ETV Bharat / politics

অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : বিজেপি মিত্ৰজোঁটৰ হাতত 11 খন আসন; কংগ্ৰেছে লাভ কৰিলে 3 খন - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:08 AM IST

Updated : Jun 4, 2024, 9:27 PM IST

LOK SABHA ELECTION RESULTS 2024
ভোটগণনাৰ লাইভ আপডেট (Etv Bharat Assam)
প্ৰায় সমাপ্ত হ’ল 2024 ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ সমগ্ৰ দেশতে বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে যদিও এন ডি এ মিত্ৰজোঁটে মেজিক নাম্বাৰ অতিক্ৰম কৰিছে ৷ অসমৰ 14 খন আসনৰ ভিতৰত 11 খন বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে 3 খন আসনত জয়ী হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৷

LIVE FEED

9:21 PM, 4 Jun 2024 (IST)

কৰিমগঞ্জত শেষ হাঁহি মাৰিলে কৃপানাথ মাল্লাই

আজি ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বৰাক উপত্যকাৰ কৰিমগঞ্জ সমষ্টি দখল কৰিছে বিজেপিয়ে ৷ গেৰুৱা দলটোৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই প্ৰায় 11663 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক ৷ কৃপানাথ মাল্লাই প্ৰায় 533255 ভোট লাভ কৰাৰ বিপৰীতে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে লাভ কৰিছে 521592 টা ভোট ৷ সমষ্টিটোত দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হয় যদিও অৱশেষত জয়লাভ কৰিবলৈ সক্ষম হ’ল কৃপানাথ মাল্লা ৷

7:49 PM, 4 Jun 2024 (IST)

7,81,772 ভোট লাভেৰে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ বিজয়ী

নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ জয় লাভ ৷ বৰদলৈয়ে লাভ কৰিছে 7,81,772 ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক 2,14,502 ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ সুৰেশ বৰাই লাভ কৰিছে 5,67,270 ভোট ৷

7:34 PM, 4 Jun 2024 (IST)

কোকৰাঝাৰ ইউ পি পি এল প্ৰাৰ্থীৰ জয় লাভ

1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ীৰ হাঁহি মাৰিছে ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,74,944 ভোট ৷ বিপক্ষৰ বি পি এফ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক 53,077 ভোটৰ ব্যৱধানত পৰাস্ত কৰে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ বৰগয়াৰীয়ে লাভ কৰিছে 4,21,867 ভোট ৷

7:03 PM, 4 Jun 2024 (IST)

শোণিতপুৰত ৰঞ্জিত দত্তৰ জয় লাভ, লাভ কৰিলে 7,66,874 ভোট

শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই জয় লাভ কৰিছে ৷ দত্তই লাভ কৰিছে 7,66,874 ভোট ৷ প্ৰায় 3,56,927 ভোটৰ ব্য়ৱধানত ৰঞ্জিত দত্তই হৰুৱাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক ৷ নিকটতম প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,09,947 ভোট ৷

6:45 PM, 4 Jun 2024 (IST)

লখিমপুৰত 1,99,833 ভোটৰ ব্যৱধানত উদয় শংকৰ হাজৰিকাক পৰাস্ত প্ৰদান বৰুৱাৰ

লখিমপুৰতো বিজয়ী হিচাপে ঘোষিত হয় বিজেপিৰ প্ৰদান বৰুৱা ৷ বৰুৱাই 6,57,322 ভোট লাভেৰে কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক পৰাস্ত কৰে ৷ 1,99,833 ভোটৰ ব্যৱধানত পৰাস্ত হোৱা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে 4,57,489 ভোট ৷

6:36 PM, 4 Jun 2024 (IST)

দীপ বায়নক পৰাস্ত কৰি বৰপেটাত ফণীভূষণৰ জয় লাভ

বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ জয় লাভ ৷ বিপক্ষৰ কংগ্ৰেছ প্ৰতিদ্বন্দ্বী দীপ বায়নক 2,09,079 ভোটৰ ব্যৱধানত হৰুৱায় ৷ চৌধুৰীয়ে লাভ কৰে 8,18,131 ভোট ৷ আনহাতে, দীপ বায়নে 6,09,052 আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লাভ কৰে 91,113 ভোট ৷

