ETV Bharat / politics

আজি নিৰ্ণয় হ’ব লোকসভাৰ অধ্যক্ষ : ওম বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কে সুৰেশৰ - Lok Sabha Speaker election

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 11:15 AM IST

OM BIRLA VS K SURESH : আজি বহু প্ৰতীক্ষিত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ইণ্ডি এলায়েন্সৰ কে সুৰেশ ৷ কোন মাৰিব শেষ হাঁহি, দৃষ্টি আৱদ্ধ থাকিব সকলোৰে ৷

LOK SABHA SPEAKER ELECTION
আজি লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন (Etv Bharat)

নেশ্যনেল ডেস্ক, 26 জুন: বুধবাৰে লোকসভাৰ অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ইণ্ডি এলায়েন্সৰ কে সুৰেশ ৷ শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছ নেতৃত্বাধীন ভাৰতৰ বিৰোধী দলে এক চুক্তিত উপনীত হ'বলৈ অক্ষম হোৱাৰ বাবে দশকজোৰা পৰম্পৰা ভংগ কৰি এইবেলি অনুষ্ঠিত হ’ব এই নিৰ্বাচন ৷

ইয়াৰ আগতে ১৯৫২ চনত, ১৯৬৭ ত আৰু ১৯৭৬ চনত মাত্ৰ তিনিবাৰৰ বাবেহে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

ৰাজস্থানৰ কোটাৰ এজন অভিজ্ঞ তথা তিনিবাৰৰ সাংসদ ওম বিৰলাই এন ডি এৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ পূৰ্বে সপ্তদশ লোকসভাৰ সময়তো অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিৰলাই ।

আনহাতে, কেৰালাৰ মাভেলিকাৰা সমষ্টিৰ বাসিন্দা বিৰলাৰ প্ৰতিদ্বন্দ্বী কে সুৰেশ আঠবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা এগৰাকী প্ৰবীণ সাংসদ হোৱাৰ সমানে লোকসভাত সৰ্বাধিক দীৰ্ঘ সময় অতিবাহিত কৰা এগৰাকী সংসদীয় সদস্য হিচাপে পৰিচিত ।

বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই অধিৱেশনৰ সময়ত তেওঁলোকৰ সদস্যসকলৰ উপস্থিতি বাধ্যতামূলক কৰি তিনি শাৰীৰ হুইপ জাৰি কৰিছে ৷ যিয়ে আজিৰ নিৰ্বাচনৰ তাৎপৰ্য আৰু তীব্ৰতাৰ ইংগিত প্ৰদান কৰিছে ৷

এইবেলি লোকসভাৰ নিৰ্বাচনত এন ডি এ-য়ে ৫৪৩ খন আসনৰ ভিতৰত ২৯৩ খন আসন দখল কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকে লাভ কৰিছিল ২৩৪ খন আসন ।

এই নিৰ্বাচনৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে, "আমি ৰাজনাথ সিঙক কৈছো যে, আমি তেওঁলোকৰ অধ্যক্ষক(প্ৰাৰ্থী) সমৰ্থন কৰিম যদিহে উপাধ্যক্ষৰ পদ বিৰোধীক দিয়া হয়" ৷

উল্লেখ্য যে, ২৪ জুনৰ পৰা আৰম্ভ হোৱা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন সমাপ্ত হ’ব ৩ জুলাইত ৷ আনহাতে, ৰাজ্যসভাৰ 264 তম অধিৱেশন আৰম্ভ হ’ব 27 জুনৰ পৰা ৷

21798719

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.