ETV Bharat / politics

আমি আমাৰ সিদ্ধান্তত অটল আছো : মনোনয়ন খাৰিজৰ পাচত নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

মনোনয়ন খাৰিজ হোৱাৰ পাচতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ নৱ কুমাৰ শৰণীয়াৰ ৷ তেওঁ নিজৰ সমৰ্থক আৰু শুভাকাংক্ষী সকলক নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায় ৷

NABA SARANIA NOMINATION CANCELLED
মনোনয়ন খাৰিজ কৰাৰ পাচতে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:39 PM IST

নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 এপ্ৰিল : মনোনয়ন খাৰিজ হোৱাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ জাতিগত প্ৰমাণ পত্ৰক লৈ বিতৰ্কত সোমাই পৰা নৱ কুমাৰ শৰণীয়াৰ তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাৰ দিশে ৷ দেওবাৰে নিৰ্বাচনী বিষয়াই খাৰিজ কৰিলে নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন ৷ মনোনয়ন খাৰিজ কৰাৰ পাচতে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদগৰাকীয়ে ৷

নিজৰ প্ৰতিক্ৰিয়াত সাংসদ শৰণীয়াই কয় যে তেওঁৰ মনোনয়ন খাৰিজ হ'লেও সমষ্টিটোত তেওঁলোকৰ দুগৰাকী প্ৰাৰ্থী ঘনশ্যাম দাস আৰু বিনীতা ডেকা আছে ৷ সোমবাৰে মনোনয়ন প্ৰত্যাহাৰৰ দিন আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে তেওঁৰ মনোনয়ন খাৰিজ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ সোমবাৰে কোনো ফলাফল নাহিলেও এজন প্ৰাৰ্থী সমষ্টিটোত থাকিব বুলি উল্লেখ কৰি তেওঁ নিজৰ সমৰ্থক আৰু শুভাকাংক্ষী সকলক নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায় ৷

তেওঁ কয় যে এইখিনি সময়ত কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজৰ কাষত থকাটো জৰুৰী ৷ যিমানেই ষড়যন্ত্ৰ নকৰক কিয় আমি হাৰ নামানো বুলি উল্লেখ কৰি তেওঁ কয় যে আমি আমাৰ সিদ্ধান্তত অটল আছো ৷ তেওঁ সকলো সময়তে সমষ্টিবাসী ৰাইজৰ লগত থকাৰ কথা প্ৰকাশ কৰি কয় যে আমি নিশ্চিতভাৱে জয়ী হ'ব লাগিব ৷ উল্লেখ্য যে কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়াই কোৱাৰ দৰে দুগৰাকী প্ৰাৰ্থী ঘনশ্যাম নাথ আৰু বিনীতা ডেকাই মনোনয়ন দাখিল কৰিছে ৷ ঘনশ্যাম দাসে নিৰ্দলীয় হিচাপে আৰু বিনীতা ডেকাই গণ সুৰক্ষা পাৰ্টীৰ হৈ মনোনয়ন দাখিল কৰিছে ৷ ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ হিচাপে গ্ৰহণ কৰা হৈছে ৷

সোমবাৰে দুয়োগৰাকী প্ৰাৰ্থীৰ এগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰে ৷ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিলে সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব ৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা বুলি এক ৰায়দানত উল্লেখ কৰিছিল ৷ তেওঁ বড়ো-কছাৰী নহয় বুলি প্ৰমাণিত হৈছিল ৷ অসম চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ কমিটীয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন 12 জানুৱাৰীত বাতিল কৰিছিল ৷

নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷ তাৰ পিচত কমিটীখনেও আদালতৰ‌ কাষ চাপিছিল ৷ ইফালে আদালতৰ ৰায়ৰ পিচত নৱ কুমাৰ শৰণীয়াই মনোনয়নৰ সৈতে ৰাভা জনগোষ্ঠীৰ অনুসূচীত জনজাতিৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল ৷ কিন্তু অৱশেষত পুনৰীক্ষণৰ পিচত আজি খাৰিজ কৰা হয় শৰণীয়াৰ মনোনয়ন ৷ উল্লেখ্য যে জনজাতি প্ৰমাণ পত্ৰৰ আধাৰতে নৱ কুমাৰ শৰণীয়াই জনজাতিসকলৰ বাবে সংৰক্ষিত 2 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা 2014 আৰু 2019 ত দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰি সাংসদ হৈছিল ৷

লগতে পঢ়ক : ৰাজনৈতিক অঘটন : নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.