ETV Bharat / politics

মঙলবাৰ হোৱা বাবে ঘৰৰ পৰা নোলায় দিছপুৰৰ বিধায়ক অতুল বৰা : অজিত কুমাৰ ভূঞা - Lok Sabha election 2024

MP Ajit Kumar Bhuyan : দিছপুৰৰ বিধায়ক অতুল বৰাই ভোট নিদিয়া প্ৰসংগত প্ৰতিক্ৰিয়া সাংসদ অজিত কুমাৰ ভূঞাৰ । জু-ৰোডৰ শংকৰদেৱ নিকেতনত ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদগৰাকীয়ে । অতুল বৰাৰ সিদ্ধান্তৰ আঁৰত আছে বেলেগ চিন্তা-চৰ্চা । অতুল বৰাই এটা বাৰ্তা দিব বিচাৰিছে বিজেপিক । যুৱ ভোটাৰে এটা ডাঙৰ ভূমিকা পালন কৰিব গুৱাহাটীত ।

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 5:04 PM IST

MP Ajit Kumar Bhuyan
সাংসদ অজিৎ ভূঞা (ETV BHARAT ASSAM)
সাংসদ অজিত কুমাৰ ভূঞা (ETV BHARAT ASSAM)

গুৱাহাটী, ৭ মে': আজি পুৱা গুজৱ ওলাল দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই নিদিয়ে ভোট । কাৰণ আজি মঙলবাৰ । মঙলবাৰ হোৱাৰ বাবে বিধায়কগৰাকীয়ে অমংগল ঘটাৰ শংকাত ঘৰৰ পৰা নোলাই বুলি ৰাজনৈতিক মহলত আৰম্ভ হ'ল চৰ্চা । এগৰাকী জনপ্ৰতিনিধিৰ এনে মানসিকতাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰাৰ সময়তেই নিজৰ স্থিতি সলনি কৰি বিধায়কগৰাকীয়ে ঘোষণা কৰিলে আবেলি ৩ বজাত সপৰিবাৰে ভোট কেন্দ্ৰলৈ যোৱাৰ কথা ।

এই গুজৱৰ পিচতেই বিধায়ক অতুল বৰাই ভোট নিদিয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । জু-ৰোডৰ শংকৰদেৱ নিকেতনত ভোটাধিকাৰ সাব্যস্ত কৰি সাংসদ অজিত কুমাৰ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘অতুল বৰা এজন জ্যেষ্ঠ বিজেপি নেতা । তেওঁ মঙলবাৰৰ কথা কৈছে যদিও ইয়াৰ আঁৰত বহু কথাই আছে । বিজেপিৰ বাবে এয়া চিন্তাৰ কথা। এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপিৰ অৱস্থা এইবাৰ বেয়া ।’’

অতুল বৰাৰ এই সিদ্ধান্তৰ আঁৰত তেওঁৰ বেলেগ চিন্তা-চৰ্চা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মনোনয়ন দিবলৈ হ'লে নাইবা দলৰ কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত থাকিলে নিশ্চয় ওলাই আহিলেহেঁতেন । দলৰ হুইপ থাকিলে অতুল বৰা ওলাই নাহিলেহেতেন নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বিজেপিৰ আভ্যন্তৰত সংঘাত-দ্বন্দ্ব হৈছে। পুৰণি বিজেপি নেতাসকলে বিজেপিৰ বৰ্তমানৰ নেতৃত্বক মুকলিকৈয়ে সমালোচনা কৰিছে । বিধায়ক অতুল বৰায়ো মাজে মাজে বৰ্তমানৰ নেতৃত্বক সমালোচনা কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া বিজেপিৰ বাবে বেয়া দিন, অতুল বৰাৰ বাবে নহয় । অতুল বৰাই বিজেপিক এটা বাৰ্তা দিব বিচাৰিছে বুলি মন্তব্য় কৰি তেওঁ কয় যে এইবাৰ অতুল বৰাক টিকট নিদিয়াৰ কথা ওলাইছে ।

ইপিনে, নেতাসকল মন্দিৰে মন্দিৰে যোৱাৰ প্ৰসংগত তেওঁ কয় যে নেতাসকলে পবিত্র মন লৈ মানুহক সেৱা কৰাৰ বাবে প্ৰাৰ্থনা নকৰে । আনহাতে, গুৱাহাটীত ভোটৰ হাৰ বৃদ্ধি পোৱাটো বিৰোধী ঐক্যমঞ্চৰ বাবে ভাল বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ দেশৰ পণ্ডিতসকলৰ অংক খেলি-মেলি হৈছে ।

আগতে ভোটৰ হাৰ কমিলে তাৰ ব্যাখ্যা অন্য আছিল আৰু এতিয়া অন্য হৈছে । এতিয়া হ্ৰাস হোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে বিজেপিৰ প্ৰতি অনিহা তথা অসন্তুষ্টিৰ বাবে ভোট দিবলৈ সেইসকল লোক অহা নাই । এইবাৰ যুৱ ভোটাৰে গুৱাহাটীত এটা ডাঙৰ ভূমিকা পালন কৰিব বুলি সদৰি কৰি তেওঁ কয় যে ইয়াৰ বেছিভাগ ভোটেই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব ।

লগতে পঢ়ক: ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

জনতাৰ সৈতে সমশাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত জনপ্ৰতিনিধিৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.