ETV Bharat / politics

লোকসভা নিৰ্বাচন: সমষ্টিবাসীৰ আশিস বিচাৰি ঘৰে ঘৰে উপস্থিত সাংসদ শৰণীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:11 PM IST

Naba Kumar Saraniya: লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিলেই সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ সমষ্টিৰ ঘৰে ঘৰে গৈ প্ৰস্তুতি আৰম্ভ কৰিছে সাংসদগৰাকীয়ে ৷ সমাগত নিৰ্বাচনত তেওঁৰেই জয় হ’ব বুলি নিশ্চিত সাংসদগৰাকী ৷

Naba Kumar Saraniya
সাংসদ নৱ শৰণীয়া
সমষ্টিবাসীৰ আশিষ বিচাৰি ঘৰে ঘৰে উপস্থিত সাংসদ নৱ শৰণীয়া

কোকৰাঝাৰ, 17 ফেব্ৰুৱাৰী: কোকৰাঝাৰ লোকসভা সমষ্টিত আকৌ জয়ী হোৱাৰ আশা নৱ কুমাৰ শৰণীয়া । সমষ্টিবাসীৰ ওচৰত ভোট বিচাৰিবলৈ আৰম্ভ কৰিলেই নৱ শৰণীয়াই ৷ জাতিৰ প্ৰমানপত্ৰ বাতিলৰ বিষয়টো গুৰুত্বপূৰ্ণ নহয় বুলি পুনৰ মন্তব্য শৰণীয়াৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চিৰাঙৰ বিজনীত আৰম্ভ হ’ল কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কুচকাৱাজ ৷ সমাগত নিৰ্বাচনৰ বাবে পৰামৰ্শ বিচাৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ গাঁৱে গাঁৱে থকা বিশেষ ব্যক্তিৰ কাষলৈ গৈছে সাংসদ নৱ কুমাৰ শৰণীয়া ৷ শনিবাৰে বিজনীৰ চোৱাৰী বৰিপাৰাস্থিত বিশ্বজিৎ ৰায়ৰ গৃহত উপস্থিত হৈ পৰামৰ্শ গ্ৰহণ কৰে সাংসদ শৰণীয়াই । এইক্ষেত্ৰত সাংসদ শৰণীয়াই জানিবলৈ দিয়া অনুসৰি ইয়াৰ পৰাই লোৱা হ'ব নিৰ্বাচনী পলিচী ৷ শান্তি প্ৰতিষ্ঠাই তেওঁৰ প্ৰধান ইছ্যু হ’ব বুলিও মন্তব্য কৰে ।

সাংসদ শৰণীয়াই কয় যে কোকৰাঝাৰত বিজেপি-ইউপিপিএল, বিপিএফ আৰু তেওঁৰ মাজত প্ৰতিদ্বন্দিতা হ’ব ৷ আনহাতে সাংসদগৰাকীৰ জাতিৰ প্ৰমানপত্ৰৰ বিৰুদ্ধে থকা অভিযোগৰ সন্দৰ্ভতো মন্তব্য কৰে তেওঁ । সাংসদগৰাকীয়ে কয় যে নৱ শৰণীয়া সাংসদ হোৱা দহ বছৰ হ’ল । পুনৰীক্ষণ সমিতি সৰ্বেসৰ্বা নহয়, ইয়াৰ ওপৰতো হাইক’ৰ্ট, ছুপ্ৰিমক’ৰ্ট আছে ৷

ইয়াৰোপৰি তেওঁ কয় যে হাইক’ৰ্ট- ছুপ্ৰিমক’ৰ্টে আগতেই কৈ থৈছে যে নৱ শৰণীয়া অনুসূচিত জনজাতিৰ ৷ গতিকে মনোনয়ন পত্ৰ দাখিল হোৱাটো দুশ শতাংশ নিশ্চিত বুলি কয় সাংসদগৰাকীয়ে ৷

সাংসদগৰাকীয়ে কয় যে এইবাৰ কোকৰাঝাৰত আন কোনো জিকিব নোৱাৰে, নৱ শৰণীয়াৰ বিকল্প নাই । পঞ্চাশ শতাংশৰ ওপৰত ভোট নৱ শৰণীয়াৰ পক্ষত থাকিব । সমাগত নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল’ব বুলি কৈ নৱ কুমাৰ শৰণীয়াই কয় যে কাক সমৰ্থন কৰে সেয়া দলৰ মজিয়াত আলোচনা কৰিব ৷ বড়োলেণ্ডৰ সন্দৰ্ভত ৰাইজৰ মাজত শংকা আছে বুলি কৈ তেওঁ কয় যে বিটিচিত ভূমিৰ অধিকাৰ নাইকিয়া হ'বলৈ ধৰিছে ৷

লগতে পঢ়ক: বিৰোধী দলত ঐক্য আছেনে ? কোনে কি কয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.