ETV Bharat / politics

লোকসভা নিৰ্বাচন ২০২৪ : ৰাজ্যৰ কোন কোন সমষ্টিত কিমান ভোটাৰ আছে ? - Lok Sabha Election

Lok Sabha Election in Assam : সমগ্ৰ দেশতে ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সেই অনুসৰি ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ যাৰ বাবে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ নিৰ্বাচনা বিষয়াসকলৰ ৷

লোকসভা নিৰ্বাচন ২০২৪ : ৰাজ্যৰ কোন কোন সমষ্টিত কিমান ভোটাৰ আছে ?

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:04 AM IST

নিউজ ডেস্ক, ১৯ মাৰ্চ : ইতিমধ্যে সকলোৰে জ্ঞাত যে, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ৷ অন্য ৰাজ্যৰ লেখিয়াকৈ অসমৰ ১৪ টা লোকসভা সমষ্টিত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন । সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব । ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে নিৰ্বাচনী বিষয়াসকলৰো ৷ জিলা আয়ুক্তসকলে ইতিমধ্যে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰিছে নিৰ্বাচন সম্বন্ধীয় সকলো তথ্য ৷

ৰঙিয়া :

ৰঙিয়াৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে এক সংবাদমেলৰ জৰিয়তে ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কীয় সময়সূচী প্ৰকাশ কৰে । তেওঁ কয় যে ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে ৩১ নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৩২ নং কমলপুৰ বিধানসভা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব ।

এই দুয়োটা বিধানসভা সমষ্টিত নিৰ্বাচনৰ জাননী জাৰি কৰা হ'ব ২৮ মার্চ তাৰিখে । সেইদৰে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৪ এপ্ৰিল । ৫ এপ্ৰিলত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ৮ এপ্ৰিলত আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ।

ৰঙিয়া বিধানসভা সমষ্টিত ২৫২ টা ভোট কেন্দ্ৰত ২,০৯,১০০ আৰু কমলপুৰ বিধানসভা সমষ্টিত ২২৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ১,৮১,৮৬৫ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব । জিলাখনৰ ভোটাৰসকলে যিকোনো সহায়ৰ বাবে ১৯৫০ নম্বৰত আৰু নিয়ন্ত্ৰণ কক্ষ ৮৮৭৬০-৮০৪১৯ নম্বৰত ফোন কৰিব পাৰিব ।

দৰং :

ইফালে দৰঙৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটেয়ে উল্লেখ কৰা অনুসৰি, জিলাখনত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ৬৯৭৯৫৮ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৩৫৩৬৮৩ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৩৪৪২৬০ গৰাকী ।

জিলাখনত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৫ গৰাকী । সেইদৰে জিলাখনত ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা ৬৯৪৪ আৰু ১০০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ হৈছে ১৮২ গৰাকী । ১৮-১৯ বছৰ বয়সৰ যুৱপ্ৰজন্মৰ ভোটাৰৰ সংখ্যা হৈছে ৭২৪১ গৰাকী ।

এই জিলাখনত মুঠ ৮৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ'ব । ইয়াৰ ভিতৰত ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২৮৪ টা, ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ ২৩৫ টা আৰু ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৩১৬ টা ।

জিলাখনত মুঠ ৩১ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব । ইতিমধ্যে ঘোষণা হোৱা নিৰ্বাচনৰ দিন অনুসৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে অহা ২৮ মাৰ্চত অধিসূচনা জাৰি হ'ব । সমষ্টিটোৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে অহা ৪ এপ্ৰিল । মনোনয়ন পৰীক্ষণৰ দিন হৈছে ৫ এপ্ৰিল আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল ।

যোৰহাট :

যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই উল্লেখ কৰা অনুসৰি, ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,১৮,২৭২ । ইয়াৰে ৮,৪৬,৭৫৪ পুৰুষ, ৮,৭১,৫১৬ মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ ২ গৰাকী । লগতে ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা ১৭,১৭৮, ১০০ বছৰৰ ওপৰৰ ভোটাৰ সংখ্যা ১১৫ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১২,২৬৫ । এইবাৰ যোৰহাট লোকসভা সমষ্টিত১৮-১৯ বছৰৰ ২৯,৪৬২ গৰাকী যুৱ ভোটাৰ অন্তৰ্ভুক্ত হৈছে ।

মাজুলী :

মাজুলী জিলা আয়ুক্ত ড৹ কাবেৰী বি. শৰ্মাই উল্লেখ কৰা অনুসৰি, জিলাখনত ১ লাখ ৪০ হাজাৰ ৬ শ ৪১ গৰাকী ভোটাৰ আছে । ইয়াৰে ৭‍১ হাজাৰ ৪ শ ৩১ জন পুৰুষ আৰু ৬৯ হাজাৰ ২ শ ১০ গৰাকী মহিলা ভোটাধিকাৰ । ইয়াৰে ৮৫ উদ্ধৰ ৬৫৯ গৰাকী আৰু ৫২৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ ৷ ৩১৪৮ গৰাকী যুৱ ভোটাৰে এইবাৰ মাজুলীত ভোটদান কৰিব । মাজুলীত মুঠ ১৭৬ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ডিফু :

কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে উল্লেখ কৰা অনুসৰি ডিফু লোকসভাৰ ৬ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৮ লাখ ৯৩ হাজাৰ ৫৮ গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪ লাখ ৫ হাজাৰ ৩৫৩, মহিলা ভোটাৰৰ সংখ্যা ৪ লাখ ৪৭ হাজাৰ ৬৮৬ ৷

কাৰ্বি আংলং জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ৫ লাখ ১২০ হাজাৰ । কাৰ্বি আংলং জিলাত নিৰ্বাচন পৰিচালনা কৰাৰ বাব ২২১২ গৰাকী পুৰুষ আৰু ১৪২ গৰাকী মহিলা বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে ।

ডিফু বিধানসভা সমষ্টিত ১২ টা আৰু হাওৰাঘাট বিধানসভা সমষ্টিত ৮ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া-কর্মচাৰীয়ে পৰিচালনা কৰিব । জিলাখনৰ নিৰ্বাচন হিংসামুক্ত আৰু শান্তিপূর্ণভাৱে পৰিচালনা কৰাৰ বাবে মুঠ ২১৪৪ গৰাকী আৰক্ষী নিয়োগ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

বিশ্বনাথ :

ৰাজ্যৰ বাকী জিলাসমূহৰ লেখিয়াকৈ বিশ্বনাথ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে উল্লেখ কৰা মতে, বিশ্বনাথ বিধানসভা সমষ্টিত ২১৮ টা ভোট কেন্দ্ৰত ১,৮৬,২৪৫ গৰাকী আৰু বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ১৭৬ টা ভোট কেন্দ্ৰত ১,৫৪,০৩৭ গৰাকী ভোটদান কৰিব ।

বৰপেটা :

বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনীন্দ্ৰ দাসৰ লগতে নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই সদৰী কৰা অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৯৪৯৮৭৩ । এই লোকসভা সমষ্টিৰ মুঠ ২৪৫০ টা পোলিং ষ্টেচন আৰু ১০ টা মডেল ষ্টেচন থাকিব । আনহাতে ৪ টা মহিলাৰ দ্বাৰা পৰিচালিত পোলিং ষ্টেচন থাকিব বুলিও উল্লেখ কৰে বৰপেটা জিলা আয়ুক্তগৰাীকীয়ে ৷

ডিমা হাছাও :

ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে উল্লেখ কৰা অনুসৰি, ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৫৫ হাজাৰ ২৫৯ ৷ ইয়াৰে পুৰুষ ভোটাৰ ৭৭ হাজাৰ ৩২৭ আৰু মহিলা ভোটাৰ ৭৭ হাজাৰ ৩৯২ । ডিমা হাছাও জিলাত ৮৫ বছৰ আৰু ইয়াৰ উৰ্দ্ধৰ ভোটাৰ ৭২০ গৰাকী, শাৰীৰিকভাৱে সক্ষম ভোটাৰৰ ৯০৫, ১৮ পৰা ১৯ বছৰৰ নতুন ভোটাৰ ৩৪৭৮ ।

ধেমাজি :

ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে উল্লেখ কৰা অনুসৰি, ৭৮ নং ধেমাজি সমষ্টিত ১৯২ টা ভোটকেন্দ্ৰ আৰু ৭৯ নং চিচিবৰগাঁও সমষ্টিত ২০১ টাসহ মুঠ ৩৯৩ টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ কৰা হ’ব ৷ ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ সৰ্বমুঠ মুঠ ভোটাৰ ৩,৪৮,৭৮৭ ৷

লখিমপুৰ :

লখিমপুৰ জিলা আয়ুক্তই উল্লেখ কৰা অনুসৰি, ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ লখিমপুৰ বিধানসভা সমষ্টি হ’ল সদৰ সমষ্টি । সেয়ে লখিমপুৰ জিলাৰ গুৰুত্ব এই ক্ষেত্ৰত সৰ্বাধিক । জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে সদৰী কৰা অনুসৰি, লখিমপুৰ সংসদীয় সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১৫,৬৯,৫৩১।

ইয়াৰে পুৰুষ ভোটাৰ ৭,৮১,৭৯৪ আৰু মহিলা ভোটাৰ ৭,৮৪,৪৩২ । সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ হ’ব ১৭৭৫ টা । আনহাতে লখিমপুৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰ হ’ল ৬,৬৭,৩৭২ । ইয়াৰে পুৰুষ ৩,৩৩,১৩৬, মহিলা ৩,৩৪,২৩১ আৰু তৃতীয় লিংগৰ ভোটাৰ ৫ ।

জিলাখনৰ ৫ টা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ৭৩৯ টা । তাৰে আদৰ্শ ভোটকেন্দ্ৰ ৬ টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ ২৬ টা । এইবাৰ যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিশেষ যুৱ ভোটকেন্দ্ৰ ১০ টা স্থাপন কৰাৰো প্ৰস্তুতি কৰি আছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.