ETV Bharat / politics

জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:30 AM IST

Lakhimpur lok sabha constituency : লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰেহ-ৰূপ ৷ এই বিশেষ প্ৰতিবেদনত লখিমপুৰ লোকসভা সমষ্টি সন্দৰ্ভত এক অবলোকন ।

জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা
জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা

লখিমপুৰ, ১৯ এপ্ৰিল : ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি । ১২ নং লখিমপুৰ লোকসভা সমষ্টিত অন্তর্ভুক্ত হৈ আছে ৯ টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হ’ল লখিমপুৰ, ঢকুৱাখনা, নাওবৈচা, ৰঙানদী, ধেমাজি, চিচিবগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টি । বিগত সময়ত এই সমষ্টিত মাজুলী আৰু চাবুৱা সমষ্টি অন্তর্ভুক্ত হৈ আছিল ।

শেহতীয়াকৈ সমষ্টি পুনবিন্যাসত মাজুলী আৰু চাবুৱাক লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বাদ দিয়া হয় । ইয়াৰ বিপৰীতে নৱ গঠিত ৰঙানদী আৰু চিচিবৰ গাঁও সমষ্টি দুটা অন্তর্ভুক্ত কৰা হয় । বিধানসভা সমষ্টিৰ লেখেৰে পূৰ্বৰ দৰেই লখিমপুৰ লোকসভা সমষ্টিত একেই থাকিল যদিও ভোটাৰৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পালে ।

এইবাৰ লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৫৬৯৫৩১ টা । মুঠ ভোট কেন্দ্ৰ হ’ল ১৭৭৫ । পুলিং-প্ৰিজাইদিং ৩৫৫০ গৰাকী নিয়োজিত কৰা হৈছে । উল্লেখ্য যে, এইবাৰ লখিমপুৰ বিধানসভা সমষ্টিত ২৬ টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই ।

লক্ষণীয় যে, এইবাৰ সমষ্টিটোত মুঠ ৯ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত নামিছে । বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লব পেগু, ভিপিআইৰ বীৰেণ বাইলুং,আৰু নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰি, দেৱ নাথ পাইট, গোবিন বিশ্বকৰ্মা ।

সমষ্টি অনুসৰি লখিমপুৰ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভিতৰত এইবাৰ ভোটাৰৰ সংখ্যা হ’ল এনেধৰণৰ-

  • ৰঙানদী সমষ্টিত ১,৬৯,৮৫৫
  • নাওবৈচা সমষ্টিত ১,৫৮,৫১১
  • লখিমপুৰ সমষ্টিত ১,৬৬,৫০৯
  • ঢকুৱাখনা সমষ্টিত ১,৬০,৮৯৬
  • ধেমাজি সমষ্টিত ১,৭১,৬০২
  • চিচিবৰ গাঁও সমষ্টিত ১,৭৫,২০১
  • জোনাই সমষ্টিত ২,১৪,০৯৫
  • শদিয়া সমষ্টিত ১,৯৯,৬৬৫
  • ডুমডুমা সমষ্টিত ১,৪৩,১৯৫

ইয়াৰ ভিতৰত

  • পুৰুষ ভোটাৰৰ সংখ্যা ৭,৮১,৭৯৪
  • মহিলা ভোটাৰৰ সংখ্যা ৭,৮৪,৪৩২
  • তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৫

লগতে পঢ়ক : শাসক vs বিৰোধী : ১২ নং লখিমপুৰ লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election 2024

বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ৭ লাখ ৭৬ হাজাৰ ৪০৬ টা ভোটত বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা । তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোঁহাইক ৩ লাখ ৫০ হাজাৰ ৫৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পাইছিল ৪ লাখ ২৫ হাজাৰ ৮৫৫ টা ভোট । মুঠ ৯ টা বিধানসভা সমষ্টি থকা লখিমপুৰ লোকসভা সমষ্টিত সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই সৰ্বাধিক ভোট লাভ কৰিছিল জোনাই সমষ্টিত । জোনাই সমষ্টিত তেওঁ সৰ্বাধিক ১ লাখ ৫৭ হাজাৰ ২৬৪ টা ভোট পাইছিল ।

সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীজনে কিন্তু বিজেপিৰ প্ৰাৰ্থীয়ে পোৱা ভোটৰ আধাও পাবলৈ সক্ষম নহ’ল । সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীজনে লাভ কৰিলে ৪৭ হাজাৰ ৯৩২ টা ভোট ।

উল্লেখ্য যে, সেই নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল ১১ জনকৈ বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে । সেইসকলৰ ভিতৰত বিজেপিৰ প্ৰদান বৰুৱাই ৭ লাখ ৭৬ হাজাৰ ৪০৬ টা ভোট, কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে ৪ লাখ ২৫ হাজাৰ ৮৫৫ টা ভোট, এনচিপিৰ অনুপ প্ৰতীম বৰবৰুৱাই ৪ হাজাৰ ৫২৭টা, চিপিআই(এম) ৰ অমিয় কুমাৰ সন্দিকৈয়ে ১২ হাজাৰ ৮০৯ টা ভোট লাভ কৰিছিল ৷

লগতে চিপিআইৰ অৰূপ কলিতাই ১৩ হাজাৰ ৩৭৮ টা, অসম জন মৰ্চাৰ উবেইদুৰ ৰহমানে ৮ হাজাৰ ৭৩৮ টা, অসম দৃষ্টি পাৰ্টীৰ দিলীপ মৰাণে ৮ হাজাৰ ২৮৫ টা, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ভূপেন নৰহে ৫ হাজাৰ ৫৮১ টা,এছইউচিআই (চি) ৰ হেমকান্ত মিৰিয়ে ৪ হাজাৰ ৩৪ টা আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী আম্বাজ উদ্দিনে ৩ হাজাৰ ৮৯০ টা আৰু প্ৰভূলাল বৈষ্ণৱে ৪ হাজাৰ ৮৬৬ টা ভোট লাভ কৰিছিল । নিৰ্বাচনটোত সৰ্বমুঠ ১২ লাখ ৮৩ হাজাৰ ৯৫০ টা ভোট পলিং হৈছিল ।

শেহতীয়া সেই নিৰ্বাচনৰ তথ্যই লখিমপুৰ লোকসভা সমষ্টিত শাসকীয় বিজেপি দলৰ শক্তিশালী স্থিতিৰ প্ৰতিচ্ছবি তুলি ধৰিছে । বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ স্থিতি ওলাই কৰিব নোৱাৰিলেও ভোটৰ ব্যৱধান আছিল তিনি লক্ষাধিক । সম্প্ৰতি বিজেপি দলে পূৰ্বৰ শক্তিশালী প্ৰাৰ্থী প্ৰদান বৰুৱাকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

বিপৰীতে কংগ্ৰেছ দলে তেওঁৰ সৈত ১৯৫২ চনৰ পৰা সৰহভাগ সময় কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত শেহতীয়াকৈ বিজেপিৰ স্থিতি বহুগুণে উচ্চ হৈ আছে । বিগত নিৰ্বাচনত তিনি লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছ দল পৰাস্ত হোৱাটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন ।

আনহাতে লক্ষ্যণীয় কথাটো হ’ল বিগত নিৰ্বাচনত ১১ জন প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৭ লাখ ৭৬ হাজাৰ ৪০৬ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীসহ আন দহজন প্ৰার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলেও তেওঁৰ সমান নহয়গৈ । দহজন প্ৰার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলে ৪ লাখ ৯১ হাজাৰ ৯৬৩ টাহে হয়গৈ । এই তথ্যই সমষ্টিটোত বিজেপিৰ স্থিতি বহুগুণে মজবুত সেই কথা প্ৰতীয়মান কৰে ।

লগতে পঢ়ক : ২০২৬ চনলৈ অসমত কংগ্ৰেছ নাথাকে: মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.