আনহাতে, দৰং-ওদালগুৰিত দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে দিলীপ শইকীয়া ৷ পূৰ্বে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ শইকীয়াই লাভ কৰে 8,54,134 ভোট ৷ 3,18,578 ভোটৰ ব্যৱধানত বিপক্ষৰ প্ৰতিদ্বন্দ্বী মাধৱ ৰাজবংশীক হৰুৱাই এই জয় অৰ্জন কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে লাভ কৰে 5,35,556 ভোট ৷ সমষ্টিটোত বি পি এফৰ দুৰ্গা দাস বড়োৱে লাভ কৰে 3,06,214 ভোট ৷

6:18 PM, 4 Jun 2024 (IST)

ডিফুত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ শিৰত বিজয়ীৰ মুকুট

6 নং ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৱে জয় লাভ কৰে ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে 3,25,489 ভোট ৷ 1,44,715 ভোটৰ ব্যৱধানত পৰাস্ত হয় নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ ৷ কাথাৰে লাভ কৰে 1,80,774 ভোট ৷

5:56 PM, 4 Jun 2024 (IST)

প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত গুৱাহাটীত বিজুলী কলিতা মেধিৰ জয়

গুৱাহাটী সমষ্টিত জয় লাভ বিজুলী কলিতা মেধিৰ ৷ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰক হৰুৱাই জয়ৰ পথ প্ৰশস্ত কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ বিজুলী কলিতা মেধিয়ে 7,79,860 ভোট, আনহাতে মীৰা বৰঠাকুৰে লাভ কৰে 5,75,457 ভোট ৷ প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত মীৰা বৰঠাকুৰে পৰাজয়বৰণ কৰে ৷

5:43 PM, 4 Jun 2024 (IST)

13,07,113 ভোটেৰে ধুবুৰীত জয়ী ৰকিবুল হুছেইন

বহুচৰ্চিত ধুবুৰী লোকসভা সমষ্টিত বিজয়ীৰ হাঁহি মাৰিছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ৷ নিকটতম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক প্ৰায় 9 লাখ 20 হাজাৰৰো অধিক ভোটৰ ব্যৱধানত হৰুৱায় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ৰকিবুল হুছেইনে লাভ কৰিছে 13,07,113 ভোট ৷ আজমলে লাভ কৰে 4,16,447 ভোট ৷

5:21 PM, 4 Jun 2024 (IST)

যোৰহাটত গগৈ বনাম গগৈৰ যুঁজত বিজয়ী গৌৰৱ গগৈ

অৱশেষত স্বপ্নভংগ হ’ল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ৷ যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে এক লাখ 40 হাজাৰ ভোটৰ ব্যৱধানত জয় লাভ কৰে ৷ গৌৰৱ গগৈয়ে লাভ কৰে 7,38,678 ভোট ৷ বিপৰীতে তপন কুমাৰ গগৈয়ে লাভ কৰে 5,98,710 ভোট ৷

5:09 PM, 4 Jun 2024 (IST)

2 লাখ 79 হাজাৰ ভোটৰ ব্যৱধানত পৰিমল শুক্লবৈদ্যৰ জয় লাভ

আহিছে দ্বিতীয়টো জয়ৰ খবৰ ৷ 8 নং শিলচৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই জয়ী লাভ কৰে ৷ প্ৰাৰ্থীগৰাকীয়ে 2 লাখ 79 হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত হয় ৷ শুক্লবৈদ্যই লাভ কৰে 6,00,240 টা ভোট ৷

4:18 PM, 4 Jun 2024 (IST)

কোনটো সমষ্টিত পৰিল কিমান ন’টা ভোট ?

