ETV Bharat / politics

দলে দিলে জালুকবাৰীতো নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ

Lok Sabha Election Assam: জালুকবাৰীত প্ৰাৰ্থিত্ব দিলেও নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজুপ বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৷ সংবাদমেলত সৰ্বানন্দ সোণোৱালৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথাও ক’লে সাংসদগৰাকীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:58 PM IST

Gaurav Gogoi Lok Sabha Constituency
নগাঁৱত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল
নগাঁৱত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল

নগাঁও, 7 মাৰ্চ: দলে প্ৰাৰ্থিত্ব দিলে জালুকবাৰীতো নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ । বৃহস্পতিবাৰে নগাঁও আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থিত্ব চূড়ান্ত কৰাৰ প্ৰকমুহূৰ্তত নগাঁৱত উপস্থিত হৈ সাংসদগৰাকীয়ে সম্বোধন কৰে সংবাদমেল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁও লোকসভা সমষ্টিৰ অধীনৰ দুই বিধায়ক শিৱামণি বৰা আৰু আছিফ নজৰক লগত লৈ সংবাদমেল সম্বোধন কৰে গৌৰৱ গগৈয়ে ৷ সংবাদমেলখনত কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীয়ে কয় যে তেওঁ কাজিৰঙা, নগাঁও আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা বিচাৰিছে প্ৰাৰ্থিত্ব । এতিয়া সিদ্ধান্ত দলে গ্ৰহণ কৰিব । নগাঁও লোকসভা সমষ্টিত বিজেপিক সহায় কৰিবলৈ এ আই ইউ ডি এফে দলে প্ৰাৰ্থী দি প্ৰচাৰ চলোৱা বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে ।

আনহাতে এ আই ইউ ডি এফ দলক বিজেপিৰ বি টিম আখ্যা দিয়ে গৌৰৱ গগৈয়ে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত মন্তব্য কৰে গগৈয়ে । সৰ্বানন্দ সোণোৱালৰ প্ৰতি গৌৰৱ গগৈৰ যথেষ্ট শ্ৰদ্ধা থকা বুলিও সংবাদমেলত গৌৰৱ গগৈয়ে উল্লেখ কৰে ।

আনহাতে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমনক লৈয়ো মন্তব্য কৰে গৌৰৱ গগৈয়ে । অসমত এতিয়া প্ৰকৃত বিজেপিৰ কোনো অস্তিত্ব নাই বুলিও উল্লেখ কৰে গৌৰৱ গগৈয়ে । তদুপৰি তেওঁ কয় যে অসমত এতিয়া বিৰোধী কংগ্ৰেছৰ আৰু শাসকপক্ষও কংগ্ৰেছৰে । সুবিধাবাদী কংগ্ৰেছীয়ে এতিয়া চৰকাৰ নিয়ন্ত্ৰণ কৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: মঙলদৈত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.