ETV Bharat / politics

পুত্ৰ বা কন্যাক উপ-নিৰ্বাচন খেলাব নেকি পৰিমল শুক্লবৈদ্যই ? ধলাইত কোন হ’ব শুক্লবৈদ্যৰ উত্তৰসূৰী ? - ASSAM BYE POLL

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 5:50 PM IST

Parimal Suklabaidya on Dhalai bye poll: ‘‘মোৰ পৰিয়ালতো আছে প্ৰাৰ্থিত্বৰ যোগ্য মানুহ ৷’’ কিয় ক’লে নৱ নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই ? কিয় ক’লে তেওঁৰ পত্নীয়ে 40 বছৰৰ পৰা দলৰ বাবে কাম কৰি অহাৰ কথা ? কিয় ক’লে নিজৰ পুত্ৰ আৰু জীয়াৰীও নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ যোগ্য বুলি ?

Parimal Suklabaidya on Dhalai bypoll
শিলচৰত পৰিমল শুক্লবৈদ্য (ETV Bharat Assam)

শিলচৰ, ৭ জুন : “চল্লিশ বছৰ ধৰি সজোৱা বাগিচা এখন মই যাৰ তাৰ হাতত তুলি দিব নোৱাৰো ৷ দলৰ মজিয়াত বিবেচনা কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব ৷ মোৰ পৰিয়ালতো যোগ্য মানুহ আছে ৷”- বৰাকৰ ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ এনেদৰে সৰৱ হৈছে শিলচৰৰ নৱ-নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য ৷

ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাৰ লগে লগে উপ-নিৰ্বাচনক লৈ গৰম হৈছে ধলাইৰ ৰাজনীতি ৷ ধলাই বিধানসভাত কোন হ’ব পৰিমল শুক্লবৈদ্যৰ উত্তৰসূৰী ? পৰিমল শুক্লবৈদ্যৰ উত্তৰসূৰীৰূপে উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে ক্ৰমাৎ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৷ এই কথাত ক্ষুন্ন হৈ পৰিছে ধলাইৰ পাঁচবাৰৰ বিধায়ক তথা নতুন সাংসদ পৰিমল শুক্লবৈদ্য ৷

শুক্লবৈদ্যৰ মন্তব্য, ‘‘মই এতিয়াও মৰি যোৱা নাই ৷ 65 বছৰৰ বয়সতো কিলোমিটাৰৰ পিচত কিলোমিটাৰ বাইক চলাব পাৰো ৷’’ পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাৰ লগে লগে উপ-নিৰ্বাচনক লৈ সংৰক্ষিত ধলাই সমষ্টিত যেন প্ৰতিযোগিতা আৰম্ভ হৈছে কোনে দখল কৰিব পৰিমল শুক্লবৈদ্যৰ দুৰ্গ ? এই লৈ একপ্ৰকাৰে প্ৰতিযোগিতা চলিছে বিজেপিৰ পালি নেতাসকলৰ মাজত ৷

শুকুৰবাৰে নতুন দিল্লীৰ সংসদ ভৱনৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হোৱা এন ডি এৰ নৱ-নিৰ্বাচিত সাংসদৰ সভাত উপস্থিত থাকে পৰিমল শুক্লবৈদ্য ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে ধলাইত অনুষ্ঠিত এক সম্বৰ্ধনা সভাত উপ-নিৰ্বাচনক লৈ তৎপৰ হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক একপ্ৰকাৰে সকীয়নি দিয়ে পৰিমল শুক্লবৈদ্যই ৷ ধলাই-নৰসিংপুৰ মণ্ডলত আয়োজিত সভাখনত পৰিমল শুক্লবৈদ্যই ‘‘মই এতিয়াও মৰি যোৱা নাই’’ বুলি দিয়া সকীয়নিয়ে স্পষ্ট কৰিছে যে কাছাৰৰ বিজেপিৰ ৰাজনীতিৰ বাঘজৰীডাল এতিয়াই এৰি দিব খোজা নাই তেওঁ । ‘‘৪০ বছৰ ধৰি সজোৱা বাগিচা যাৰে তাৰে হাতত তুলি দিবলৈ নিদিও’’ বুলি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক উদ্যেশ্যি পৰিমলে কয়,“প্ৰাৰ্থিত্ব বিচাৰি ধলাইত ভিৰ নকৰিব ৷ দলৰ মজিয়ালৈ যাওক ৷ সভাপতিৰ ওচৰত আৱেদন কৰক ৷ দলে বিবেচনা কৰিব কাক প্ৰাৰ্থী কৰা হ’ব ৷ ধলাইত ভিৰ কৰি কৰ্মীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব ৷‘‘

উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিৰ দেখি তেওঁ ক্ষুন্ন হোৱাৰ কথা বুজাই দি পৰিমল শুক্লবৈদ্যই কয় যে যোগ্যজনকে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব ৷ তেওঁৰ পৰিয়ালৰ পৰা যে কোনো প্ৰাৰ্থী নহ’ব সেয়াও জনাই দিয়ে নৱ নিৰ্বাচিত সাংসদজনে ৷ লগতে তেওঁ কয় “মোৰ পৰিয়ালতো যোগ্য মানুহ আছে ৷ মোৰ পত্নীয়ে 40 বছৰৰ পৰা দলৰ বাবে কাম কৰি আহিছে ৷ পুত্ৰ আৰু জীয়াৰীয়ো যোগ্য ৷ কিন্তু মোৰ পৰিয়ালৰ কোনেও নিৰ্বাচন নেখেলে ৷’’

নৱ-নিৰ্বাচিত সাংসদগৰাকীৰ স্পষ্ট কথা- ধলাই যাৰ হাতত তুলি দিয়া হ’ব, তেওঁ ধলাইৰ স্বভিমান, ধলাইৰ মাটি-বালিৰ হৈ, মানুহৰ হৈ কাম কৰিব লাগিব ৷

লগতে পঢ়ক: ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.