ETV Bharat / politics

শিৱসাগৰতো পাতিব লাগে কেবিনেট বৈঠক; মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিলৰ অনুৰোধ - AKHIL GOGOI ON CABINET IN SIVASAGAR

কেবিনেট বৈঠক অনুষ্ঠিত হোৱা জিলাখনে উন্নয়নমূলক প্ৰকল্প লাভ কৰে । সেয়ে শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক অখিল গগৈৰ ৷

Akhil Gogoi on cabinet in Sivasagar
শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 2:12 PM IST

শিৱসাগৰ : শিৱসাগৰত কেবিনেট বৈঠক আয়োজনৰ আহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান অখিল গগৈৰ । এই সন্দৰ্ভত তেওঁ কয়, "ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, তেজপুৰ সকলোতে কেবিনেট বৈঠক হৈছে । কিন্তু শিৱসাগৰত হোৱা নাই । আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাই । সেয়ে অতি সোনকালে শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে সংবাদমেলযোগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ ।"

শিৱসাগৰত কিয় লাগে কেবিনেট বৈঠক

তেওঁ লগতে কয়, "যিখন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হয়, সেই জিলাখনত বহুতো উন্নয়নমূলক কামৰ ঘোষণা কৰে চৰকাৰে । সেয়ে শিৱসাগৰৰ জিলাখনৰ উন্নয়নৰ স্বাৰ্থতেই এই কেবিনেট বৈঠক শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছোঁ ।"

শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ (ETV Bharat Assam)

শিৱসাগৰত প্ৰয়োজনীয় উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কয়, "দিখৌ নদীৰ ওপৰত দুখন দলঙৰ প্ৰয়োজন । জিলাখনৰ ব্ৰহ্মপুত্ৰই চুই যোৱা অংশবোৰত ব্যাপক গৰাখহনীয়া হৈ আছে । শিৱসাগৰৰ তলাতল ঘৰ প্ৰকল্প সোনকালে আৰম্ভ হ'ব লাগে । শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত থকা কপিকলযুক্ত দলংখন সংৰক্ষণ হ'ব লাগে । নগৰখনৰ ৰাস্তা-পদূলি, নলা-নৰ্দমাবিলাক সৰু । এইবিলাক বহল কৰিব লাগে । শিৱসাগৰক আধুনিক নগৰৰূপে গঢ়ি তোলাৰ বাবে শিৱসাগৰত কেবিনেট বৈঠকৰ প্ৰয়োজন ।"

আনহাতে, শিৱসাগৰৰ বিকাশৰ দিন হিচাপে উক্ত দিনটো ঘোষণা কৰি নতুন শিৱসাগৰৰ আধাৰশিলা স্থাপন কৰিবলৈও মুখ্যমন্ত্রীক আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

এক দেশ, এক নিৰ্বাচনৰ বিৰোধিতা ৰাইজৰ দলৰ

ইফালে কেন্দ্ৰীয় কেবিনেটে ঘোষণা কৰা এক দেশ, এক নিৰ্বাচনৰ ৰাইজৰ দলে বিৰোধিতা কৰা বুলিও সংবাদমেলত ঘোষণা কৰে অখিল গগৈয়ে । এই সন্দৰ্ভত তেওঁ কয়, "ভাৰতীয় সংবিধানৰ বহুকেইটা অনুচ্ছেদ সংশোধন তথা কৰ্তন কৰি বিজেপি চৰকাৰে ৰাজ্যসমূহৰ হাতত থকা অধিকাৰ কৰ্তন কৰিছে । এক দেশ, এক নিৰ্বাচন ব্যবস্থা কাৰ্যকৰী হ'লে বিজেপিয়ে একে ৰাতিতে সংবিধান বদলি কৰি এককেন্দ্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শেষ কৰি পেলাব । এই ব্যৱস্থাৰ বিৰুদ্ধে সকলো বিৰোধী দলক একগোট হ'বৰ বাবে আহ্বান জনাইছোঁ ।"

লুৰীণজ্যোতি গগৈৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া

ইয়াৰ লগতে লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ দল সম্পৰ্কে দিয়া মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । তেওঁ কয়, "ৰাইজৰ দলে আঞ্চলিক দলসমূহ একগোট হোৱাটো কামনা কৰে । এই সম্পৰ্কত গঠন কৰা কমিটীয়ে দুয়োটা দল একগোট হোৱাৰ পৰামৰ্শ দিছিল যদিও ৰাইজৰ দলৰ লগত একত্ৰিকৰণ কৰাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে । ৰাইজৰ দলে একেলগ হ'বৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু অসম জাতীয় পৰিষদে সহমতত উপনীত নহ'ল । লুৰীণজ্যোতি গগৈয়ে কি মন্তব্য কৰিছে সেই সম্পৰ্কত অখিল গগৈৰ ক'বলগীয়া নাই । দুয়োটা দল একেলগ নহ'লে ৰাইজৰ দলৰ কোনো ক্ষতি নহয়, ইয়াৰ দ্বাৰা লুৰীণজ্যোতি গগৈহে ক্ষতিগ্ৰস্ত হ'ব ।"

বহিঃৰাজ্যৰ গাহৰি সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

ইফালে ৰাজ্যখনত সৰবৰাহ হৈ থকা বহিঃৰাজ্যৰ গাহৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । তেওঁ কয়, "লোকেল গাহৰি বন্ধ কৰি দিয়াটো হিমন্ত বিশ্বৰ চৰকাৰৰ এটা বৃহৎ চক্ৰান্ত । লোকেল বস্তুত কমিছন অথবা ছিণ্ডিকেট চলাব নোৱাৰে বাবে এইসমূহ বন্ধ কৰি বহিঃৰাজ্যৰ পৰা বয়বস্তুসমূহ আমদানি কৰিবৰ কাৰণে পথ মুকলি কৰি দিছে আৰু ইয়াৰ জৰিয়তে ছিণ্ডিকেটৰ বজাৰ মেলিছে হিমন্ত বিশ্ব চৰকাৰে । মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গো-মাংস নিষিদ্ধ কৰি খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ পোটত গোৰ মাৰিছে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই ।"

লগতে পঢ়ক :১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড- Ration card distribution - RATION CARD DISTRIBUTION
লগতে পঢ়ক :আদানিৰ উৎকোচ কেলেংকাৰিত অসমৰ নাম: চুক্তি ৰাজহুৱা কৰাৰ দাবী ৰাইজৰ দলৰ - ADANI BRIBERY ALLEGATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.