ETV Bharat / politics

আমি এজাহাৰ দিলেও তেওঁলোকে কেৰেপেই নকৰে: ৰকিবুল হুছেইন

নিৰাপত্তাহীনতাত ভুগিছে সাংসদ ৰকিবুল হুছেইনে ! বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আৰু অসম সন্মিলিত মৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ ।

MP Rakibul Hussain says he is suffering from insecurity
নিৰাপত্তাহীনতাত ভুগিছে সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নগাঁও: ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰাই উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চামগুৰি বিধানসভা সমষ্টিত কেবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে কৰিছে আন এক বিস্ফোৰক মন্তব্য । "বৰ্তমান মই নিৰাপত্তাহীনতাত ভুগিছোঁ । ৰাজহুৱা জীৱনত আছো যেতিয়া উপায়তো নাই ।" হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি যোৱাৰ কথাও উল্লেখ কৰি ৰকিবুল হুছেইনৰ মন্তব্য,"আমি এজাহাৰ দিলেও তেওঁলোকে কেৰেপেই নকৰে ।"

ইফালে, বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিৰোধীয়ে গঠন কৰা অসম সন্মিলিত মৰ্চা চমুকৈ অ.স.মৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পদত্যাগ আৰু সন্মিলিত মৰ্চাত সৃষ্টি হোৱা বিভাজন সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

নিৰাপত্তাহীনতাত ভুগিছে সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)

তেওঁ কয়,"বিহালী সমষ্টিৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে এটা শক্তি বিচৰিছিল বাবেই ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই কংগ্ৰেছ দলে প্ৰাৰ্থীগৰাকীক আগবঢ়াই দিয়া হৈছে । বহুদিন মনৰ মিল আছিল যদিও আকৌ মন অমিল হৈছে । সকলো নেতা পুনৰ একেলগ হলে ঠাণ্ডা মগজুৰে আলোচনা কৰা হ'ব । সদায় মিত্ৰতা ৰাখিব বিচাৰো ।"

উল্লেখযোগ্য যে, বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত অসম সন্মিলিত মৰ্চাই সন্মিলিতভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছিল যদিও অৱশেষত কংগ্ৰেছ দলে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । যাক লৈ অসম সন্মিলিত মৰ্চাৰ মাজত ভাঙোনৰ সৃষ্টি হৈছে । আনকি কংগ্ৰেছক বাদ দি পুনৰ অসম সন্মিলিত মৰ্চাও গঠন কৰা হয় । এইক্ষেত্ৰত গৌৰৱ গগৈৰ বাবেই বিৰোধী মৰ্চাত বিভাজন হোৱা বুলিও সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা ।

লগতে পঢ়ক: আপেও যুঁজিব বিহালী-চামগুৰিত: নাম ঘোষণা দুই প্ৰাৰ্থীৰ

তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে: লুৰীণজ্যোতি গগৈ

গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

বিজেপি এৰি অৱশেষত 'কংগ্ৰেছী' হ'ল জয়ন্ত বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.