গুৱাহাটী, ২৪ মাৰ্চ : লক্ষ্য ১৩ । এই লক্ষ্যত উপনীত হোৱাৰ বাবে শাসকীয় দল বিজেপিয়ে ব্যাপক ৰণকৌশল অৱলম্বন কৰি ইতিমধ্যে নিৰ্বাচনী ৰণত নামি পৰিছে । লোকসভাৰ নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ১৩ খন আসন দখলৰ লক্ষ্যৰে নিৰ্বাচনী ৰণ ক্ষেত্ৰত নামিছে বিজেপি । একমাত্ৰ ধুবুৰী সমষ্টিটো বাদ দিছে বিজেপিয়ে ।
![massive campaign in every constituency with strategy to grab all seats except Dhubri by bjp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-03-2024/as-ghy-01-massive-campaign-in-every-constituencywithamassivestrategy-to-grab-all-seats-except-dhubri-by-bjp-7209925_24032024133058_2403f_1711267258_520.jpeg)
ধুবুৰী সমষ্টিটো হিচাপত ৰখা নাই যদিও বিজেপিয়ে মিত্ৰদল অগপৰ ওপৰতে এৰি দিছে । আনহাতে বৰপেটা সমষ্টিটোও মিত্ৰদল অগপক এৰি দিছে যদিও বিজেপিয়ে জয়ৰ বাবে সকলো ৰণকৌশল অৱলম্বন কৰিছে । বিজেপিয়ে আন এটা সমষ্টি মিত্ৰদল ইউ পি পি এলক এৰি দিছে ।
মিত্ৰদল ইউ পি পি এলক এৰি দিয়া কোকৰাঝাৰ সমষ্টিটো দখল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শাসকীয় দলটোৱে । মুঠতে ধুবুৰীৰ বাহিৰে আন সকলো আসন হস্তগত কৰাৰ বাবে গেৰুৱা দলটোৱে ইতিমধ্যে ব্যাপক ৰণ কৌশল প্ৰস্তুতেৰে প্ৰতিটো সমষ্টিতে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।
![massive campaign in every constituency with strategy to grab all seats except Dhubri by bjp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-03-2024/as-ghy-01-massive-campaign-in-every-constituencywithamassivestrategy-to-grab-all-seats-except-dhubri-by-bjp-7209925_24032024133058_2403f_1711267258_427.jpg)
ইফালে গুৱাহাটীৰ বাজপেয়ী ভৱনটো সঘনাই অনুষ্ঠিত হৈছে বেঠক । য'ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিকে ধৰি দলীয় নেতৃত্বই নেতা-কৰ্মীসকলক দিছে বিভিন্ন নিৰ্দেশনা । মুঠতে লক্ষ্যত উপনীত হোৱাৰ বাবে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই গেৰুৱা দলটোৱে ।
আনহাতে প্ৰতিটো বিধানসভা সমষ্টিতে পূৰ্বৰ নিৰ্বাচনতকৈ দহ শতাংশ ভোট বৃদ্ধিৰ বাবে বিজেপি নেতৃত্বই বিধায়কসকলক একপ্ৰকাৰৰ কঠোৰ নিৰ্দেশ দিছে । আনকি ভোটবৃদ্ধি কৰিব নোৱৰা বিধায়কক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়া হৈছে । যাৰ বাবে এক কথাত ক'বলৈ গ'লে এতিয়া বিজেপিৰ বিধায়কসকলৰ মাজত হাহাকাৰ লাগিছে ।
লগতে পঢ়ক : উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী - Lakhimpur Lok Sabha Constituency
২০২৬ত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ শংকাত ভুগি প্ৰতিজন বিধায়কেই নিজ নিজ সমষ্টিত ভোট বৃদ্ধিৰ বাবে দিনে-নিশাই নামি পৰিছে । নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত অত্যন্ত ব্যস্ত হৈ পৰিবলগীয়া হৈছে বিজেপিৰ বিধায়কসকল । ক'বলৈ গ’লে বিধায়কসকলৰ বাবে এইবাৰৰ নিৰ্বাচন হৈ পৰিছে একপ্ৰকাৰ অগ্নিপৰীক্ষা । যাৰ বাবে প্ৰাৰ্থীসকলৰ সমানে বিধায়ক সকলো ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ।