  • 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 10,440 টা
  • 2 নং ধুবুৰী লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 10,826 টা
  • 3 নং বৰপেটা লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 12,944 টা
  • 4 নং দৰং-ওদালগুৰি লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 19,980 টা
  • 5 নং গুৱাহাটী লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 15,688 টা
  • 6 নং ডিফু লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 14,365 টা
  • 7 নং কৰিমগঞ্জ লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 1,405 টা
  • 8 নং শিলচৰ লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 10,440 টা
  • 9 নং নগাঁও লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 8,388 টা
  • 10 নং কাজিৰঙা লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 20,436 টা
  • 11 নং শোণিতপুৰ লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 16,000 টা
  • 12 নং লখিমপুৰ লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 16,417 টা
  • 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 31,607 টা
  • 14 নং যোৰহাট লোকসভা সমষ্টিত ন’টা ভোটৰ সংখ্যা 14,103 টা

3:42 PM, 4 Jun 2024 (IST)

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জয়ী, লাভ কৰিলে 6,69,253 ভোট

অসমৰ প্ৰেক্ষাপটত প্ৰথমটো জয়ৰ খবৰ আহিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ৷ ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক ভোটযুদ্ধত পৰাজিত কৰে ৷ সোণোৱালে লাভ কৰে 6,69,253 টা ভোট ৷ আনহাতে, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ পৰা ভোট লাভ কৰে 4,03,212 ৷ গগৈয়ে 2,66,041 টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে ৷ আম আদমী পাৰ্টিৰ মনোজ ধানোৱাৰে লাভ কৰে 1,31,794 টা ভোট ৷

3:01 PM, 4 Jun 2024 (IST)

সমষ্টিভিত্তিক কোন প্ৰাৰ্থীৰ ক’ত অগ্ৰগতি?

  • 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ 43,309 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 2 নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ 5,69,886 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 3 নং বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ 1,62,647 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 4 নং দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ 1,94,954 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 5 নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ 1,98,321 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 6 নং ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ 95,673 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 7 নং কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ 8,988 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 8 নং শিলচৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ 1,82,459 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 9 নং নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ 1,54,901 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 10 নং কাজিৰঙা লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ 1,49,737 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 11 নং শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ 2,47,080 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 12 নং লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ 1,78,157 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ 2,61,414 ভোটৰ ব্যৱধানত অগ্ৰগতি
  • 14 নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ 1,27,305 ভোটৰ ব্যৱধানত অগ্ৰগতি

2:18 PM, 4 Jun 2024 (IST)

যোৰহাটত দুই গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা : 1,09,072 টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ অগ্ৰগতি

আনহাতে, সকলোৰে দৃষ্টি আৱদ্ধ থকা 14 নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ সাংসদ তথা নিৰ্বাচনী প্ৰাৰ্থী গৌৰৱ গগৈয়ে 5,80,298 টা ভোট লাভ কৰি বিপক্ষৰ প্ৰতিদ্বন্দ্বী তথা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈতকৈ 1,09,072 টা ভোটত আগবাঢ়ি আছে ৷ তপন কুমাৰ গগৈয়ে লাভ কৰিছে 4,71,226 টা ভোট ৷

2:06 PM, 4 Jun 2024 (IST)

ডিব্ৰুগড়ত হাই প্ৰফাইল প্ৰাৰ্থী সৰ্বানন্দ-লুৰীণৰ মাজত আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা

13 নং লোকসভা সমষ্টি ডিব্ৰুগড়ত হাই প্ৰফাইল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে 5,64,187 টা ভোট ৷ সোণোৱালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈতকৈ 2,27,167 টা ভোটত আগবাঢ়ি আছে ৷ লুৰীণজ্যোতি গগৈয়ে লাভ কৰিছে 3,37,020 টা ভোট ৷ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আম আদমী পাৰ্টিৰ মনোজ ধানোৱাৰে লাভ কৰিছে 1,14,482 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা হৈছে 26,142 টা ৷

1:47 PM, 4 Jun 2024 (IST)

