বৰপেটাৰোড, 13 মাৰ্চ : ‘‘মই দলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আগবাঢ়িছোঁ । কাৰণ দলে মোক যথেষ্টখিনি দিছে ৷ দলৰ এগৰাকী কৰ্মী হিচাপে, এগৰাকী সৈনিক হিচাপে মই একোৱেই দিব পৰা নাই বুলি আজিৰ দিনটোত অনুভৱ হৈছে’’, এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ৷
বুধবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অসম গণ পৰিষদ দলৰ সাংগঠনিক সভাত অংশ লৈ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘ছালেকাটিৰ পৰা আমিনগাঁৱলৈ অন্তৰ্ভুক্ত বৰপেটা লোকসভা সমষ্টি । এই বৃহৎ লোকসভা সমষ্টিটোৰ বহু সমস্যা আছে । তাৰে বহু সমস্যা কেন্দ্ৰীয় চৰকাৰৰ আৰু বহু সমস্যা ৰাজ্য চৰকাৰৰ অধীনস্থ ৷ সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি বৰপেটা লোকসভা সমষ্টিৰ ভিতৰৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব ৷’’
বৰপেটাত মিত্ৰদলৰ সন্মুখত বিৰোধী নাই বুলি উল্লেখ কৰি বৰপেটাত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিৰোধীয়ে ‘ৱাক অভাৰ’ দিয়া বুলিও উল্লেখ কৰে ৷ বৃহস্পতিবাৰে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে উপস্থিত হ’বলগীয়া সভাত অভাৱনীয়ভাৱে জনসমাগম ঘটিব বুলি উল্লেখ কৰি এইবেলি বৰপেটাৰ নিৰ্বাচন একপক্ষীয় হ’ব বুলিও কয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ।
ফণীভূষণ চৌধুৰীয়ে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েই থাকিব বুলি উল্লেখ কৰে ফণীভূষণ চৌধুৰীয়ে ৷ আনহাতে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপই কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেয়া সেই সময়ত দলে সিদ্ধান্ত ল’ব বুলিও মন্তব্য কৰে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷
উল্লেখ্য যে অগপৰ আজিৰ সাংগঠনিক সভাত প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন মন্ত্ৰী তথা সাংসদ কুমাৰ দীপক দাসকে ধৰি কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।
লগতে পঢ়ক: নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