ETV Bharat / politics

নিৰ্বাচনত 1 লাখ চাফাই কৰ্মীৰ NOTA ত ভোট দিয়াৰ সিদ্ধান্ত - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 5:56 PM IST

NOTA VOTE IN LS ELECTION : দীৰ্ঘদিনীয়া অভাৱ-অভিযোগেৰে অতিষ্ঠ ৰাজ্যৰ চাফাই কৰ্মীসকল ৷ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকক প্ৰাৰ্থীসকলে দিয়ে মাথো প্ৰতিশ্ৰুতি ৷ তাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দেওবাৰে সংবাদমেল সম্বোধন কৰে চাফাই ইউনিয়নে ৷

PRESS MEET
চাফাই কৰ্মীৰ সংবাদমেল
চাফাই ইউনিয়নৰ সংবাদমেল

গুৱাহাটী, 28 এপ্ৰিল : দুটাকৈ পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ পিছত ৰাজ্যত 7 মে’ত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উঠি-পৰি প্ৰচাৰত লাগিছে প্ৰতিটো ৰাজনৈতিক দল ৷ পিছে এতিয়া চাফাই কৰ্মীসকলৰ সিদ্ধান্তৰ পিছত অথন্তৰহে লাগিছে শাসকীয় দল বিজেপিত ৷

তেওঁলোকেনো এনে কি সিদ্ধান্ত ল’লে যাৰ প্ৰভাৱ পৰিব পাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৷

আচল কথাটো হৈছে ৰাজ্যৰ চাফাই কৰ্মীসকলে এইবাৰ নিৰ্বাচনত NOTA ত ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সন্দৰ্ভত চাফাইকৰ্মী ইউনিয়নে দেওবাৰে এক সংবাদমেল সম্বোধন কৰি শাসক-বিৰোধী পক্ষৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ তেওঁলোকে উত্থাপন কৰা অভিযোগ অনুসৰি, চৰকাৰৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীসকলে চাফাই কৰ্মীসকলক দীৰ্ঘদিনে প্ৰৱঞ্চনা কৰি আহিছে ৷

প্ৰায় প্ৰতিবাৰে ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচনী প্ৰাৰ্থীসকলে চাফাই কৰ্মীসকল বাস কৰা অঞ্চলত উপস্থিত হৈ উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি দিয়ে ৷ পৰৱৰ্তী সময়ত নিৰ্বাচন শেষ হোৱাৰ পিছতে সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷ প্ৰায় প্ৰতিবাৰেই চাফাই কৰ্মীসকলে এনেদৰে সন্মুখীন হয় প্ৰৱঞ্চনাৰ ৷ সেইবাবে এইবেলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে NOTA ভোট প্ৰদান কৰাৰ ৷

উল্লেখ্য যে. প্ৰায় 50 বছৰ পূৰ্বৰে পৰা চাফাইকৰ্মী সকলে সন্মুখীন হৈ অহা সমস্যাৰ আজিকোপতি কোনো স্থায়ী সমাধান নোলোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিশেষকৈ হৰিজন ক’লনীত বাস কৰা লোকসকলে দীৰ্ঘদিনে খোৱাপানীৰ সমস্যা, সুলভ শৌচালয়ৰ অভাৱ আদিকে ধৰি এশ-এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে ৷

প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰাৰ্থীসকলে এই সমস্যাসমূহৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে আদায় কৰে ভোট ৷ পৰৱৰ্তী নিৰ্বাচন নহালৈকে তেওঁলোকক আৰু সেই অঞ্চলত দেখা পোৱা নাযায় ৷ প্ৰতিবাৰেই হোৱা এনে বঞ্চনাৰ বাবে অতিষ্ঠ হৈ পৰিছে চাফাই কৰ্মীসকল ৷

ইউনিয়নে সংবাদমেলত দাবী কৰা অনুসৰি, এইবেলি কি বিজেপি, কি কংগ্ৰেছ কোনো এটা দলৰে নিৰ্বাচনী প্ৰাৰ্থী তেওঁলোকৰ অঞ্চললৈ ভোট ভিক্ষাৰ বাবে অহা নাই ৷ তাৰ সলনি নিশাৰ এন্ধাৰত একাংশ দলীয় নেতা-কৰ্মীহে আহি চাফাই কৰ্মীসকলৰ সৈতে বুজাবুজি কৰিবলৈ চেষ্টা কৰা বুলি সদৰি কৰে ৷

এতিয়া চাফাই কৰ্মীসকলৰ এটাই দাবী যে, যদিহে নিৰ্বাচনী প্ৰাৰ্থীসকলে তেওঁলোকে বাস কৰা অঞ্চললৈ আহি সংবাদমেলযোগে ৰাজহুৱাভাৱে ওপৰোক্ত সমস্যাসমূহৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰে, তেন্তে তেওঁলোকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নোটা (NOTA) ভোট প্ৰদান কৰিব ৷ তদুপৰি মুখ্যমন্ত্ৰীকো এইক্ষেত্ৰত লিখিত প্ৰতিশ্ৰুতি দিবলৈ দাবী জনাইছে চাফাই কৰ্মীসকলে ৷

লগতে পঢ়ক: আজৱকাণ্ড; যোৰহাট পৌৰসভাৰ চাফাই কৰ্মীৰ দুমাহৰ দৰমহা সোমাল মাত্ৰ ৭.৭৫ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.