লখিমপুৰত বৰ্তমানলৈকে প্ৰদান বৰুৱাৰ 4,57,278 টা ভোট লাভেৰে অগ্ৰগতি

12 নং লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই 4,57,278 টা ভোটেৰে লাভ কৰিছে অগ্ৰগতি ৷ বিপৰীতে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই 3,00,893 টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থীগৰাকীতকৈ 1,56,385 টা ভোটত পিছ পৰি আছে ৷

1:39 PM, 4 Jun 2024 (IST)

শোণিতপুৰত 2,07,607 টা ভোটৰ ব্যৱধানৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ অগ্ৰগতি

আনহাতে, 11 নং শোণিতপুৰ লোকসভা সমষ্টিত 2,07,607 টা ভোটৰ ব্যৱধানৰে ভোটযুদ্ধত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত ৷ দত্তই লাভ কৰিছে 4,33,043 টা ভোট ৷ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুই লাভ কৰিছে 2,25,436 টা ভোট ৷ সমষ্টিটোৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই লাভ কৰিছে 18,389 টা ভোট ৷

1:35 PM, 4 Jun 2024 (IST)

কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাৰ অগ্ৰগতি : সমষ্টিটোত ন’টা ভোটৰ সংখ্যা 11,177 টা

নৱগঠিত 10 নং কাজিৰঙা লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,14,940 টা ভোট ৷ প্ৰায় 1,04,966 টা ভোটেৰে আগবাঢ়ি থকা তাছাৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীয়ে লাভ কৰিছে 3,09,974 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা হৈছে 11,177 টা ৷

1:30 PM, 4 Jun 2024 (IST)

9 নং নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুত বৰদলৈৰ অগ্ৰগতি

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে 9 নং নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই লাভ কৰিছে 3,25,780 টা ভোট ৷ বিপৰীতে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে 2,28,441 টা ভোট ৷ প্ৰায় 97,339 টা ভোটত আগবাঢ়ি আছে প্ৰদ্যুত বৰদলৈ ৷ ইফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুৰ ইছলামে লাভ কৰিছে 69,029 টা ভোট ৷

1:25 PM, 4 Jun 2024 (IST)

শিলচৰত পৰিমল শুক্লবৈদ্যৰ অগ্ৰগতি

8 নং শিলচৰ লোকসভা সমষ্টিত পৰিমল শুক্লবৈদ্যই 2,81,901 টা ভোট লাভেৰে নিকটৰ কংগ্ৰেছী প্ৰতিদ্বন্দ্বী সূৰ্যকান্ত সৰকাৰতকৈ 1,46,965 টা ভোটৰ অগ্ৰগতি লাভ কৰিছে ৷ সৰকাৰে পাইছে 1,34,936 টা ভোট ৷

1:18 PM, 4 Jun 2024 (IST)

কৰিমগঞ্জত বৰ্তমানলৈকে কৃপানাথ মাল্লাৰ 96,550 টা ভোট লাভ

কৃপানাথ মাল্লাই 96,550 টা ভোট লাভেৰে অগ্ৰগতি লাভ কৰিছে 7 নং কৰিমগঞ্জ লোকসভা সমষ্টিত ৷ প্ৰাৰ্থীগৰাকীয়ে গেৰুৱা দল বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে লাভ কৰিছে 88,429 টা ভোট ৷ 8,121 টা ভোটৰ ব্যৱধানত মাল্লাৰ তুলনাত পিছ পৰি ৰৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷

1:10 PM, 4 Jun 2024 (IST)

ডিফুত অমৰছিং তিছ’ৰ অগ্ৰগতি

6 নং ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ লাভ কৰিছে 1,24,805 টা ভোট ৷ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰে লাভ কৰিছে 88,056 টা ভোট ৷ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰিছে 53,149 টা ভোট ৷ প্ৰায় 36,749 টা ভোটত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী ৷

12:40 PM, 4 Jun 2024 (IST)

গুৱাহাটীত ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়ত বিজুলী-মীৰাৰ যুঁজ

