ETV Bharat / politics

প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Rakibul Hussain on Assam CM - RAKIBUL HUSSAIN ON ASSAM CM

Rakibul Hussain on AIUDF MLAs : ‘‘বিজেপি, AIUDF ৰ লগতে ঘৰশত্ৰুৰ সৈতেও যুঁজিব লগাত পৰিছে কংগ্ৰেছে ৷ AIUDF ৰ কোনো বিধায়কক কংগ্ৰেছলৈ আনিব নালাগে ৷ অৱশ্যে AIUDF ৰ তৃণমূলৰ কৰ্মীসকলৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা ৷’’ এয়া ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য় ৷

Rakibul Hussain on AIUDF MLAs
মুখ্যমন্ত্ৰীক কটাক্ষ ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:37 AM IST

জনীয়া/বৰপেটা, 13 জুন : ‘‘কংগ্ৰেছে কেৱল বিজেপি বা AIUDF ৰ সৈতে যুঁজিব লগীয়া হোৱা নাই ৷ ঘৰশত্ৰুৰ সৈতেও যুঁজিব লগাত পৰিছে কংগ্ৰেছে ৷’’ এই মন্তব্য ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ ৷

মুখ্যমন্ত্ৰীক কটাক্ষ ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীগৰাকী বিগত কেইটা দিনত আক্ৰমণাত্মক হৈ গৈছে ৷ তেওঁ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ শক্তি প্ৰদৰ্শন কৰি দেখুওৱা বুলি ভাবিছে ৷ কিন্তু সেইবোৰ সকলো সময়ৰ গতিত ধূলিসাৎ হৈ যায় ৷ মই কৈছো যে আপুনি ভালদৰে কাম কৰক ৷ মানুহৰ মন জয় কৰক ৷’’

বুধবাৰে কলগাছিয়াত 2 নং ধুবুৰী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক ৰাজহুৱা আদৰণি জনায় ৰূপসী ব্লক কংগ্ৰেছে । ৰাজহুৱা সম্বৰ্ধনা সভাত উপস্থিত থাকি ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে সাংসদ ৰকিবুল হুছেইনে । লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে কলগাছিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে হুছেইন ।

লগতে পঢ়ক : কংগ্ৰেছত নিষিদ্ধ এ আই ডি এফৰ বিধায়ক : ৰকিবুল হুছেইন - congress vs aiudf

প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পোষকতা কৰা ৰাজধৰ্ম পালন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ আহ্বান জনায় । নিজে কাঁচৰ ঘৰত থাকি আনৰ ঘৰত শিলগুটি নামাৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক একপ্ৰকাৰে সকীয়নি দিয়ে সাংসদগৰাকীয়ে । ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক উদ্দ্যেশি কয় যে এই বিশেষ শ্ৰেণীৰ মানুহখিনিৰ লগতে সাংবাদিকৰ নিৰাপত্তা আৰু হৈ যোৱা নিৰ্বাচনত চিপৰাং মৰা নেতাসকলৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ।

ইপিনে 2026 ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 92 খন আসন লাভ কৰিব বুলি কৰা দাবী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷ তেওঁ কয়, ‘‘যদিহে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে, তেন্তে বিজেপিয়ে বিধানসভা নিৰ্বাচনত 92 নহয় বৰঞ্চ 29 খন আসনহে লাভ কৰিব ৷ ’’

এইবোৰৰ উপৰিও তেওঁ AIUDF দল সন্দৰ্ভত কয় যে ইতিমধ্যে ৰাইজে তেওঁলোকক বিদায় দিছে ৷ ৰাইজে কথাবোৰ বুজি উঠিছে ৷ AIUDF ৰ কোনো বিধায়কক কংগ্ৰেছলৈ আনিব নালাগে বুলিও তেওঁ মন্তব্য কৰে । অৱশ্যে AIUDF ৰ তৃণমূলৰ কৰ্মীসকলে যদি কংগ্ৰেছলৈ আহিব বিচাৰে তেন্তে তেওঁলোকক আদৰি লোৱা হ‘ব বুলিও কয় ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : বিজেপিৰ দিনত ধনী শ্ৰেণী অধিক ধনী আৰু দৰিদ্ৰ শ্ৰেণী অধিক দৰিদ্ৰ হৈ গৈ আছে: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.