ETV Bharat / politics

এদিন তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপোনাৰ কন্দাৰ পাল: মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবাণ ৰকিবুল হুছেইনৰ - Rakibul Hussain criticizes CM Himanta

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 6:54 PM IST

Rakibul Hussain: মুখ্যমন্ত্ৰীৰ জালত ভৰি নিদিয়ে ৰকিবুল হুছেইনে ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাল পেলাই চকীৰ পৰা বগৰোৱাৰ প্ৰতিজ্ঞা নৱনিৰ্বাচিত সাংসদগৰাকীৰ ৷ ৰাজীৱ ভৱনত সম্ভাষণ গ্ৰহণ কৰি মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰকিবুল হুছেইন ৷

Rakibul Hussain
Rakibul Hussain criticizes CM Himanta (ETV Bharat Assam)

গুৱাহাটী, ৭ জুন: ‘‘২০২৬ ৰ আগতে চকীখন যাব বুলি গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যাৰ বাবে মুখ্যমন্ত্ৰীৰ মনত বেজাৰ । সেইটো তেওঁৰ মুখখনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে ।’’ এই মন্তব্য ধুবুৰীৰ নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নৱ-নিৰ্বাচিত তিনিগৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক দহ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হোৱা সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন (ETV Bharat Assam)

কাৰ জালত কোনে দিব ভৰি: ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীৰ এনে বেজাৰভৰা মুখ আগতে দেখা নাই । মুখ্যমন্ত্ৰীয়ে গম পাইছে যে ২০২৬ ৰ আগতে তেওঁৰ গাদী যাব । তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে যেতিয়া মোক প্ৰশংসা কৰিছিল তেতিয়া মই গম পাইছিলো যে মোৰ দিন বেয়ালৈ আহিল । কিন্তু মই কেতিয়াও তেওঁৰ জালত ভৰি নিদিওঁ । মই এনে জাল পেলাম যে তেওঁৰ দুইখন ভৰি লাগি লুটিবাগৰ খাই পৰিব ৷’’

লগতে পঢ়ক: ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

অশনি সংকেত: হুছেইনে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁক প্ৰথমে হিৰ' সজাই এতিয়া জয়ী হোৱা বাবে অশনি সংকেতৰ কথা কৈছে । বদৰুদ্দিন আজমল পৰাজিত হোৱা বাবে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে অশনি সংকেতৰ কথা কৈছে । ‘‘এসময়ত তৰুণ গগৈক কন্দুৱাইছিল আৰু এতিয়া আপোনাৰ কন্দাৰ পাল’’ বুলি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ তিনি ৰাজ্যত কিয় খালী হাতে উভতিল বিজেপি ? - lok sabha election results 2024

চকী লৰিছে মুখ্যমন্ত্ৰীৰ: উজনিৰ ৰাইজে মুখ্যমন্ত্ৰীক ৰিজেক্ট কৰিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ চকীখনক লৈ ভয় হৈছে আৰু যাৰ বাবে বহাৰ আগত চকীখন ধৰি ৰাখে । আজমলক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰীয়ে কি কৰা নাছিল ? হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে কংগ্ৰেছৰ ঢৌত জয়ী হৈছিল আৰু বিজেপিলৈ যোৱাৰ পিচত তেওঁ বিজেপিৰ ঢৌত জয়ী হৈছে । মুখ্যমন্ত্ৰীয়ে কোৱা ধুবুৰীৰ চাৰিটা সমষ্টিৰ ৰাইজেও কংগ্ৰেছকে আঁকোৱালি লৈছে । কোচ ৰাজবংশীয় সমাজেও বিজেপিক প্ৰত্যাখ্যান কৰি কংগ্ৰেছক ভোট দিলে বুলি তেওঁ সদৰী কৰে ।

বিজেপিৰ মানুহেই ভাঙিব চৰকাৰ: দিল্লীত ভেটি থৰক-বৰক হৈছে বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে লগতে কয় যে বিজেপিৰ মানুহেই চৰকাৰ ভাঙিব । আনহাতে অসমত পুৰণি বিজেপিয়ে দলটো ভাঙিব বুলিও তেওঁ কয় । সকলো কংগ্ৰেছ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ধুবুৰীৰ ভোট দিয়া-নিদিয়া সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ পৰাজয়ে মুখ্যমন্ত্ৰীক শংকিত কৰিছে ! - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.