ETV Bharat / politics

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদত মোহিত হোজাই

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 8:02 PM IST

NCHAC ne Chairman: বিনা প্ৰতিদ্বন্দিতাৰে ১৩ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্য়ক্ষ নিৰ্বাচন । অধ্য়ক্ষ নিৰ্বাচিত হৈয়েই মোহিত হোজাই গণতন্ত্ৰক ৰক্ষা কৰাৰ চেষ্টা চলাব বুলি কয় ।

Mohit Hojais press conference in Haflong
মোহিত হোজাইৰ সংবাদমেল
মোহিত হোজাইৰ সংবাদমেল

হাফলং, ২১ জানুৱাৰী: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছে মোহিত হোজাই । ১৩ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে জাননী জাৰি কৰা হৈছিল । শনিবাৰে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ জমা দিয়ে একমাত্ৰ মোহিত হোজাইয়ে । ইয়াৰ পিচতে আজি বিনা প্ৰতিদ্বন্দিতাৰে মোহিত হোজাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হয় ।

ইপিনে, মোহিত হোজাইয়ে অধ্যক্ষ পদৰ দায়িত্বলৈ সাংবাদমেল সম্বোধন কৰি কয়, "আমি ১৩ সংখ্যক পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হৈ আনন্দিত হৈছো ।" তেওঁ পুনৰ কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ মাজতে ২৫ টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । ৩ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । এই ৩ গৰাকীয়ে অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ জমা দিয়া নাই । কিয়নো নিৰ্বাচন হ'লে জয়ৰ সম্ভাৱনা কম আছে ।" মোহিত হোজাইয়ে পুনৰ কয় যে অধ্যক্ষৰ পদ হৈছে নিৰপেক্ষ আৰু আমি পৰিষদৰ প্ৰতিটো অধিবেশনত নিৰপেক্ষতা বজায় ৰাখি গণতন্ত্ৰক ৰক্ষা কৰাৰ চেষ্টা চলাম ।

তেওঁ পুনৰ কয় যে ১৯৯৬ চনত প্ৰথম তেওঁ আঞ্চলিক ৰাজনৈতিক দলৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰি পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য হোৱাৰ উপৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱা বুলি কয় । দীৰ্ঘ ১৫ বছৰ পিচত আকৌ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰি পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হোৱাতো ভগৱানৰ আশীৰ্বাদ বুলি মন্তব্য কৰে মোহিত হোজাইয়ে ।

উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ এবাৰৰ নিৰ্বাচনত পৰিষদৰ পশ্চিম মাইবাং সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাত মোহিত হোজাই জয়লাভ কৰিছিল । আজি আকৌ তেওঁ পৰিষদৰ অধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰে । আজি দিনৰ ১২ বজাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ সচিবালয়ত ১৩ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম বিশেষ অধিবেশনত প্ৰটেম অধ্য়ক্ষ হিচাপে ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে মোহিত হোজাইৰ নাম ঘোষণা কৰে ।

লগতে পঢ়ক:ড৹ হীৰেন গোহাঁয়ে বেলেগৰ কিতাপ নকল কৰি লিখে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.