ETV Bharat / politics

বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ... - Assam politics

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 6:42 PM IST

BJP leader to quit party : সম্ভাব্য গৰাখহনীয়াৰ কৱলত পৰিছে অসম বিজেপি ৷ বিদ্ৰোহী বিজেপি বিধায়কৰ পুত্ৰয়ো কংগ্ৰেছত যোগ দিব বুলি খবৰ ওলাইছে ৷ বিজেপিৰ নেতা-বিধায়ক, প্ৰাক্তন বিধায়কৰ এখন দীঘলীয়া তালিকাই তোলপাৰ লগাইছে অসম বিজেপিত ৷

BJP leader to quit party
বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ... (ETV Bharat Assam)

গুৱাহাটী, ১২ জুলাই : অচিৰেই দুই বিধায়কে বিদায় ল’ব বিজেপিৰ পৰা ! বিদ্ৰোহী বিজেপি বিধায়কৰ পুত্ৰই অচিৰেই যোগ দিব আঞ্চলিক দলত ?

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতা-পালিনেতাক নিজৰ দললৈ সোঁত বোঁৱাই যোগদান কৰোৱা বিজেপিয়ে এতিয়া নিজেই দলত গৰাখহনীয়া ৰোধৰ বাবে ব্যস্ত হ’বলগীয়া হৈছে ৷ বিজেপি আৰু মিত্ৰদল অগপৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবলগীয়া বিজেপিৰ নেতা-বিধায়ক, প্ৰাক্তন বিধায়কৰ সম্ভাব্য তালিকাই তোলপাৰ লগাইছে বিজেপিৰ আভ্যন্তৰত ৷ ক্ৰমাৎ বাঢ়ি গৈয়েই আছে এই তালিকাৰ নামৰ সংখ্যা ৷

২০২৬ৰ বিধানসভা আৰু সমীপৰ উপ-নিৰ্বাচনৰ আগে আগে উদ্বেগৰ কাৰণ হৈ পৰিছে বিজেপিৰ বাবে ৷ মুখ্যমন্ত্ৰীক শুকুৰবাৰে পুৱাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ সন্মুখত এই প্ৰসংগত প্ৰতিক্ৰিয়া দিবলৈয়ো বাধ্য হৈছে যে বিজেপিৰ কোনো বিধায়ক-নেতা নাযায় আন দললৈ ৷ কিন্তু বাস্তৱত ঘটি আছে তাৰ সম্পূৰ্ণ বিপৰীত ৷

লগতে পঢ়ক : অগপশূন্য হ'ব নেকি বৰাকত: দলত্যাগ কৰি বিস্ফোৰণ আফতাব উদ্দিন লস্কৰৰ

অশোক শৰ্মাৰ পৰা বিনন্দ শইকীয়া, অগপৰ সত্যব্ৰত কলিতালৈকে ইতিমধ্যে যিখন তালিকা চৰ্চাত আছে তাৰ লগতে শেহতীয়াকৈ যোগ হৈছে বিজেপি আৰু অগপৰ আৰু ভালেকেইটা নতুন নাম ৷ ইতিমধ্যে অশোক শৰ্মাই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কংগ্ৰেছত যোগদানৰ বিষয়টো অস্বীকাৰ কৰা নাই অশোক শৰ্মাই ৷

কেৱল অশোক শৰ্মাই নহয়; বিনন্দ শইকীয়া, অগপৰ সত্যব্ৰত কলিতা, কোনোৱেই বিষয়টো এতিয়ালৈ অস্বীকাৰ কৰা নাই ৷ মৌনম সম্মতি লক্ষণম ৷ এতিয়া এই বিষয়টোক লৈ ৰাজ্যিক বিজেপিত আলোড়নৰ সৃষ্টি হৈছে ৷ অৱশ্যে প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে কংগ্ৰেছক যোগদান কৰা বিষয়টো অস্বীকাৰ কৰিছে ৷ সময়ত লক্ষ্যণীয় হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সিদ্ধান্ত ৷

তালিকাত বলিন চেতিয়াৰ পৰা সুৰেন ফুকনলৈকে :