![massive campaign in every constituency with strategy to grab all seats except Dhubri by bjp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-03-2024/as-ghy-01-massive-campaign-in-every-constituencywithamassivestrategy-to-grab-all-seats-except-dhubri-by-bjp-7209925_24032024133058_2403f_1711267258_190.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ লোকসভা নিৰ্বাচনক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে । কাৰণ অসমত যিমানে অধিক আসন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হ'ব সিমানেই কেন্দ্ৰৰ ওচৰত তেওঁৰ গুৰুত্ব বৃদ্ধি পাব । সেয়েহে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত কমেও ১০০ টা বিধানসভা সমষ্টিত প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে ।
মুখ্যমন্ত্ৰীয়ে ক'ত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাব সেই সন্দৰ্ভত তালিকা প্ৰস্তুত কৰা হৈছে । ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমষ্টিতে প্ৰচাৰ চলোৱাৰ বাবে তিনিখন বিশেষ বাহনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰে এখন বাহন বৰাকত, এখন গুৱাহাটীত আৰু এখন বাহন থাকিব উজনি অসমত ।
প্ৰধানমন্ত্ৰীয়ে যিদৰে বিশেষ বাহনত উঠি ৰোড শ্ব' কৰে ঠিক একেদৰেই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিশেষভাৱে সজ্জিত বাহনত উঠি ৰোড শ্ব' কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য হিচাপে প্ৰায় ১০০ খন সভা তথা ৰেলীত অংশ গ্ৰহণ কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে ।
লগতে পঢ়ক : কোন হ'ব অসমৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ? - Lok sabha elections
আনহাতে নতুন হিতাধিকাৰীক লক্ষ্য কৰিও বিজেপিয়ে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ ৰণকৌশল । সেই অনুসৰি ৰাজ্যৰ ২ কোটি ৪৩ লাখ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰলৈকে যোৱাৰ সিদ্ধান্ত লৈছে দলটোৱে । ইতিমধ্যে দলটোৱে জনতাক বিজেপিমুখী কৰাৰ বাবে ঘৰে ঘৰে যোৱাৰ কাম আৰম্ভ কৰিছে ।
বিজেপিৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে প্ৰচাৰলৈ যোৱাৰ সময়ত এখন প্ৰ-পত্ৰ লৈ গৈছে । উক্ত প্ৰ-পত্ৰখনত কেইটামান বিশেষ প্ৰশ্ন ৰখা হৈছে । যিবোৰ প্ৰশ্ন ৰাইজৰ আগত দাঙি ধৰা হৈছে । প্ৰশ্নসমূহ হৈছে এনেধৰণৰ - ‘‘অৰুণোদয় পাইছেনে, ৰেছন কার্ড লাভ কৰিছেনে, নিযুত মইনা আঁচনিৰ বাবে ঘৰখনত ছোৱালী আছেনে, আপুনি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাইছে নে, আপোনাৰ কিবা পৰামৰ্শ আছে নেকি ।’’
এইদৰে কেইবাটাও পাঁচটা প্ৰশ্ন আছে প্ৰ-পত্ৰখনত । ঘৰে ঘৰে যোৱা নেতা-কর্মীসকলে উক্ত প্ৰ-পত্ৰখন পূৰণ কৰি আনি দলীয় কাৰ্যালয়ত দাখিল কৰিব লাগিব । মুঠতে নিৰ্বাচনৰ বতৰতে ৰাইজৰ কাষ চাপি বিজেপিয়ে নতুন হিতাধিকাৰী বৃদ্ধি কৰাৰ বাবে এক পৰিকল্পনা কৰিছে ।
নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিজেপিয়ে প-পত্ৰ পূৰণৰ জৰিয়তে ভোটাৰক বিজেপিমুখী কৰিবলৈ চেষ্টা কৰিব সেয়া নিশ্চিত । লগতে মোডী চৰকাৰে পূৰণ কৰা গেৰাণ্টিসমূহৰ বিষয়েও ৰাইজক অৱগত কৰি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে ।
উল্লেখ যে, বিগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'বিকাশ যাত্ৰা'ৰ যোগেদি একপ্ৰকাৰে ব্যাপক প্ৰচাৰ অভিযান চলায় । নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগদিনালৈকে বিগত এটা মাহত মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি ১০০ৰো অধিক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে 'বিকাশ যাত্ৰা'ৰ যোগেদি ৩৫খন জিলা সামৰি ১৮,৪০০ কোটি টকা ব্যয়ৰ ২,০৫৬টা প্ৰকল্পৰ শুভাৰম্ভণী কৰিছিল ।