ETV Bharat / politics

কংগ্ৰেছৰ ওচৰত লুৰীণজ্যোতি গগৈয়ে সকলো বিক্ৰী কৰিছে : মন্ত্ৰী সঞ্জয় কিষাণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:07 PM IST

Assam Politics : লুৰীণজ্যোতি গগৈয়ে কোনো কাৰণতে খিলঞ্জীয়াৰ কথা চিন্তা কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ বোকোচাত উঠি তেওঁ খিলঞ্জীয়াৰ কথা ক’ব নোৱাৰে, তেওঁ এজন কংগ্ৰেছী নেতা- এই মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ ৷

MINISTER SANJOY KISHAN
গোলাঘাটত মন্ত্ৰী সঞ্জয় কিষাণ (ETV BHARAT ASSAM)

গোলাঘাট, 31 মে’ : "লুৰীণজ্যোতি গগৈ এজন কংগ্ৰেছী নেতা ৷ কংগ্ৰেছৰ ওচৰত তেওঁ সকলো বিক্ৰী কৰিছে ৷" অজাপৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কটাক্ষ কৰি এই মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হোৱা মন্ত্ৰী সঞ্জয় কিষাণক লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল ৷

লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী সঞ্জয় কিষাণ (ETV BHARAT ASSAM)

অজাপৰ সভাপতিজনক কটাক্ষ কৰি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে, লুৰীণজ্যোতি গগৈ এজন ভাল ল’ৰা আছিল ৷ কিন্তু ৰাজনৈতিক পাকচক্ৰত কংগ্ৰেছে তেওঁক নষ্ট কৰি পেলালে ৷ যি কংগ্ৰেছক গালি দি, সমালোচনা কৰি তেওঁ ছাত্ৰনেতা হ’ল সেই কংগ্ৰেছৰে বোকোচাত উঠি তেওঁ ৰাজনৈতিক পথাৰ পাৰ হ’ব বিচাৰিছে ৷ যি কংগ্ৰেছৰ হাতত 855 জন শ্বহীদৰ তেজৰ চেঁকুৰা লাগি আছে সেই হাতত হাত মিলাই লুৰীণজ্যোতি গগৈয়ে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিলে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী কিষাণে লগতে অভিযোগ কৰে যে, ডেকাসকলক উচটাই, বিভিন্ন কথা কৈ লুৰীণজ্যোতি গগৈয়ে অসমখন জ্বলাবলৈ বাধ্য কৰাইছিল ৷ এইবিলাক অসমৰ মানুহে পাহৰি যোৱা নাই আৰু অসমৰ মানুহে এনেকুৱা পৰিৱেশ নিবিচাৰে ৷ লুৰীণজ্যোতি গগৈয়ে কোনো কাৰণতে খিলঞ্জীয়াৰ কথা চিন্তা কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ বোকোচাত উঠি তেওঁ খিলঞ্জীয়াৰ কথা ক’ব নোৱাৰে, তেওঁ এজন কংগ্ৰেছী নেতা ৷ কংগ্ৰেছৰ ওচৰত তেওঁ সকলো বিক্ৰী কৰিছে বুলি অভিযোগ কৰে মন্ত্ৰীজনে ৷

উল্লেখ্য যে, শুকুৰবাৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা কৰ্মী সকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ তাৰ পাচতে শালমাৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.