ETV Bharat / politics

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ : মুখ্য সচিবক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ - Panchayat delimitation

Opposition unity meets Chief Secretary of Assam : পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ প্ৰসংগ লৈ ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি দলৰ ৷ ১২টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে মঙলবাৰে মুখ্য সচিবগৰাকীক সাক্ষাৎ কৰি কেতবোৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Opposition unity meets chief secretary of Assam
মুখ্য সচিবক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 8:37 PM IST

গুৱাহাটী, ৬ আগষ্ট : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক জড়িত কৰি প্ৰকাশ কৰা চৰকাৰী জাননী বাতিল কৰাৰ দাবীৰে মঙলবাৰে বিৰোধী ঐক্য মঞ্চৰ এটা প্ৰতিনিধি দলে মুখ্য সচিব ড৹ ৰবি কোটাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

মুখ্য সচিবক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ (ETV Bharat Assam)

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১২টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে আজি মুখ্য সচিবগৰাকীক সাক্ষাৎ কৰি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ প্ৰতিবাদ জনায় আৰু ডিলিমিটেশ্যনৰ জাননী শুদ্ধ কৰি নতুনকৈ দিবৰ বাবে আহ্বান জনায় ৷

প্ৰতিনিধি দলটোত কংগ্ৰেছ দলৰ হৈ বিধায়িকা নন্দিতা দাস, এন চি পিৰ পৰেশ বৰুৱা, চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, ৰাইজৰ দলৰ চিন্ময় বৰা, চি পি আই এম এলৰ বলীন্দ্ৰ শইকীয়া, পি এল পিৰ চৰণ ডেকা, চি পি আই এমৰ নগেন ভূঞা, ফৰৱাৰ্ড ব্লকৰ তপন দেৱনাথ উপস্থিত থাকে ৷ মুখ্য সচিবগৰাকীয়ে বিৰোধী ঐক্য মঞ্চৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি বিষয়টো বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে ৷

স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিচত সংবাদ মাধ্যমৰ আগত ৰিপুণ বৰাই কয়, ‘‘ বিজেপি চৰকাৰে শেহতীয়াভাৱে পঞ্চায়তী আইন সংশোধন কৰি পঞ্চায়তসমূহ, উন্নয়ন খণ্ড, জিলা পৰিষদ ইত্যাদিৰ সীমা নিৰ্ধাৰণৰ বাবে জাৰি কৰা এছ অ’ পিৰ কমিটিসমূহত কেৱল শাসকীয় দলৰ মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ বাহিৰে কেনো বিৰোধী দলৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা নাই ৷ একপক্ষীয়ভাৱে বিজেপিয়ে অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাক বিজেপিকৰণ কৰি একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা চলাইছে এই কাৰ্য সংবিধান তথা গণতন্ত্ৰবিৰোধী ৷ এই ব্যৱস্থাক প্ৰত্যাহাৰ কৰিবৰ বাবে আৰু ঘোষণা কৰা এছ অ’ পি পুনৰ সংশোধন কৰি ৰাজনৈতিক দলসমূহৰ মতামত সাব্যস্ত কৰিব পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আজি ‘অসম বিৰোধী ঐক্য মঞ্চ’ৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবক এক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ৷’’

আনহাতে লুৰীণজ্যোতি গগৈ কয়, ‘‘ আজি বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটাক সাক্ষাৎ কৰা হয় ৷ শেহতীয়াকৈ অসম চৰকাৰে পঞ্চায়ত আইন সংশোধন কৰি পঞ্চায়ত, উন্নয়ন খণ্ড, জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ বাবে জাৰি কৰা এছ অ’ পিৰ সমিতিসমূহত কেৱল শাসকীয় দলৰ মন্ত্ৰীকহে অন্তৰ্ভুক্ত কৰি একনায়কত্ববাদৰ পৰিচয় দিছে ৷ এই সমিতিসমূহত বিৰোধী দলৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত নকৰাটো চৰকাৰৰ অগণতান্ত্ৰিক আচৰণ ৷ ৰাজ্য চৰকাৰখনৰ এই ব্যৱস্থাক প্ৰত্যাহাৰ কৰিবৰ বাবে আৰু ঘোষণা কৰা এছ অ' পিৰ সংশোধন কৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ মতামত সাব্যস্ত কৰিব পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মুখ্য সচিবক স্মাৰকপত্ৰ প্ৰদান কৰা হয় ৷’’

লগতে পঢ়ক : সীমা নিৰ্ধাৰণৰ প্ৰভাৱ বিশ্লেষণ: ভাৰতীয় ৰাজনীতিত দক্ষিণৰ ৰাজ্যসমূহৰ ভৱিষ্যত

লগতে পঢ়ক : পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.