চিৰাং, 6 মাৰ্চ: আগন্তক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক উভতি ধৰি মন্ত্ৰীগৰাকীয়ে কয়, "হাগ্ৰামা মহিলাৰীয়ে লোকসভাত জিকিবলৈ হ'লে বিদেশলৈ যাব লাগিব ৷ অসমত কাম নহ'ব । কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই । হাগ্ৰামা মহিলাৰীৰ বিপিএফ আছে যদিও ইউপিপিএলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় । হাগ্ৰামা মহিলাৰীয়ে ডেৰ লাখ ভোট পাব ।"
চিৰাঙত বিকাশ যাত্ৰাৰ অধীনত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মংগলবাৰে অংশগ্ৰহণ কৰি এনেদৰে বিপিএফ দলক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই 95.58 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া 17 টা বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ লগতে 14.5970 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা 13 টা বিভিন্ন আঁচনিৰ উদ্বোধন কৰে । আধাৰশিলা আৰু উদ্বোধনৰ পিচতে জিলা সদৰ কাজলগাঁও বজাৰ প্ৰাংগনত চিৰাং জিলা প্ৰশাসনে আয়োজিত বিকাশ যাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমৰ চুকে-কোণে বিকাশ হৈছে ৷
বিপিএফৰ সমান্তৰালভাৱে মন্ত্ৰীজনে সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি কয়, "নৱ কুমাৰ শৰণীয়াক মই উপদেশ দি আছো যে লোকসভা নিৰ্বাচনত নমিনেশ্যন নিদিয়া ভাল হ'ব কাৰণ জাতিগত প্ৰমাণ-পত্ৰ বাতিল কৰিছে । এনে অৱস্থাত কোনোবাই আদালতলৈ গ’লে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হোৱাটো নিশ্চিত ।"
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, 2014 চনত নৱ শৰণীয়াৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়ায় লোকসভা নিৰ্বাচনত বেয়াকৈ পৰাজিত হৈছিল উৰ্খাও গৌৰা ব্ৰহ্ম । মংগলবাৰৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলী-চিৰাং সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ লগতে বহু দলীয় নেতা-কৰ্মীয়ে ।
লগতে পঢ়ক: গুণগত মান বৃদ্ধি পাইছে শিক্ষাৰ: ইউ জি ব্ৰহ্ম