ETV Bharat / politics

ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ বিধেয়ক উত্থাপন কৰাক লৈ বিৰোধীৰ সদন ত্যাগ - Assam Assembly Autumn Session

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 3:44 PM IST

Updated : Aug 22, 2024, 5:24 PM IST

Assam oppositions leaves house : সদনত সংবিধানবিৰোধী আইন অনাৰ অভিযোগত সদন ত্যাগ কৰিলে বিৰোধীয়ে ৷ ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ বিধেয়কক সংবিধানবিৰোধী আখ্যা ৷

Assam oppositions leaves house
অসম বিধানসভা (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত আইন অনাৰ বাবে উত্থাপন কৰা বিধেয়কক লৈ আজি উত্তপ্ত হৈ পৰে অসম বিধানসভা ৷ ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ বাবে নতুন আইন অনাৰ বিৰোধিতা কৰি আজি সদন ত্যাগ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধীয়ে দুবাৰকৈ সদন ত্যাগ কৰে ।

বিতৰ্কিত বিধেয়কক লৈ বিৰোধীৰ সদন ত্যাগ (Assam Legislative Assembly)

প্ৰথমবাৰ স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠন চলোৱাৰ অভিযোগ তুলি বিৰোধীয়ে সদন ত্যাগ কৰে । ইয়াৰ পিছত মাটিৰ ক্ৰয়-বিক্ৰয়ক লৈ সদনত বিধেয়ক উত্থাপন কৰাক লৈ বিৰোধীয়ে সদন ত্যাগ কৰে । এই সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলে কয়, ‘‘হিন্দুৱে মুছলমানৰ আৰু মুছলমানে হিন্দুৰ মাটি ক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমতি ল’ব লাগিব বুলি আইন অনাৰ বাবে আজি সদনত বিধেয়ক উত্থাপন কৰাৰ বাবে অধ্যক্ষই অনুমতি দিয়ে । বিৰোধীয়ে এই বিধেয়কৰ বিৰোধিতা কৰাৰ পিছতো অধ্যক্ষই অনুমতি দিয়াত আমি কংগ্ৰেছ দলে সদন ত্যাগ কৰো । মাটি বেচা-কিনাৰ যি আইন আনিব বিচাৰিছে সেয়া সংবিধান বিৰোধী । ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ আইন কোনো কাৰণতে মানি ল’ব নোৱাৰি । সংবিধানবিৰোধী কামত অধ্যক্ষই অনুমতি দিয়া বাবে আমি সদন ত্যাগ কৰিলো ৷’’

আনহাতে বিধায়ক শ্বেৰমান আলীয়ে কয়, ‘‘সংবিধানে ভাৰতীয় নাগৰিকৰ মাজত বিভাজন অনা নাই ৷ কিন্তু অসম চৰকাৰে সংবিধানবিৰোধী আইন আনিছে । ধৰ্মৰ নামত বিভাজন আনিব বিচাৰিছে । এই আইনৰ যোগেদি ভাৰতীয় সংবিধান উলংঘা কৰা হৈছে ৷ বিধানসভাৰ অধ্যক্ষ সংবিধানৰ ৰক্ষক ৷ দুৰ্ভাগ্যজনক যে সংবিধান অৱমাননা কৰা বিধেয়কখন উত্থাপনৰ ক্ষেত্ৰত অধ্যক্ষই অনুমতি দিলে ।’’

ইফালে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয়, ‘‘অধ্যক্ষই সংবিধানবিৰোধী বিধেয়ক উত্থাপনত অনুমতি দিছে ৷ সদনত সংবিধানবিৰোধী কথা আইন কেনেকৈ হ’ব ? ধৰ্মৰ আধাৰত মাটি কিনা-বেচা কৰিবলৈ হ’লে মুখ্যমন্ত্ৰীৰ অনুমতি লগা আইন আনিব বিচাৰিছে । সংবিধানবিৰোধী আইন অনাৰ বাবে আমি সদন ত্যাগ কৰি প্ৰতিবাদ কৰিছো ৷’’

লগতে পঢ়ক : অসমত ভিন্নধর্মী লোকৰ মাজত মাটি ক্রয়-বিক্রয়ত তিনি মাহলৈ নিষেধাজ্ঞা

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ?

মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল নাই: ড৹ চহিৰ ভূঞা

Last Updated : Aug 22, 2024, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.