ETV Bharat / politics

লোকসভা নিৰ্বাচন তথা প্ৰথম ভোটদান সন্দৰ্ভত দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:33 PM IST

LS Polls 2024: যুৱ প্ৰজন্মৰ ভোটাৰৰ মনৰ কথাৰে দৰং মহাবিদ্যালয়ৰ Campus ৰ পৰা ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Etv Bharat
Etv Bharat
ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাস

তেজপুৰ, ১ এপ্ৰিল: ৰঙালী বিহুৰ ঠিক পিচতেই অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ইতিমধ্যে ৰাজনৈতিক দলসমূহে ভোটাৰক আকৃষ্ট কৰিবলৈ বিভিন্ন কৌশল, প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । এইবাৰো একাংশ নতুন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । কিন্তু এইসকল ভোটাৰে কি বিচাৰে ? তেওঁলোকে কি চাই ভোট দিব দল নে প্ৰাৰ্থী ? এই বিষয়ে জানিবলৈ আমাৰ সাংবাদিক কাষ চাপিছিল উত্তৰ অসমৰ নালন্দা খ্যাত ঐতিহাসিক তেজপুৰ দৰং মহাবিদ্যালয়ৰ কেম্পাছত একাংশ শিক্ষাৰ্থীৰ ।

১৯৪৫ চনত স্থাপন হোৱা উত্তৰ অসমৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰে এজন দক্ষ সাংসদ । ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচন ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে যুৱপ্ৰজন্মৰ আৰু প্ৰথমবাৰৰ ভোটাৰে এক প্রকাৰ নিশ্চিত কৰিছে কেনে হ'ব লাগে তেওঁলোকৰ প্ৰাৰ্থী ।

শোণিতপুৰ লোকসভা সমষ্টিৰ নৱ প্ৰজন্মৰ ভোটাৰে বিচাৰে দিল্লীৰ সংসদত গৈ বজ্রকণ্ঠৰে অসমৰ তথা শোণিতপুৰৰ সমস্যাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিব পৰা সাংসদ ।

  • " class="align-text-top noRightClick twitterSection" data="">

এগৰাকী শিক্ষাৰ্থীয়ে কয় যে তেওঁলোকে কাক ভোট দিব তাকলৈ তেওঁলোক বিভ্ৰান্ত । অসমীয়া জাতিৰ হকে, যুৱপ্ৰজন্মৰ হকে মাত মাতিব পৰা সাংসদ লাগে তেওঁলোকক । নিৰ্বাচনৰ পিচতে জনতাক পাহৰা নেতা নালাগে তেওঁলোকক । নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগও উত্থাপন কৰিলে একাংশ । ৰাজ্যৰ যাতে সমস্যা সমাধান হয় তাৰ বাবে প্ৰাৰ্থীসকলক আহ্বান জনায় তেওঁলোকে ।

নিবনুৱা সমস্যা, ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসন, প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰা, গণতন্ত্ৰ ৰক্ষা আদি কেবাটাও প্ৰসংগ উত্থাপন কৰে এগৰাকী শিক্ষাৰ্থীয়ে । তেজপুৰ সমষ্টিৰ পূৰ্বৰ সাংসদ পল্লৱ লোচন দাসৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিলে একাংশই । স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে কাম কৰা এজন সাংসদ বিচাৰে এগৰাকী ছাত্ৰীয়ে । লগতে গণতন্ত্ৰত বিৰোধীৰ ভূমিকাৰ কথা সোঁৱৰাই দি এগৰাকী শিক্ষাৰ্থীয়ে কয় যে যিহেতু বৰ্তমান সময়ত একোজন প্ৰাৰ্থীয়ে আজি এটা দলত থাকি কাইলৈ আন এটা দললৈ জপিয়াই ফুৰিছে গতিকে তেওঁলোকৰ ওপৰত বিশ্বাস হেৰাই গৈছে ।

লগতে পঢ়ক: কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; বাখ্যা শুনক বদৰুদ্দিন আজমলৰ মুখেৰে - Ajmal Controversial Statement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.