বছৰৰ পিচত লোকসভালৈ অগপৰ প্ৰতিনিধি - Lok Sabha Election Results 2024

বিজেপি দলে এইবাৰ লোকসভা নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭,৪৬৭,৫৫৮ আৰু কংগ্ৰেছ দলে লাভ কৰা ভোটাৰ পৰিমাণ হল ৭, ৪৭৮, ০৭৭ ৷ অৰ্থাৎ বিজেপিয়ে কংগ্ৰেছ দলৰ তুলনাত ১০,৫১৫ টা ভোট কমকৈ লাভ কৰিছে । সামগ্ৰিকভাৱে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ ভোট বিভাজনৰ ধাৰাটোলৈ মান কৰিলে দেখা যায় যে অগপই ৬.৪৬% শতাংশ অৰ্থাৎ ১,২৮৯,৪৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলে ২.৪৩% শতাংশ অৰ্থাৎ ৪,৮৪,৬৮১ টা ভোট লাভ কৰিছে ।

লগতে পঢ়ক: তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

এ আই ইউ ডি এফে ৩.১৩% শতাংশ অৰ্থাৎ ৬,২৪,৩০৫ ভোট লাভ কৰিলেও এইবাৰ কংগ্ৰেছে এ আই ইউ ডি এফৰ দুৰ্গত মোক্ষম আঘাত হানিছে ৷ যাৰ বাবে এ আই ইউ ডি এফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা ঠাইত মুখথেকেচা খাইছে ৷ এইবাৰ অসমত কংগ্ৰেছৰ লগত মিত্ৰতাতো নাছিল এ আই ইউ ডি এফ ৷ বি পি এফ দলেও এ আই ইউ ডি এফ ৰ দৰে ৩.৮৬ % শতাংশ ভোট নিজৰ দখলত ৰাখে, অৰ্থাৎ বিপিএফৰ ভোটৰ সংখ্যা হৈছে ৭,৭১,০৮৯ । এক বুজন সংখ্যক ভোট অন্যান্য দলৰ হাতলৈ যায় আৰু সেই ভোটৰ হাৰ হৈছে ৬.২২% শতাংশ অৰ্থাৎ ১,২৪০,৬৬৯ টা ভোট, যিটো বৰপেটা সমষ্টিত অসম গণ পৰিষদ দলে লাভ কৰা ভোটৰ সংখ্যাত কৈ ৪৮,৭৯৫ টা কম ।

লগতে পঢ়ক: কি যাদুৰে আজমলৰ ফু-মন্ত্ৰ বশ কৰিলে ৰকিবুল হুছেইনে ? - Lok Sabha Election results 2024

ভোট বিভাজনৰ ফলত লাভ কংগ্ৰেছ বা বিজেপি এটা দলৰো হোৱা নাই, কাৰণ বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত লাভ কৰিছিল ৩ খন আসন ৷ সেই সময়ত কংগ্ৰেছৰ লগত মহাজোঁট নাছিল আৰু এইবাৰ ইণ্ডি মিত্ৰজোঁটত থকাৰ উপৰিও কংগ্ৰেছে পূৰ্বৰ তিনিখন আসনত আৰু বিজেপি পূৰ্বৰ ৯ খন অটুট থাকিল । অৱশ্যে দুই মিত্ৰদল অগপ আৰু ইউপিপিএলে লাভ কৰা দুখন আসনৰ সৈতে বিজেপি মিত্ৰজোঁটৰ আসনৰ সংখ্যা ১১ খন হয় ৷

ইফালে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত কেবাজনো প্ৰাৰ্থীয়ে নিজৰ সমষ্টি সলনি কৰিবলগীয়া হয় আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিচত ভোট বিভাজনে নিৰ্বাচনী ফলাফলত এক প্ৰভাৱ পেলাইছে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.