ETV Bharat / politics

টিকটৰ পৰা বঞ্চিত পত্নী : প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ - Bharat Narah resigns - BHARAT NARAH RESIGNS

Mla Bharat Narah: ৰাণী নৰহে টিকট নোপোৱাৰ পিচদিনাই কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ এৰিলে ভৰত নৰহে ৷ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰিলে নাওবৈচাৰ বিধায়কগৰাকীয়ে ৷

Mla Bharat Narah
প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 4:55 PM IST

গুৱাহাটী, ২৪ মাৰ্চ: বিপৰ্যয়ে লগ নেৰা প্ৰদেশ কংগ্ৰেছত আন এক বিপদ । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা হঠাতে পদত্যাগ কৰিলে নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে । এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।

Mla Bharat Narah
প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কথা সদৰী কৰি বিধায়ক ভৰত নৰহে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে সহধৰ্মিণী ৰাণী নৰহে টিকট লাভ নকৰাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰে ভৰত নৰহে । পত্নী টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই ভৰত নৰহে এই সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে । পদত্যাগ পত্ৰত ভৰত নৰহে মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কোনো কাৰণ উল্লেখ কৰা নাই ।

লক্ষ্যণীয় বিষয় যে নিৰ্বাচনৰ সময়ত মিডিয়া বিভাগটোৰ ভূমিকা আৰু গুৰুত্ব যথেষ্ট বেছি । কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হঠাতে অধ্যক্ষ পদ ত্যাগ কৰি মিডিয়া বিভাগৰ পৰা ভৰত নৰহ আঁতৰি যোৱা বিষয়টোৱে প্ৰদেশ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে । উল্লেখ্য যে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল দুবাৰৰ সাংসদ ৰাণী নৰহ আৰু নতুনকৈ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা । এফালে আছিল ৰাণী নৰহৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত প্ৰৱল প্ৰতাপ আৰু আনফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰাৰ্থী আছিল উদয় শংকৰ হাজৰিকা । যাৰ বাবে লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাত যথেষ্ট পলম হৈছিল কংগ্ৰছে নেতৃত্বৰ ।

লখিমপুৰত টিকট পোৱাৰ বাবে ৰাণী নৰহ দীৰ্ঘদিন ধৰি দিল্লীত হাইকমাণ্ডৰে যোগাযোগত আছিল । আনকি নতুন দিল্লীত একেবাৰে শেষলৈকে নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল ৰাণী নৰহে । ৰাণী নৰহে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্বৰ বাবে শেষ চেষ্টা চলাইছিল । কিন্তু অৱশেষত কংগ্ৰেছ নেতৃত্বই লখিমপুৰ সমষ্টিত ৰাণী নৰহৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক টিকট দিয়ে ।

শনিবাৰে বিয়লি সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰা হয় । ইয়াৰ পিচতেই আজি ভৰত নৰহে প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰে । উল্লেখ্য যে কংগ্ৰেছ দলে বহু আগতেই অসমৰ ১২ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল যদিও লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল ।

এটা সমষ্টি ডিব্ৰুগড় কংগ্ৰেছ দলে মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিছিল । লখিমপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল । অৱশেষত একালত উত্তৰ অসমৰ কংগ্ৰেছী ৰাজনীতিৰ অখণ্ড প্ৰতাপী ৰাণী নৰহক উফৰাই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয় । যাৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাণী নৰহৰ স্বামী ভৰত নৰহে দলীয় এটা গুৰুত্বপূৰ্ণ পদবী ত্যাগ কৰে ।

উল্লেখ্য যে অসমত প্ৰথম তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । লখিমপুৰ সমষ্টিত প্ৰথম পৰ্যায়তে অৰ্থাৎ ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব । লখিমপুৰ সমষ্টিৰ বাবে ২৭ মাৰ্চ হ’ল মনোনয়ন দাখিলৰ শেষ দিন ।

লগতে পঢ়ক: ৰাণী নৰহ-ভৰত নৰহেও উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.