ETV Bharat / politics

সংসদৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ; মণিপুৰ হিংসা সন্দৰ্ভত আলোচনাৰ দাবী কংগ্ৰেছ-চিপিআইৰ - OPPOSITION PROTEST

সাংসদ জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ সন্দৰ্ভত নীৰৱতা ভংগ কৰা উচিত । তেওঁ মণিপুৰলৈ গৈ তাৰ জনসাধাৰণৰ সৈতে থাকিব লাগে ।

Opposition Protest over Manipur
জয়ৰাম ৰমেশ আৰু ডি ৰাজা (ANI)
author img

By ANI

Published : Dec 9, 2024, 3:52 PM IST

নতুন দিল্লী : মণিপুৰ সংকট সন্দৰ্ভত নীৰৱতাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে । তেওঁ কয় যে ইণ্ডিয়া ব্লকৰ অন্তৰ্ভুক্ত সকলো দলে বিষয়টোত প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ দাবী জনাইছে । লগতে মণিপুৰৰ পৰিস্থিতি উপেক্ষা কৰি বিশ্ব ভ্ৰমণ কৰাৰ বাবে তেওঁক সমালোচনা কৰে ।

"মণিপুৰৰ বিষয়ত ইণ্ডিয়া ব্লকত থকা সকলো দল যন্তৰ-মন্তৰত একত্ৰিত হৈছে আৰু তেওঁলোকে দাবী কৰে যে বিশ্বজুৰি ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীয়ে কিন্তু সংঘাত আৰম্ভ হোৱাৰ ১৮ মাহ সম্পূৰ্ণ হোৱাৰ পিচতো মণিপুৰ ভ্ৰমণ কৰিবলৈ সময় নাই । মুখ্যমন্ত্ৰীয়ে (মণিপুৰৰ) তাত শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ হৈছে, আমি তেওঁৰ পদত্যাগ বিচাৰো... প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নীৰৱতা ভংগ কৰা উচিত, তেওঁ গৈ তাত থাকিব লাগে (মণিপুৰত) । এইটো আমি দাবী কৰা নাই, ৰাজ্যখনৰ জনসাধাৰণে দাবী কৰি আছে ।" তেওঁ কয় ।

প্ৰতিবাদত যোগদান কৰা চি পি আই নেতা ডি ৰাজাই মণিপুৰ বিষয়ত বিজেপিক নীৰৱতা ভংগৰ বাবে আহ্বান জনায় । তেওঁ সংসদত বিষয়টো সন্দৰ্ভত বিতৰ্ক কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে চৰকাৰকো সমালোচনা কৰে ।

"প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে সদায় দাবী কৰে- প্ৰথমে ৰাষ্ট্ৰ । আমাৰ সৰল প্ৰশ্নটো হ'ল, মণিপুৰ দেশৰ অংশ হয় নে নহয় । প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ে কিয় একো উচ্চাৰণ কৰা নাই ? মণিপুৰ বিষয়ত সংসদত বিতৰ্কৰ বাবে চৰকাৰে কিয় সন্মত হোৱা নাই ? মণিপুৰত অস্থিৰতা অব্যাহত আছে, মানুহে ভুগি আছে, কিন্তু কোনো ৰাজনৈতিক সমাধান নাই। আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে (মণিপুৰৰ) পদত্যাগ কৰিব লাগে...।" তেওঁ লগতে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি বিৰোধী সাংসদসকলে আদানি বিষয়টোক লৈ সংসদ চৌহদত এক প্ৰতিবাদ সাব্যস্ত কৰে । তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ সদস্যসকলে অৱশ্যে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা নাছিল । জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ (এন চি পি-এছ পি) সাংসদ সুপ্ৰিয়া চুলেও প্ৰতিবাদত উপস্থিত নাছিল । সংসদৰ প্ৰথম শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হৈছে । অৱশ্যে ব্যাঘাতৰ বাবে দুয়োখন সদন অতি সোনকালে স্থগিত ৰাখিবলগা হৈছে । এই শীতকালীন অধিবেশন ২০ ডিচেম্বৰলৈকে চলিব ।

লগতে পঢ়ক :পুৱাই হাহাকাৰ লাগিল ! বোমাৰে ৪০ খনকৈ স্কুল উৰুৱাই দিয়াৰ ভাবুকি
লগতে পঢ়ক :নতুন অপৰাধমূলক আইন; সাৰি নাযাব বিদেশত আশ্ৰয় লোৱা অপৰাধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.