5 নং গুৱাহাটী লোকসভা সমষ্টিত নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰতকৈ 92,820 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি ৷ মেধিয়ে লাভ কৰিছে 3,00,797 টা ভোট ৷ গুৱাহাটী সমষ্টিটোত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট ৷ সমষ্টিটোৰ পৰা মীৰা বৰঠাকুৰে লাভ কৰিছে 2,07,977 টা ভোট ৷

12:18 PM, 4 Jun 2024 (IST)

মাধৱ ৰাজবংশীতকৈ 1,03,373 ভোটত আগবাঢ়ি আছে দিলীপ শইকীয়া

একেদৰে 4 নং দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই 2,89,807 ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী মাধৱ ৰাজবংশীতকৈ 1,03,373 টা ভোটত আগবাঢ়ি আছে ৷ মাধৱ ৰাজবংশীয়ে লাভ কৰিছে 1,86,434 টা ভোট ৷ বি পি এফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে লাভ কৰিছে 97,758 টা ভোট ৷

12:00 PM, 4 Jun 2024 (IST)

বৰপেটাত 63,785 ভোটৰ ব্যৱধানত পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়ন

3 নং বৰপেটা সমষ্টিত প্ৰায় 63,785 ভোটৰ ব্যৱধানত পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়ন ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 1,62,015 টা ভোট ৷ বিপৰীতে 2,25,800 টা ভোট লাভ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত লাভ কৰিছে অগ্ৰগতি ৷ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে বৰ্তমানলৈকে লাভ কৰিছে 35,877 ভোট ৷ সমষ্টিটোত ন’টা ভোটৰ সংখ্যা হৈছে 4676 টা ৷

11:53 AM, 4 Jun 2024 (IST)

ধুবুৰীত বদৰুদ্দিন আজমলক পিছ পেলাই ৰকিবুল হুছেইনৰ অগ্ৰগতি

2 নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ অগ্ৰগতি ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 3,14,538 টা ভোট ৷ ইয়াৰ লগে লগে প্ৰায় 2,03,251 টা ভোটৰ অগ্ৰগতিৰে পিছ পেলাইছে নিকটতম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফ প্ৰাৰ্থী বদৰুদ্দিন আজমলক ৷ আজমলে লাভ কৰিছে 1,11,287 টা ভোট ৷ আনহাতে, সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰিছে 91,997 টা ভোট ৷

11:43 AM, 4 Jun 2024 (IST)

15,020 ভোটৰ ব্যৱধানত কোকৰাঝাৰত জয়ন্ত বসুমতাৰীৰ অগ্ৰগতি

1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বৰ্তমানলৈকে লাভ কৰিছে 96,662 টা ভোট ৷ প্ৰাৰ্থীগৰাকীয়ে বৰ্তমান নিকটতম প্ৰতিদ্বন্দ্বী খাম্ফা বৰগয়াৰীতকৈ আগবাঢ়ি আছে 15,020 টা ভোটত ৷ বি পি এফৰ প্ৰাৰ্থী বৰগয়াৰীয়ে লাভ কৰিছে 81,642 টা ভোট ৷

11:11 AM, 4 Jun 2024 (IST)

অসমৰ 14 খন আসনৰ 9 খনতে অগ্ৰগতি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ

বৰ্তমানে চলি থকা লোকসভা নিৰ্বাচনৰ ভোটগণনাত অসমৰ 14 খন আসনৰ ভিতৰত 9 খনতে বিজেপি মিত্ৰজোঁটে লাভ কৰিছে অগ্ৰগতি ৷ বিপৰীতে কংগ্ৰেছে 8 খন আসন আৰু ইউ পি পি এলে এখন আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ পোৱা গৈছে ৷

10:27 AM, 4 Jun 2024 (IST)

গুৱাহাটী লোকসভা সমষ্টিত বিজেপি আৰু কোকৰাঝাৰত ইউ পি পি এল প্ৰাৰ্থীৰ অগ্ৰগতি

গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি 21,007 টা ভোটত আগবাঢ়ি আছে । আনহাতে, কোকৰাঝাৰত দ্বিতীয় ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,756 টা ভোট ৷ সমান্তৰালকৈ বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে 6,974 টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 872 টা ভোট লাভ কৰিছে ৷

