ETV Bharat / politics

দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ পদত্যাগী সাংসদ আব্দুল খালেকৰ - MP Abdul Khaleque

MP Abdul Khaleque: দিছপুৰ প্ৰেছ ক্লাবত সাংসদ আব্দুল খালেকৰ সংবাদমেল । ব্যাখ্যা কৰিলে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কাৰণ । ক'লে বৰপেটাৰ সাংসদ হিচাপে এইখন অন্তিমখন সংবাদমেল। কংগ্ৰেছ দলৰ কথাবিলাকে সংবেদনশীল ব্যক্তি হিচাপে আহত কৰিছে আব্দুল খালেকক। টিকট দিয়াৰ ক্ষেত্ৰত মুছলমান জনগোষ্ঠীটোক উপেক্ষা কৰাৰ অভিযোগ ।

MP Abdul Khaleque
পদত্যাগী সাংসদ আব্দুল খালেকৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 4:40 PM IST

পদত্যাগী সাংসদ আব্দুল খালেকৰ সংবাদমেল

গুৱাহাটী,১৬ মাৰ্চ: টিকটৰ পৰা বঞ্চিত হোৱাৰ পাচত শুকুৰবাৰে পদত্যাগ কৰা কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সাংবাদমেল সম্বোধন কৰে । সংবাদমেলৰ আৰম্ভণিতেই তেওঁ বৰপেটাৰ সাংসদ হিচাপে এইখন তেওঁৰ অন্তিমখন সংবাদমেল বুলি সদৰী কৰে ।

সাংসদ আব্দুল খালেকে সমষ্টিবাসী আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ চাৰিটা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তাৰে তিনিটাত জয়ী হৈছিল । সৰু-ডাঙৰ সকলো নেতাৰে আত্মসন্মান থাকে আৰু তাত আঘাত কৰিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁ গান্ধী, নেহৰু আৰু আজাদৰ আদৰ্শত বিশ্বাসী ।

টিকট নোপোৱাৰ বাবে পদত্যাগ কৰা নাই বুলি সদৰী কৰি তেওঁ আক্ষেপ প্ৰকাশ কৰে যে টিকট নোপোৱাৰ প্ৰসংগত দলৰ নেতৃত্বই এবাৰো খবৰ লোৱা নাই ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাক্ষাৎ কৰা আৰু অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে ফোন কৰি খবৰ লোৱা সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ বহু অভিযোগ আছে ।

তেওঁ কয় যে দলৰ ভিতৰত চলি থকা বিভিন্ন বিষয় সন্দৰ্ভত পত্ৰযোগে জিতেন্দ্ৰ সিঙক অৱগত কৰোৱা হৈছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ কাৰো বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । দলৰ ক্ষতি হোৱা বিভিন্ন বিষয় সময়ে সময়ে উত্থাপন কৰি আহিছিল তেওঁ । কিন্তু তাৰ কোনো প্ৰতিক্ৰিয়া হোৱা নাছিল বুলি সদৰী কৰি আব্দুল খালেকে কয় যে পদত্যাগ পত্ৰ দিয়াৰ পাছতে তেওঁলোক সজাগ হ'ল ।

কে চি বেণুগোপালকে ধৰি বহু কেইজন নেতাই তেওঁৰ খবৰ লৈছে জানিবলৈ দি সাংসদ খালেকে আক্ষেপ কৰে যে তেওঁ উত্থাপন কৰা বিষয়সমূহৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । আনহাতে অসমৰ জনসংখ্যাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ মুছলমান । ৰাহুল গান্ধীয়ে মতে যাৰ যিমান অংশ সি সিমান অংশ পাব লাগে । সেই হিচাপত অসমত মুছলমানৰ বাবে চাৰি-পাঁচখন আসন হ’ব লাগে ৷ কিন্তু দিয়া নহ’ল ।

নগাঁৱত কেইবাজনো বিধায়কে বিচাৰিছিল যদিও নিদিলে । ৰকিবুল হুছেইনক নগাঁৱৰ বিপৰীতে ধুবুৰীত দিয়া হ’ল । হয়তো দলে ভাবিছে ৰকিবুল হুছেইন ডাঙৰ নেতা আৰু বদৰুদ্দিন আজমলক হৰুৱাই দিব । তেওঁ লগতে কয় যে বৰপেটা সমষ্টিত হিন্দু সংখ্যাগৰিষ্ঠ হোৱাৰ বাবে তাত হিন্দু নেতা দিয়াত তেওঁৰ কোনো আপত্তি নাই । ক'ৰবাত নহয় ক'ৰবাত মুছলমানকো দিব লাগিছিল বুলি কৈ তেওঁ আক্ষেপ প্ৰকাশ কৰে ।

অসমত মুছলমানৰ হাৰ ৩৪ শতাংশ বুলি সদৰী কৰি তেওঁ কয় যে সেই জনগোষ্ঠীটোৰ কথা বিবেচনা কৰি কংগ্ৰেছ দলে এইবাৰ এজনকো প্ৰাৰ্থিত্ব নিদিলে । এই কথা বিলাকে এজন সংবেদনশীল ব্যক্তি হিচাপে তেওঁক আহত কৰা বুলি তেওঁ কয় । কংগ্ৰেছ দলৰ ভিতৰচ’ৰাৰ অৰাজক পৰিস্থিতিৰ কথা সদৰী কৰি তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰভাৰী জিতেন্দ্ৰ সিঙে দলৰ গাড্ডাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা বাৰম্বাৰ কৈ আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

সংবাদমেলযোগে তেওঁ ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে । এতিয়ালৈকে তেওঁ আন দলত যোৱাৰ কথা চিন্তা কৰা নাই বুলি সদৰী কৰে । কংগ্ৰেছৰ পৰা আজি মুক্ত হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজনীতিত ওপৰলৈ উঠাৰ বাবে কোনোবাই কাৰোবাক তলত পেলাব পাৰে যদিও নেতৃত্বই বিবেচনা কৰিব লাগিব ।

অসম কংগ্ৰেছত ক'ৰবাত ৰকিবুল হুছেইন সৰ্বোচ্চ হৈ গৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ভূপেন বৰাই টিভিত ভাল ভাল কথা কয় যদিও বলিষ্ঠ নেতৃত্ব নাই । তেওঁ লগতে কয় যে আব্দুল খালেকক ভূপেন বৰাই ধমকি দিব পাৰে কাৰণ আব্দুল খালেক মিঞাৰ ঘৰৰ । ধুবুৰীৰ তেওঁ ভূমিপুত্ৰ বুলি সদৰী কৰি ৰাইজৰ পক্ষত থাকি নিজৰ ভোট দিব বুলি কয় ।

আনহাতে তেওঁ সংবাদমেলত ক্ষমতাশালী ৰকিবুল হুছেইনে কিদৰে ক্ষমতাৰ প্ৰয়োগ কৰি কংগ্ৰেছৰ বহু নেতাক বিদায় দিলে তাৰ তালিকা দাঙি ধৰে । সেইদৰে জিতেন্দ্ৰ সিঙৰ দিনত কংগ্ৰেছৰ ৯ গৰাকীকৈ বিধায়ক দলৰ পৰা ওলাই যোৱাৰ কথাও তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: নোপোৱাৰ বাবে পদত্যাগ: পোৱাৰ বাবে সিদ্ধান্ত সলাব পাৰে আব্দুল খালেকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.