ETV Bharat / politics

গৌৰৱ গগৈৰ যোৰহাটৰ প্ৰতি আন্তৰিকতা নাই : পীযুষ হাজৰীকা - Pijush Hazarika on AJP

Lok Sabha election 2024: অসম জাতীয় পৰিষদৰ নিজা শক্তি নাই বুলি মন্তব্য় মন্ত্ৰী পীযুষ হাজৰীকাৰ । মঙলবাৰে যোৰহাট ৰজাবাৰীত এক যোগদান সভাত তেওঁ এইদৰে মন্তব্য় কৰে । প্ৰয়োজনত বিজেপি তথা মিত্ৰজোঁটে ১২টা লোকসভা সমষ্টিত জয়ী হ'ব পাৰে বুলিও দাবী কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Lok Sabha election 2024
বিজেপিত যোগদান সভা
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:34 PM IST

বিজেপিত যোগদান সভা

যোৰহাট, ৫ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলত যোগদান কাৰ্যসূচী তীব্ৰতৰ হৈছে । ইয়াৰ মাজতেই আজি যোৰহাটত অনুষ্ঠিত হয় বিজেপিৰ যোগদান কাৰ্যসূচী । আজি যোৰহাট ৰজাবাৰীৰ অসম সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দল-সংগঠনৰ দুই শতাধিক লোকে বিজেপি দলত যোগদান কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু জলসম্পদ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । মন্ত্ৰী পীযুষ হাজৰীকাই সভাত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ।

মঙলবাৰে যোৰহাট ৰজাবাৰীৰ অসম সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন দলীয় সভাত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দল সংগঠনৰ দুই শতাধিক লোকে বিজেপি দলত যোগদান কৰাত তেওঁলোকক আদৰণি জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু জলসম্পদ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

যোগদান সভাৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই কয়," কংগ্ৰেছে সকলো সহযোগী দলক প্ৰতাৰণা কৰিলে । শেষত গৈ কংগ্ৰেছৰ লগত আছে আজাপ । কাৰণ অসম জাতীয় পৰিষদৰ নিজা শক্তি নাই । সেয়েহে কংগ্ৰেছৰ বোকোচাত উঠি নিবাৰ্চন খেলিব আৰু বৰ্তমান সময়ত লুৰীণজ্যোতি আনৰ ওপৰত নিৰ্ভৰ কৰাহে ব্যক্তি ।" মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে গৌৰৱৰ পৈতৃক জন্মস্থান যোৰহাট । তথাপি যোৰহাটৰ পৰা নিৰ্বাচন খেলিবলৈ সাহস কৰা নাই । কাৰণ তেওঁৰ যোৰহাটৰ প্ৰতি কোনো আন্তৰিকতা নাই আৰু যদিও যোৰহাটত নিৰ্বাচন খেলে যোৰহাটত গৌৰৱ গগৈ পৰাস্ত হ'ব ।

বিজেপি তথা মিত্ৰজোঁটে ১১ টা লোকসভা সমষ্টিত জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি তেওঁ উল্লেখ কৰি কয় যে প্ৰয়োজনত ১২টা লোকসভা সমষ্টিত জয়ী হ'ব পাৰে । কংগ্ৰেছে যদি নিৰ্বাচন খেলে কৰিমগঞ্জ , নগাঁও আৰু ধুবুৰীৰ পৰাহে জিকিব পৰা সম্ভৱনা আছে । গৌৰৱ গগৈয়ে নগাৱত নিৰ্বাচন খেলিব ,কিন্তু যোৰহাটত নিৰ্বাচন নেখেলে বুলি তেওঁ মন্তব্য় কৰে । তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছৰ পৰা দলত্যাগ কৰি গেৰুৱা সাজ পৰিধান কৰা ৰাণা গোস্বামীৰ নেতৃত্বত বৰ্তমান যোৰহাট জিলাত বিজেপিয়ে ধাৰাবাহিক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক:সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ: বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন সাংবাদিক সমাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.