ETV Bharat / politics

চৰকাৰৰ পক্ষপাতমূলক দৃষ্টিভংগীৰ বাবেই অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে : লুৰীণজ্যোতি গগৈ - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:21 PM IST

Lurinjyoti Gogoi in Dhing : ধিঙত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ অপৰাধীৰ কোনো জাতি, ধৰ্ম নাই বুলি মন্তব্য অজাপৰ সভাপতিগৰাকীৰ ৷ অপৰাধীক চৰকাৰে পক্ষপাতমূলক দৃষ্টিভংগীৰে চোৱাৰ বাবেই নাৰী নিৰ্যাতনৰ দৰে অপৰাধ বৃদ্ধি পোৱা বুলি মন্তব্য ৷

Lurinjyoti Gogoi in Dhing
ধিঙত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

নগাঁও, ২৩ আগষ্ট : নগাঁৱৰ ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সমগ্ৰ ধিং অঞ্চলত প্ৰতিবাদ অব্যাহত থকাৰ সময়ত শুকুৰবাৰে ধিঙত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷

শুকুৰবাৰে বিয়লি ধিঙত উপস্থিত হৈ কিশোৰী ধৰ্ষণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ দিনতেই ৰাজ্যত নাৰী নিৰ্যাতৰ দৰে ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ ধিঙত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

অপৰাধীৰ কোনো জাতি অথবা ধৰ্ম নাই বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ কয়, ‘‘ চৰকাৰৰ পক্ষপাতমূলক আচৰণৰ কাৰণে বহু অপৰাধী আঁতৰি যাবলগীয়া হয় ৷ অপৰাধীজন চৰকাৰী পক্ষত আছেনে নাই, বিজেপিৰ হয়নে নহয়, অথবা ধৰ্ম চাই তেওঁলোকে সিদ্ধান্ত লয় বাবেই কেতিয়াবা শাস্তিৰ সন্মুখীন নহয় ৷’’

বৰ্তমানৰ বিজেপি চৰকাৰে অপৰাধীক পক্ষপাতমূলক দৃষ্টিৰে চোৱাৰ বাবেই অসমত ধৰ্ষণ, হত্যাৰ দৰে অপৰাধ বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । এনে অপৰাধ নিৰ্মূলৰ বাবে চৰকাৰে অপৰাধীৰ দৃষ্টিভংগীৰে চাই কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ তদুপৰি শাসকীয় বিজেপি চৰকাৰে নাৰীক সুৰক্ষা প্ৰদান নকৰাৰ ফলতেই নাৰী নিৰ্যাতনৰ দৰে ঘটনা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে তেওঁ ৷

হত্যা-ধৰ্ষণৰ দৰে অপৰাধৰ বিৰুদ্ধে চৰকাৰে যিদৰে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে অপৰাধ বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে । উল্লেখযোগ্য যে, ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ ধৃত অভিযুক্ত অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কিছু তথ্য লাভ কৰা বুলিও শুকুৰবাৰে উল্লেখ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ

ধিংকাণ্ড : লোকসভা নিৰ্বাচনৰ পিছত কিছু লোকৰ মনোবল বৃদ্ধি পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.