ETV Bharat / politics

সূতা কম্বল দিয়া দলক এতিয়া ৰাইজে ভোট নিদিয়ে: পীযুষ হাজৰিকা - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Election campaign in Barama : "এতিয়া আৰু কথাবোৰ আগৰ দৰে হৈ থকা নাই ৷ সূতা-কম্বল বিতৰণ কৰা দলক এতিয়াৰ ৰাইজে ভোট নিদিয়ে ৷ তাৰ সলনি অৰুণোদয় দিয়া দলকহে ৰাইজে ভোট দিব" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ মন্ত্ৰীগৰাকীয়ে সোমবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ সদৰী কৰে এই কথা ৷

LOK SABHA ELECTION 2024
বৰমাত নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 9:50 PM IST

বৰমাত নিৰ্বাচনী প্ৰচাৰ

বাক্সা, 29 এপ্ৰিল: বিটিআৰত চলিছে গেৰুৱা দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ সোমবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ ল’লে কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী সভাত অংশ ল'লে মন্ত্ৰী হাজৰীকাই ৷

মন্ত্ৰীগৰাকীৰ সৈতে সভাত উপস্থিত আছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰূপজ্যোতি কুৰ্মী আদি ৷ নিৰ্বাচনী সভাৰ অন্তত কেবিনেট মন্ত্ৰীগৰাকীয়ে বিটিআৰতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব বুলি সাংবাদিকৰ আগত কয় ৷

নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়া আৰু কথাবোৰ আগৰ দৰে হৈ থকা নাই ৷ সূতা-কম্বল বিতৰণ কৰা দলক এতিয়াৰ ৰাইজে ভোট নিদিয়ে ৷ তাৰ সলনি অৰুণোদয় দিয়া দলকহে ৰাইজে ভোট দিব ৷ পূৰ্বে বিটিআৰত কংগ্ৰেছ মানে সূতা-কম্বল দিয়া আৰু বিপিএফ মানে সূতা কম্বল অৰ্ডাৰ দিয়া দল বুলিয়ে ৰাইজৰ মাজত পৰিচিত আছিল বুলি দুয়োটা দলকে কঠোৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি কংগ্ৰেছৰ দিনত সাধাৰণ ৰাইজে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল ৷ সম্প্ৰতি ৰাজ্যত 18 খনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল থকা বাবে ৰাইজে উপযুক্ত চিকিৎসা লাভ কৰা বুলি মন্ত্ৰী হাজৰীকাই দাবী কৰে ৷ সেই অনুসৰি, বিৰোধী দল কংগ্ৰেছক হত্যাকাৰী দল হিচাপে আখ্যা দিব পাৰি বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

আনহাতে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস থকাৰ বাবে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ৰাইজে বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বৃহত্তৰ বিটিআৰ অঞ্চলত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিক ভোট দিয়াৰ প্ৰয়োজন বুলি বড়োৱে প্ৰকাশ কৰে ৷ কেন্দ্ৰ-ৰাজ্য উভয়তে বিজেপি চৰকাৰ থকা বাবেই বিটিআৰত প্ৰায় ৩৫ লাখ লোকে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰিছে বুলি প্ৰমোদ বড়োৱে কয় ৷

লগতে পঢ়ক: কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.