বিজেপি ত্যাগৰ সম্ভাব্য তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হৈছে বিজেপিৰ দুই বিধায়ক সুৰেন ফুকন আৰু বলীন চেতিয়াৰ ৷ তদুপৰি চৰ্চিত হৈছে অগপৰ প্ৰাক্তন বিধায়ক লখিমপুৰৰ উৎপল দত্ত আৰু কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিলৈ যোৱা শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ নাম । বিজেপিৰ পৰাই দুবাৰকৈ বিধায়ক হোৱা বলীন চেতিয়া আছিল কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদৰ অগ্ৰণী সেনানী ৷ এতিয়া বিজপিত কংগ্ৰেছৰ পৰা যোৱা লগৰ আনসকলে পোৱাৰ দৰে গুৰুত্ব নোপোৱাৰ ফলত দল এৰাৰ বাবে প্ৰস্তুত হৈছে বলীন চেতিয়া ৷

আনহাতে, ডিগবৈৰ বিতৰ্কিত বিজেপি বিধায়ক সুৰেন ফুকনেও দীৰ্ঘদিন ধৰি অসন্তুষ্টি ব্যক্ত কৰি আহিছে ৷ আনহাতে ৰহস্যজনকভাৱে তিনিচুকীযা জিলাত ৰাজপথত কয়লা ট্ৰাক ধৰা অভিযানতো নামিছিল সুৰেন ফুকন ৷ বৰ্তমানৰ বিজেপি নেতৃত্বৰ দ্বাৰা উপেক্ষিত হোৱাৰ বাবেই সুৰেন ফুকনে বিজেপি ত্যাগৰ চিন্তা-চৰ্চা কৰিছে বুলি চৰ্চিত হৈছে ৷ আনহাতে বিজেপি নেতৃত্বই ২০২৬ৰ নিৰ্বাচনৰ বাবে ডিগবৈ বিধানসভা সমষ্টিত নতুন মুখৰো সন্ধান চলোৱা বুলি চৰ্চিত হোৱাৰ পিচতেই বিজেপি ত্যাগৰ কুচকাৱাজ চলাইছে সুৰেন ফুকনে ৷

আঞ্চলিক দলত যোগ দিব বিজেপি বিধায়কৰ পুত্ৰই :

বৰ্তমানৰ অসম বিজেপিৰ বিদ্ৰোহী বিধায়কসকলৰ ভিতৰত অন্যতম হ’ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ৷ বিধায়ক মৃণাল শইকীয়াই মুকলিকৈ বৰ্তমানৰ বিজেপি নেতৃত্ব আৰু চৰকাৰৰ বিভিন্ন বিষয়ত মাত মাতি আহিছে ৷ প্ৰয়োজনত নিৰ্বাচন নেখেলে বুলিও হুংকাৰ দিছে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা

মৃণাল শইকীয়াৰ পুত্ৰ হ’ল বব্ৰুবাহন শইকীয়া ৷ এতিয়ালৈকে প্ৰত্যক্ষ ৰাজনীতিত যোগ নিদিয়া বব্ৰুবাহন শইকীয়াই অচিৰেই এটা আঞ্চলিক দলত যোগদান কৰিব বুলি ব্যাপক ৰূপত চৰ্চিত হৈছে ৷ খুমটাইৰ প্ৰাক্তন বিধায়ক বিস্মিতা গগৈয়ে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ পিচত স্বাভাৱিকতে চৰ্চা হৈছে যে 2026ৰ বিধানসভা নিৰ্বাচনত নেত্ৰীগৰাকী বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি ? তাৰ মাজতে বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই এটা আঞ্চলিক দলত যোগ দিব বুলি ওলোৱা খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে ।

অগপ এৰিব উৎপল দত্তই :

অগপৰ লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্তই অগপ এৰিব ! বিগত কেবাবছৰো ধৰি চৰ্চিত হৈ আহিছে এই বিষয়টো ৷ বিগত বিধানসভা নিৰ্বাচনত অগপই উৎপল দত্তক বঞ্চিত কৰি বিজেপিক আসনখন এৰি দিছিল ৷ বিজেপিৰ মানৱ ডেকা এতিয়া লখিমপুৰৰ বিধায়ক ৷ উৎপল দত্তই অগপ এৰিব বুলি সময়ে সময়ে চৰ্চা হ’লেও এতিয়ালৈ কিন্তু তেওঁ দল এৰা নাই । এইবাৰো চৰ্চা চলিছে সেই কথা ৷ সময়তহে সেয়া স্পষ্ট হ’ব উৎপল দত্তই সঁচাকৈয়ে এৰিবনে নেৰে অগপ ৷ আনহাতে মৌনতা অৱলম্বন কৰিছে দুই বিধায়ক সুৰেন ফুকন আৰু বলীন চেতিয়াই ।

লগতে পঢ়ক : আগষ্টত কংগ্ৰেছে দিব চমক ! বিজেপি-অগপৰ কোনে কোনে যোগ দিব কংগ্ৰেছত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.