10:14 AM, 4 Jun 2024 (IST)

নলবাৰীৰ আটাইকেইটা বিধানসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ অগ্ৰগতি

নলবাৰীত প্ৰথম ৰাউণ্ডৰ ফলাফল ঘোষণা ৷ নলবাৰী বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি ৷ চৌধুৰীয়ে লাভ কৰিছে 15027 টা ভোট ৷ সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে লাভ কৰিছে 5744 টা ভোট ৷ 2103 টা ভোটৰ ব্যৱধানত পিছপৰি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷ আনহাতে, চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লাভ কৰিছে 1869 টা ভোট ৷ জিলাখনৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত 4,046 টা ভোট, নৱগঠিত টিহু বিধানসভা সমষ্টিত 3,154 টা ভোটত অগ্ৰগতি লাভ কৰি আছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷ সামগ্ৰিকভাৱে 9,283 টা ভোটৰ ব্যৱধানত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে বিজেপিয়ে আগবাঢ়ি আছে ৷

9:55 AM, 4 Jun 2024 (IST)

শোণিতপুৰত 9 টা বিধানসভা সমষ্টিত অগ্ৰগতি বিজেপিৰ : শিলচৰত 24,066 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে পৰিমল শুক্লবৈদ্য

শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 11 টা বিধানসভা সমষ্টিৰ 9 টাতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ প্ৰাপ্ত হৈছে ৷ আনহাতে, প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত শিলচৰত 24,066 টা ভোটত বিজেপিৰ পৰিমল শুক্লবৈদ্য কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰতকৈ আগবাঢ়ি আছে । শুক্লবৈদ্যই লাভ কৰিছে 43,329 টা ভোট, বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 19,263 টা ভোট লাভ কৰিছে ৷

9:48 AM, 4 Jun 2024 (IST)

দৰং-ওদালগুৰিত 1,449 টা ভোটৰ ব্যৱধানত দিলীপ শইকীয়াৰ অগ্ৰগতি

দৰং-ওদালগুৰি লোকসভা সমষ্টিত সমাপ্ত হৈছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা ৷ দ্বিতীয় ৰাউণ্ডৰ পিছত সমষ্টিটোৰ ছিপাঝাৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰিছে 11,770 টা ভোট, কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে লাভ কৰে 3,472 টা ভোট ৷ মঙলদৈ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা 10,118 টা ভোটৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 14,723 টা ভোট ৷ দলগাঁৱত বিজেপি প্ৰাৰ্থীগৰাকীয়ে 1495 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে পাইছে 3,740 টা ভোট ৷ দ্বিতীয় ৰাউণ্ডৰ অন্তত সামগ্ৰিকভাৱে লোকসভা সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে 1,449 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷ সমষ্টিটোত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছিল 37,662 টা ভোট, কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছিল 29,051 টা আৰু বি পি এফ প্ৰাৰ্থীয়ে লাভ কৰিছিল 10,885 টা ভোট ৷

9:40 AM, 4 Jun 2024 (IST)

ধুবুৰীত দ্বিতীয় ৰাউণ্ডৰ ফলাফল : কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ অগ্ৰগতি

ধুবুৰীত দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে লাভ কৰিছে 3316 টা ভোট ৷ এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে 1108 টা ভোট লাভ কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 938 টা ভোট ৷

9:34 AM, 4 Jun 2024 (IST)

কাজিৰঙাত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ অগ্ৰগতি

কাজিৰঙা লোকসভা সমষ্টিৰ গোলাঘাট নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ ফলাফল ঘোষণা ৷ প্ৰথম ৰাউণ্ডৰ অন্তত কাজিৰঙাত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছে 12,094 টা ভোট, বিপৰীতে কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীয়ে লাভ কৰিছে 6,903 টা ভোট ৷

9:27 AM, 4 Jun 2024 (IST)

বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ 55 টা ভোটত অগ্ৰগতি

3 নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে লাভ কৰে 7465 টা ভোট ৷ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে লাভ কৰে 7410 টা ভোট ৷ প্ৰায় 55 টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷ সমষ্টিটোৰ পৰা চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লাভ কৰিছে 1681 টা ভোট ৷

9:20 AM, 4 Jun 2024 (IST)

কোকৰাঝাৰত অব্যাহত ভোটগণনা : তিতাবৰ-মৰিয়নীত গৌৰৱ গগৈৰ অগ্ৰগতি

কোকৰাঝাৰ(সংৰক্ষিত) লোকসভা সমষ্টিত অব্যাহত আছে ভোটগণনা ৷ 36 খন টেবুলত চলি থকা এই ভোটগণনাত পোষ্টেল বেলটৰ বাবে 14 খন টেবুলৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, তিতাবৰত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে 2,822 টা ভোট ৷ তদুপৰি কংগ্ৰেছ প্ৰাৰ্থীয়ে 5,709 টা ভোট লাভ কৰি 3,387 টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ আনহাতে, মৰিয়নীত প্ৰথম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰে 4312 টা ভোট, বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে 3700 টা ভোট ৷ সম্প্ৰতি 612 টা ভোটৰ ব্যৱধানৰে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰি আছে ৷

9:09 AM, 4 Jun 2024 (IST)

দুধনৈত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ অগ্ৰগতি

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুধনৈ বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5257 টা ভোট ৷ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে 513 টা ভোট লাভ কৰে ৷ আনহাতে, পশ্চিম গোৱালপাৰা সমষ্টিতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 5408 টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে পাইছে 1205 টা ভোট ৷

8:50 AM, 4 Jun 2024 (IST)

তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰে যোৰহাটত ভোটগণনা আৰম্ভ

যোৰহাটৰ 10 টা বিধানসভা সমষ্টিত 16,539 টা পোষ্টেল বেলটৰ গণনা আৰম্ভ ৷ ভোটগণনাক কেন্দ্ৰ কৰি জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা ৷ উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 17,18,272 গৰাকী আৰু ইয়াত হোৱা ভোটগ্ৰহণৰ হাৰ 79.98 শতাংশ ৷

8:43 AM, 4 Jun 2024 (IST)

শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ অগ্ৰগতি

শিলচৰতো আৰম্ভ হৈছে ভোটগণনা ৷ পোষ্টেল বেলট আৰু ই ভি এমৰ ভোটগণনা একেলগে আৰম্ভ হৈছে ৷ সমষ্টিটোত এতিয়ালৈকে বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ অগ্ৰগতি লাভ ৷

8:35 AM, 4 Jun 2024 (IST)

গোলাঘাট-শোণিতপুৰতো পোষ্টেল বেলটৰ ভোটগণনা আৰম্ভ

গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ত আৰম্ভ হ'ল 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া । আনহাতে, 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ 9 টা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 10 হাজাৰ পোষ্টেল বেলটৰ ভোটগণনা সম্প্ৰতি চলি আছে ।

8:32 AM, 4 Jun 2024 (IST)

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পোষ্টেল বেলটৰ ভোটগণনা আৰম্ভ

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কামৰূপ(ম) ৰ 5 টা বিধানসভা সমষ্টিৰ পোষ্টেল বেলটৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে । য’ত আছে 1,733 গৰাকী চৰকাৰী চাকৰিয়াল ভোটাৰৰ ভোট ৷ ইয়াত আছে 5 টা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাত হাজাৰৰো অধিক পোষ্টেল বেলট ।

8:26 AM, 4 Jun 2024 (IST)

শান্তিপূৰ্ণভাৱে অব্যাহত ভোটগণনা

ইতিমধ্যে ৰাজ্যত আৰম্ভ হোৱা ভোটগণনাত মুঠ 14 খন আসনৰ ভিতৰত দুখন আসনত বিজেপি প্ৰাৰ্থী আৰু এখনত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে ৷

Last Updated : Jun 4, 2024, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.