ETV Bharat / politics

আবেগিক হৈ বিধায়ক পদ ত্যাগ কৰিলে নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই - MP PARIMAL SUKLABAIDYA - MP PARIMAL SUKLABAIDYA

Parimal Suklabaidya resigns as MLA: বিধানসভাৰ মজিয়াত আঁঠু লৈ সেৱা জনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত আনুষ্ঠানিকভাৱে বিধায়ক পদৰ পদত্যাগ পত্ৰ দাখিল কৰে পৰিমল শুক্লবৈদ্যই ৷ পদত্যাগ পত্ৰ দাখিল কৰোতে একপ্ৰকাৰ আবেগিক হৈ পৰে নৱনিৰ্বাচিত সাংসদগৰাকী ৷

PARIMAL SUKLABAIDYA RESIGNS AS MLA
আনুষ্ঠানিকভাৱে বিধায়ক পদৰ পদত্যাগ পত্ৰ দাখিল পৰিমল শুক্লবৈদ্যৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:33 PM IST

গুৱাহাটী, 14 জুন : নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই আজি আনুষ্ঠানিকভাৱে ত্যাগ কৰে বিধায়ক পদ ৷ সুদীৰ্ঘ সময় ৰাজ্যৰ ৰাজনীতিৰে জড়িত হৈ থকা পৰিমল শুক্লবৈদ্যই এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ সংসদীয় ৰাজনীতিত ভৰি দিলে ৷ আজি অসম বিধানসভাত উপস্থিত হৈ আবেগিক হৈ পৰে সাংসদ পৰিমল শুক্লবৈদ্য ৷ বিধান সভাৰ মজিয়ালৈ গৈ আবেগিক হৈ উচুপি উঠে সাংসদগৰাকীয়ে ৷

বিধায়ক পদ ত্যাগ কৰিলে পৰিমল শুক্লবৈদ্যই (ETV BHARAT ASSAM)

অসম বিধান সভাৰ মজিয়াত আঁঠু লৈ সেৱা জনাই বিধানসভাৰ আসনত শেষবাৰৰ বাবে বহে পৰিমল শুক্লবৈদ্য ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত তেওঁ আনুষ্ঠানিকভাৱে দাখিল কৰে তেওঁৰ বিধায়ক পদৰ পদত্যাগ পত্ৰ ৷ পদত্যাগ পত্ৰ দাখিল কৰোতে একপ্ৰকাৰ আবেগিক হৈ পৰে পৰিলম শুক্লবৈদ্য ৷ পদত্যাগ পত্ৰ দাখিল কৰোতে তেওঁক সংগ দিয়ে বিজেপি বহু কেইগৰাকী নেতাই ৷ সংবাদ মাধ্যমৰ যোগেদি তেওঁ সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক : বিদায়বেলাত ফণীভূষণ চৌধুৰীৰ চকুত আবেগৰ চকুলো: অশ্ৰুসিক্ত নয়নেৰে বিধায়ক পদৰ পৰা পদত্যাগ - Phani Bhusan Choudhury

বিধানসভাত তেওঁ প্ৰতিনিধিত্ব কৰা ঢলাই সমষ্টিত উপ-নিৰ্বাচন হ'ব ৷ সমষ্টিটোত তেওঁৰ পৰিয়ালৰ কোনোৱে প্ৰাৰ্থিত্ব বিচৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ পুত্ৰ এতিয়া অধ্যয়নৰত অৱস্থাত আছে ৷ দলে যাকে প্ৰাৰ্থিত্ব দিয়ে তাকে মানি ল’ব বুলি প্ৰকাশ কৰি তেওঁ বিধানসভাৰ কাৰ্যকালৰ সময়ৰ কথা ৰোমন্থন কৰে ৷ ঢলাই বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি তেওঁ মন্ত্ৰী হিচাপে থকাৰ সময়ত সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জনায় ৷ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাকো ধন্যবাদ জনায় ৷

তেওঁ কয় যে আবকাৰী মন্ত্ৰী হিচাপে তেওঁ 4 হাজাৰ 800 কোটি টকাৰ আবকাৰী ৰাজহ দিবলৈ সক্ষম হৈছে ৷ আনহাতে বৰ্তমান সময়ত দুৰ্ঘটনাৰ সংখ্যা পূৰ্বৰ তুলনাত বহু হ্ৰাস পোৱা বুলিও তেওঁ সদৰী কৰে ৷ সেইদৰে মীন বিভাগৰ মন্ত্ৰী হিচাপে তেওঁৰ দিনত ৰাজ্যত থলুৱা মাছ উৎপাদনো বহু পৰিমাণে বৃদ্ধি হোৱা বুলি উল্লেখ কৰে ৷ তেওঁৰ বিভাগসমূহ পৰৱৰ্তী মন্ত্ৰীগৰাকীয়ে সুন্দৰকৈ চলাই নিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

আনহাতে উপ-নিৰ্বাচনত ঢলাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ঢলাই সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলে নিৰ্ধাৰণ কৰিব ৷ মোদীৰ পৰিয়ালত আমি আছো বুলি উল্লেখ কৰি তেওঁ কয়- ‘‘মোৰ পৰিয়ালৰ কোনো লোক উপ-নিৰ্বাচনত ঢলাই সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব নে নহয় সেয়া নিশ্চিত নহয় ৷’’ তেওঁ লগতে কয় যে আমি বিজেপি পৰিয়ালৰহে সদস্য, গতিকে দলে যাক বিচাৰে তেওঁকেই টিকট দিব ৷

লগতে পঢ়ক : ২০২৬ ত অসমত কংগ্ৰেছৰ নেতৃত্বতেই হ'ব চৰকাৰ: প্ৰদ্যুৎ বৰদলৈ - Nagaon MP Pradyut Bordoloi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.