ETV Bharat / politics

ধিঙৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ, অপপ্ৰচাৰ বুলি দাবী প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 6:17 PM IST

Lok Sabha Election 2024: নগাঁও জিলাৰ ধিঙত মছজিদত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি বিভিন্ন পক্ষই দাবী কৰি আছে । বৰদলৈৰ মতে তেওঁ আশীৰ্বাদ বিচাৰিহে গৈছিল । এয়া বিজেপি আৰু এআইইউডিএফৰ অপপ্ৰচাৰ ।

Lok Sabha Election 2024
ধিঙৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ অপপ্ৰচাৰ বুলি দাবী প্ৰদ্যুৎ বৰদলৈৰ

নগাঁও,৩০ মাৰ্চ : ধিঙৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে নগাঁও সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে । প্ৰাৰ্থীগৰাকীয়ে শুকুৰবাৰে ধিং সমষ্টিৰ ডুমডুমীয়া মছজিদত নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগে লগে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শনিবাৰে নগাঁও টাউন ব্লক কংগ্ৰেছ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত প্ৰদ্যুৎ বৰদলৈয়ে কয় যে তেওঁ কাৰো ধৰ্মীয় অনুভূতিত আঘাত হনা নাই । তেওঁৰ মতে এয়া বিজেপি আৰু এআইইউডিএফৰ অপপ্ৰচাৰ ।

প্ৰদ্যুৎ বৰদলৈয়ে দাবী কৰা মতে তেওঁ ডুমডুমীয়া মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকক সাক্ষাৎ কৰি আৰ্শীবাদ বিচাৰি হে গৈছিল । ইফালে কংগ্ৰেছৰ মাজত বিজেপিৰ স্পাই থকা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । বৰদলৈৰ মতে কংগ্ৰেছৰ ভিতৰচ'ৰাত বিজেপিৰ স্পাই থাকিব পাৰে । মুখ্যমন্ত্ৰীয়ে টকা-পইচা দি তেনে মানুহ ৰাখিছে বাবেই ভিতৰুৱা খবৰ পাব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

কংগ্ৰেছীক বিভ্ৰান্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে বেবেৰিবাং কথা কয় বুলিও মুখ্যমন্ত্ৰীক কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । ইফালে বিজেপি নেতা পীযুষ হাজৰীকায়ো অপপ্ৰচাৰ চলাইছে বুলি দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । বৰদলৈৰ মতে তেওঁ পীযুষ হাজৰীকাৰ সৈতে মুখচুপতি নামাৰে । আনহাতে এআইইউডিএফৰ কৰ্মী তথা সমৰ্থকে বিজেপিত যোগদান কৰাসকলেই অমিনুল ইছলামৰ হৈ ভোট বিচাৰি থকা বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । সম্প্ৰতি সংখ্যালঘু অধ্যুষিত এলেকাত এআইইউডিএফৰ অস্তিত্ব নোহোৱা হৈছে বুলিও কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক :দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ - ASSAM CONGRESS LEADERS QUIT PARTY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.