ETV Bharat / politics

বিহালীত অন্তিম দিনটোত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - BEHALI ASSEMBLY CONSTITUENCY

আকৰ্ষণীয় হৈছে বিহালী বিধানসভা সমষ্টিৰ প্ৰচাৰ । যুঁজিবলৈ সাজু হৈছে চাৰিগৰাকী ।

Behali By Election
বিহালী বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 8:07 PM IST

বিশ্বনাথ: বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনালৈ মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে । মনোনয়ন পত্ৰ দাখিল কৰাৰ আজি অন্তিম দিনটোত তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগে লগে সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা চাৰিগৰাকী হয়গৈ ।

সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰা এই চাৰিগৰাকী প্ৰাৰ্থী হৈছে ক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয়ন্ত বৰা, ভাৰতীয় জনতা পাৰ্টিৰ দিগন্ত ঘাটোৱাৰ, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু চি পি আই(এম এল)ৰ লক্ষীকান্ত কুৰ্মী ।

আজি অন্তিম দিনটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু চি পি আই (এম এল)ৰ লক্ষীকান্ত কুৰ্মীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে, বিজেপিৰ দিগন্ত ঘাটোৱাৰে যোৱা ২৩ অক্টোবৰত মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখযোগ্য যে অহা ২৮ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ৩০ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্দ্ধাৰণ কৰা হৈছে ।

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মনোনয়ন দাখিল

বিহালীত অন্তিম দিনটোত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল (ETV Bharat Assam)

বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়িকা শিৱামণি বৰা, বিধায়ক আছিফ নাজাৰক লগত লৈ পাঁচ সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই এক বৃহৎ সমল উলিয়াই মনোনয়ন দাখিল কৰে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া মুনিন্দ্ৰ নাথ ঙাটেৰ হাতত।

ইফালে, মনোনয়ন পত্ৰ দিয়া পিছতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই কয়, "বিহালী সমষ্টিৰ ৰাইজৰ দাবী আছিল মই এটা ৰাষ্ট্ৰীয় দলত দলীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো, যাৰ ফলত ৰাইজৰ আশা পূৰণ হ'ল আৰু মোক ভোট দিবলৈ ৰাইজ ৰৈ আছে । ফলত বিহালীবাসীয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিপৰীতে মোক ভোট দিব । অহা ২০২৬ চনৰ পৰা যিহেতু অনুসূচীত জাতিৰ বাবে সমষ্টিটো সংৰক্ষিত হ'ল । সেয়েহে সমষ্টিটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অহা ২০২৬ চনত নিৰ্বাচন খেলিব নোৱাৰে, যাৰ ফলত বঞ্চিত হ'বলগীয়া হ'ল আন জনগোষ্ঠীৰ লোক । তাৰ বাবে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ আছে । বিজেপি দলৰ সলনি কংগ্ৰেছৰ পক্ষত সমষ্টিটোৰ আন আন জনগোষ্ঠীৰ লোকে ভোট দিব । "

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাক সংগ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে ৰাইজে এতিয়া বিকল্প বিচাৰি আছে আৰু উপযুক্ত স্থানীয় প্ৰাৰ্থী বিচাৰি আছিল । সেই কাম কংগ্ৰেছ দলে কৰিছে । ফলত বিহালীবাসীয়ে এজন উপযুক্ত প্ৰাৰ্থী লাভ কৰিছে যাৰ ফলত এইবাৰ বিহালী বিজেপিমুক্ত হ'ব ।

চি পি আই (এম এল)ৰ মনোনয়ন দাখিল

অসম সন্মিলিত মঞ্চৰ মনোনীত প্ৰাৰ্থী তথা চি পি আই(এম এল)দলৰ লক্ষীকান্ত কুৰ্মীয়েও আজি বিশ্বনাথ নগৰৰ পৰা সমদল কৰি আয়ুক্ত কাৰ্যলয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । জিলা নিৰ্বাচনী বিষয়া মুনিন্দ্ৰ নাথ ঙাটেৰ হাতত অৰ্পণ কৰে মনোনয়ন পত্ৰ । প্ৰাৰ্থীগৰাকীক সংগ দিয়ে অসম সন্মিলিত মঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, চি পি আই (এম) নেতা তথা সৰভোগৰ বিধয়ক মনোৰঞ্জন তালুকদাৰ, বিবেক দাসসহ অসম সন্মিলিত মঞ্চৰ শতাধিক নেতা-কৰ্মীয়ে ।

ইফালে, অসম সন্মিলিত মঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞাই কয়,"কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে । অহংকাৰ হৈছে কংগ্ৰেছ দলৰ । ফলত আমি অসম সন্মিলিত মঞ্চৰ ফালৰ পৰা চি পি আই এম এল দলক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দিছো । সম্পূৰ্ণভাৱে আমি সহযোগিতা কৰিম ।"

আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ মনোনয়ন দাখিল

আম আদমী পাৰ্টিৰ প্ৰাৰ্থী অনন্ত গগৈয়ে কেইবাগৰাকীও সমৰ্থকক লগত লৈ বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰাৰ্থীগৰাকীক সংগ দিয়ে আম আদমী পাৰ্টিৰ ৰাজ্যিক তত্বাবধায়ক ৰাজেশ শৰ্মা, আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাসহ ৰাজ্যিক সমিতিৰ কেইবাগৰাকী নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !
নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.