ETV Bharat / politics

নীতিন গাডকাৰীক গামোচা পিন্ধাবলৈ সাজু গৌৰৱ গগৈ - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 8:51 PM IST

Gaurav Gogoi challenges Nitin Gadkari : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক প্ৰত্যাহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে ৷ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে সাংসদগৰাকীয়ে গামোচা পিন্ধাব কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীগৰাকীক ৷ আনহাতে ডাবল ইঞ্জিন লাইনচ্যুত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীক বিফল আখ্যা সাংসদগৰাকীৰ ৷

MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

যোৰহাট, 28 জুলাই : চৰকাৰৰ কাম-কাজক লৈ ক্ষুন্ন হৈ যোৰহাটত বহুকেইটা মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ চাৰিলেনযুক্ত পথৰ পৰা কামাখ্যা মন্দিৰলৈকে বহুকেইটা বিষয় সামৰি সাংসদগৰাকীয়ে কৰিলে মন্তব্য ৷

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

নীতিন গাডকাৰীক গামোচা পিন্ধাব গৌৰৱ গগৈয়ে : কিন্তু কিয় ?

টীয়ক, শিৱসাগৰ, যোৰহাটসংযোগী ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্ৰগতিত সন্দেহ গৌৰৱ গগৈৰ ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে কয়, ‘‘ নীতিন গাডকাৰীয়ে দিল্লীত যিমানেই ডাঙৰ ডাঙৰ কথা কওক, ছয় মাহৰ ভিতৰতো যোৰহাটৰ হাইৱে’ৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে ৷ যদি ছয় মাহৰ ভিতৰত এই হাইৱে’টোৰ উন্নতি হয়, মই নিজে তেওঁক গামোচা পিন্ধাম আৰু যদি নোৱাৰে সময়ত কি কি পিন্ধাব লাগে মই পিচত জনাম ৷’’ তিতাবৰ আৰু যোৰহাটৰ ৰাইজৰ বাবে বিমান আৰু ৰে’লসেৱা ব্যৱস্থা সুচল কৰিবলৈ কোৱাৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷

বিদ্যালয় প্ৰাদেশিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা :

ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘‘ আজিও অসমৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ হোৱা নাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখন ডাঙৰ পঞ্চতাৰকাযুক্ত ব্যক্তিগত বিদ্যালয় খুলি থৈছে ৷ অসমৰ গাঁৱৰ ল’ৰা-ছোৱালীয়ে ভাল বিদ্যালয়ত পঢ়িবলৈ সুবিধা পোৱা নাই ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী এসময়ত শিক্ষামন্ত্ৰী আছিল, কিন্তু তেওঁ শিক্ষা বিভাগটোক সহায় কৰাতকৈ তেওঁ পত্নীৰ জৰিয়তে পঞ্চতাৰকাযুক্ত বিদ্যালয় খুলিছে ৷’’

কামাখ্যা মন্দিৰৰ নামত বজাৰ খুলিছে : গৌৰৱ গগৈ

সাংসদ গোৰৱ গগৈয়ে কয়, ‘‘ মা কামাখ্যা মন্দিৰৰ নামতো বজাৰ স্থাপন কৰিবলৈ বিচাৰিছে ৷ কামাখ্যা মন্দিৰৰ পৱিত্ৰতা আছে, সততা আছে ৷ এইখন চৰকাৰে সেই সততা, পৱিত্ৰতা নাইকিয়া কৰিবলৈ বিচাৰিছে ৷ সমগ্ৰ চৌহদটো বজাৰ বনাবলৈ বিচাৰিছে ৷ ইয়াক আমি গৰিহণা দিছোঁ ৷ মা কামাখ্যাৰ পৱিত্ৰতা, সততাত কোনো এখন চৰকাৰে হাত দিব নালাগে ৷ কামাখ্যা মন্দিৰ যেনেকৈ আছে, তেনেকৈয়ে থাকক ৷’’

লাইনচ্যুত হ’ল ডাবল ইঞ্জিণ : গৌৰৱ গগৈ

অসমে বানৰ বাবে কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ নকৰাৰ সন্দৰ্ভতো মন্তব্য কৰিলে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ মুখ্যমন্ত্ৰীয়ে দিল্লীত বিভিন্ন বিভাগৰ মন্ত্ৰীক লগ কৰিল ৷ নিৰ্মলা সীতাৰমণক জনালে নেকি যে অসমক অন্যায় কৰা হ’ল ? যদি এখন ৰাজ্যক দিবলৈ 11 হাজাৰ কোটি টকা আছে, অসমক দিবলৈ কিয় নাই ? যদি মুম্বাইৰ পৰা আহমেদাবাদলৈ যাবলৈ 1 লাখ কোটি টকা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে, তেন্তে অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ কিয় টকা নাই ? ডাবল ইঞ্জিনৰ চৰকাৰ কি হ’ল ? ডাবল ইঞ্জিন কিদৰে লাইনচ্যুত হ’ল ?

নিতীশ কুমাৰ-চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰাৰ বাজেট : গৌৰৱ গগৈ

গৌৰৱ গগৈয়ে কয়, ‘‘ বিহাৰৰ নিৰ্বাচন অহা বছৰত হ’ব ৷ এই বছৰত আমাক অন্যায় কৰিলে, অহাবছৰো একেই হ’ব ৷ কাৰণ অহা বছৰত বিহাৰৰ নিৰ্বাচন আছে ৷ আমি গম পাইছোঁ যে এই বছৰত অসম একো নাপালে আৰু অহা বছৰত পোৱাৰো আশা কম ৷ এই কেন্দ্ৰীয় বাজেট নিজৰ গাদী ৰক্ষা কৰাৰ বাজেট ৷ অসমৰ বান-গৰাখহনীয়া সমস্যা কিদৰে সমাধান হ’ব সেই উপলক্ষে বাজেট প্ৰকাশ কৰা নাই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ গাদী কিদৰে ৰক্ষা কৰিব পাৰে, নিতীশ কুমাৰ-চন্দ্ৰবাবু নাইডুক কিদৰে সন্তুষ্ট কৰিব পাৰে তাৰে বাবে এই কেন্দ্ৰীয় বাজেট গ্ৰহণ কৰা হৈছে ৷’’

লগতে পঢ়ক : মোদীয়ে ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰিবনে ? সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ

লগতে পঢ়ক : যুৱসকলে কয়- ‘‘আমাক সংস্থাপন দিয়ক’’, মুখ্যমন্ত্ৰীয়ে কয়- ‘‘হিন্দু-মুছলমান’’

লগতে পঢ়ক : অসম-ছিকিমৰ বানৰ বাবে বাজেটত ধাৰ্য ১১ হাজাৰ কোটি টকা : সিন্ধিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.